জীবিত অৱস্থাত আজলম কাচাবক গ্ৰেপ্তাৰ নকৰাহেঁতেন…

1212
  • ৰাজকুমাৰ ডেকা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


২৬ নৱেম্বৰ ২০০৮  চনত মুম্বাইত ইছলামিক সন্ত্ৰাসবাদী আক্ৰমণৰ ১২ বছৰ সম্পূৰ্ণ হ’ল৷ মুম্বাই চহৰৰ বিভিন্ন স্থানত ১৭৪ জনকৈ নীৰিহক নিমিষতে হত্যা কৰা হৈছিল । ১৮ জনকৈ বীৰ সুপুত্ৰ শ্বহীদ হ’ল । প্ৰায় তিনিশতকৈও  অধিক পুৰুষ , মহিলা , শিশু আহত হ’ল৷ মুম্বাইত চলা আক্ৰমণ আন সন্ত্ৰাসবাদী আক্ৰমণতকৈ কিয় পৃথক ?
১০ জন  ইছলামিক সন্ত্ৰাসবাদীৰ সকলোৰে  হাতত হিন্দু ব্যক্তিয়ে  ব্যৱহাৰ কৰা হালধীয়া ৰঙৰ ধাগা আছিল ৷
 গোটেই কেইজন  ইছলামিক সন্ত্ৰাসবাদীৰেই পিন্ধন-উৰন আৰু বেশভূষা মুছলমানৰ দৰে নাছিল৷ সকলোৰে দাড়িবোৰ কটা আছিল । হিন্দুৰ দ্বাৰা সংঘটিত ঘটনা বুলি বিশ্বক প্ৰতিষ্ঠা কৰাৰ কৌশলক আওল লগালে একামাত্ৰ এজন বীৰ আৰক্ষীয়ে ।
গুলী খোৱাৰ পিছতো আৰক্ষী টুকাৰামে আজমল কাছবক জীৱিত ৰূপত কৰায়ত্ত যদি নকৰিলেহেঁতেন তেন্তে এই আক্ৰমণক হিন্দু সন্ত্ৰাসবাদীৰ দ্বাৰা কৰা  আক্ৰমণ বুলি সেই সময়ত প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লগা বিভিন্ন নেতাৰ কাৰণে অতি সহজ আছিল ।
সন্ত্ৰাসবাদী কেইটাই হিন্দুৰ বেশভূষাৰে হিন্দুৰ নামত নিজৰ ID পৰ্যন্ত বনাই সুপৰিকল্পিত ভাৱে আক্ৰমণ চলাইছিল ।
 কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙে  এই আক্ৰমণক হিন্দু আতংকবাদী আৰু আৰ এছ এছ ৰ ষড়যন্ত্ৰ বুলি ঘোষণা কৰি এক গ্ৰন্থও উন্মোচন কৰি পেলাইছিল৷ গ্ৰন্থখন লেখিছিল আজিজ বুৰ্ণি নামৰ এজন সাংবাদিকে  আৰু উন্মোচনৰ সময়ত দিগ্বিজয় সিঙৰ লগত আছিল জমিয়ত নেতা মেহমুদ মাদানি , মহেশ ভট । গ্ৰন্থখনত উল্লেখ আছে যে এই আক্ৰমণত ভাৰতীয় সেনা জড়িত হৈ আছে । এনেকুৱা দেশদ্ৰোহী কিতাপৰ প্ৰচলনত ৰাজনেতা , ধাৰ্মিক নেতা আৰু বলিউদৰ প্ৰযোজকৰ উপস্থিতি আছিল লক্ষণীয় । কংগ্ৰেছ নেতা দিগ্বিজয় সিঙৰ ভাষ্যত বাৰে আৰ এছ এছক বদনাম দিয়াৰ কাৰচাজি নতুন নহয় । সমান্তাৰলকৈ কৰ্ণেল পুৰোহিত , প্ৰজ্ঞা সিং আদি ব্যক্তিক বছৰ বছৰ পিছত বছৰ ধৰি ইউপিএ চৰকাৰে  হিন্দু সন্ত্ৰাসবাদী নাম দি জেলত ভৰাই থৈছিল । ইয়াৰ আগতে বীৰ সাৱৰকৰকো নেহেৰু চৰকাৰে গান্ধী হত্যাৰ লগত জড়িত কৰি এবছৰ জেলত ৰাখিছিল যদিও ন্যায়ালয়ৰ হস্তক্ষেপত মুক্তি পাইছিল । বীৰ আৰক্ষী টুকাৰামে জীবিত অৱস্থাত আজলম কাচাবক গ্ৰেপ্তাৰ নকৰাহেঁতেন মুম্বাই আক্ৰমণত দেশৰ সুৰক্ষাৰ লগত জড়িত বিভিন্ন বাহিনীৰ ব্যক্তি সেইসময়ত চিকাৰ হ’লহেঁতেন । শ্বহীদ টুকাৰামে নিজে জীৱন দি দেশ আৰু দেশৰ সুৰক্ষা বাহিনীক অপযশৰ পৰা ৰক্ষা কৰি গ’ল ।