পবিত্ৰ মাৰ্ঘেৰিটা হৈছে মুখ্যমন্ত্ৰীৰ ট্ৰাম কাৰ্ড

1097
  • নৰেন কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


মাৰ্ঘেৰিটা মাৰ্ঘেৰিটা , উপাধিতো দেখিলেই বুজা যায় যে ব্যক্তিজনৰ লগত মাৰ্ঘেৰিটা চহৰৰ সম্পৰ্ক আছে । পবিত্ৰ মাৰ্ঘেৰিটাৰ পিতৃগৃহ আছিল নাজিৰাৰ ওচৰত । পিতৃৰ পোৱা উপাধি সুত্ৰে তেখেত গগৈ যদিও মাৰ্ঘেৰিটা চহৰত স্কুলীয় শিক্ষা লৈ যৌবন অতিক্ৰম কৰা  যুব পবিত্ৰই চহৰৰ খনৰ মোহত নিজৰ নামত মাৰ্ঘেৰিটা সংযোগ কৰিলে । হাইস্কুল শিক্ষান্ত পাচ কৰি যোৰহাটৰ জেবি কলেজত নামভৰ্তী কৰায় । যোৰাহাটৰ শিক্ষা শেষ কৰি গুৱাহাটীৰ আমবাৰী টেক্সটাইল কলেজত জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰে । টেক্সটাইল পাচ কৰি মুম্বাইত কিছু বছৰ থকাৰ পিছত ঘুৰি  আহে গুৱাহাটীলৈ । গুৱাহাটীত জুবিন গাৰ্গৰ লগত লগ হৈ আৰম্ভ কৰে নব্বৈ দশকৰ জনপ্ৰিয় আলোচনী ‘মায়া ‘ । মায়াৰ জনপ্ৰিয়তাই সমান্তৰাল ভাবে পবিত্ৰ মাৰ্ঘেৰিটাকো জনপ্ৰিয় কৰি তিলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতিখন অসমীয়াভাষী পৰিয়ালত ।  ২০১৪ চনত নৰেন্দ্ৰ মোদীৰ বতাহে বিৰোধীক তচনচ কৰি দিল্লী দখল কৰি ইতিহাস ৰচনা কৰাৰ পিছত যতীন বৰা আৰু কৃষ্ণমনি চুতীয়াৰ সৈতে পবিত্ৰ মাৰ্ঘেৰিটাই বিজেপিত যোগদান কৰে । বিজেপিত যোগদানৰ দহ বছৰ হোৱাই নাছিল কিন্তু তেওঁ লাভ কৰিলে ৰাজ্যসভাৰ টিকট । ইয়াৰ ৰহস্য কি ? তৰুণ গগৈৰ পিছত অসমত আহোম সম্প্ৰদায়ৰ শক্তিশালী নেতা নাই ।ইফালে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত উজনি-নামনিৰ বিশেষ আলোচনাও হৈছে । অসমৰ ইতিহাসত চুকাফা বন্দনা যিদৰে হয় সেই একে সুৰত আন ৰজাবোৰক বুৰঞ্জীত লিপিবদ্ধ কৰা হোৱা নাই , ফলত সাধাৰণ অসমীয়াই ভাবে যে ৰজাজন উজনিৰ হোৱাটোৱেই নিয়ম । কিন্তু কোঁচ ৰজা নৰনাৰায়ন, চিলাৰায় , কুমাৰ ভাস্কৰবৰ্মাৰ বিষয়ে অসমীয়া সৰ্ব সাধাৰণে নাজানে যে তেওঁৰ ৰাজ্য কোচবিহাৰ ,এতিয়াৰ বাংলাদেশ পৰ্য্যন্ত বিয়পি আছিল । হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে প্ৰচলিত ভুল নেৰেতিভ সলনি কৰাটো সম্ভৱ কিন্তু তাৰ বাবে দীঘল সময়ৰ প্ৰয়োজন । সেই সময়খিনিলৈ যোৱাৰ পথ হৈছে পবিত্ৰ মাৰ্ঘেৰিটা । মিডিয়া বা মেল- মিটিংত ভাল ভাষণ দিব পৰা পবিত্ৰ মাৰ্ঘেৰিটা হৈছে মুখ্যমন্ত্ৰীৰ টাৰ্ম কাৰ্ড । কেব আন্দোলনৰ সময়তেই পবিত্ৰ মাৰ্ঘেৰিটাই নিজৰ দক্ষতা দেখুৱাইছে আৰু তাৰ ফলতেই পবিত্ৰ সংসদলৈ পবিত্ৰ মাৰ্ঘেৰিটা নিৰ্বাচিত হৈছে ।