মনোজ বৰুৱা আহি আছে

1821

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


বিধানসভা সমষ্টি হিচাপে ভবানীপুৰৰ এক সুকীয়া গুৰুত্ব আছে। অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্ম ইয়াতেই। ১৯৬২ চনত গঠিত হোৱা এই সমষ্টিত প্ৰথম দুটা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হৈছিল। ১৯৮৫ আৰু ১৯৯৬ চনত অগপৰ সুৰেন্দ্ৰ  নাথ মেধি ইয়াৰ পৰা বিধায়ক নিৰ্বাচিত হৈ দিছপুৰ পায়।২০০৬ চনটো অগপৰ প্ৰাৰ্থী মনোৰঞ্জন দাস নিৰ্বাচিত হৈছিল। যোৱা দুয়োটা নিৰ্বাচন ২০১১ আৰু ২০১৬ত ইয়াৰ পৰা নিৰ্বাচিত হয় এ.আই.ইউ.দি.এফৰ বিধায়ক আব্দুল কালাম আজাদ। দুয়োবাৰ দ্বিতীয় স্থানত থাকে নিৰ্দলীয় ফণী তালুকদাৰ। ২০১৬ চনত বিজেপিয়ে ইয়াৰ পৰা টিকট দিছিল অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্ৰাক্তন অধ্যক্ষ মনোজ বৰুৱাক। ফণী তালুকদাৰ আৰু মনোজ বৰুৱাৰ ভোট বিভাজনৰ ফলত জয়ী হয় আজাদ। আব্দুল কালাম আজাদে লাভ কৰে ২৮, ৩৮৩ টা ভোট। তালুকদাৰ আৰু বৰুৱাই লাভ কৰে ক্ৰমে ২৫,৯৪৪ আৰু ২২,৩৮০ টা ভোট। নিৰ্দলীয় মিলন বড়োয়ে লাভ কৰা ভোট আছিল ১৪,৫০০ টা। কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজীব দাসে লাভ কৰিছিল মাত্র ৬২০০ টা ভোট।
২০২১ নিৰ্বাচনৰ বাবে ইতিমধ্যে নেতা সকলে ককালত টঙালি বান্ধিছে। ফণী তালুকদাৰে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি খবৰ ওলাোইছে। তেনে ক্ষেত্রত মনোজ বৰুৱাৰ ৰাস্তা এইবাৰ মসৃন হ’ব বুলি ৰাইজে ধাৰণা কৰিছে। ৰাজনীতি অসমৰ অ’পিনিয়ন প’লত ইতিমধ্যে এই কথা স্পষ্ট হৈছে। ৫৪.৫% ৰাইজৰ মতে ভবানীপুৰত এইবাৰ বিজেপি জয়ী হ’ব। ২২.৭% শতাংশ লোকৰ মতে কংগ্ৰেছ আৰু আন ২২.৭% লোকৰ মতে অন্য অৰ্থাত এ.আই.ইউ.দি.এফ জয়ী হ’ব। বিজেপিৰ পৰা মনোজ বৰুৱাই পুনৰ টিকট পোৱাৰ সম্ভাবনা প্ৰবল। মনোজ বৰুৱা আৰু জয়ৰ মাজত প্ৰধান অন্তৰায় ফণী তালুকদাৰ। সেয়েহে কব পাৰি ভবানীপুৰৰ অাছল খেলখন হ’ব নিৰ্বাচনৰ আগত, নিৰ্বাচনৰ সময়ত নহয়।