নতুন বছৰত মহন্ত বনাম বৰুৱা

1536

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম (www.rajnitiaxom.com)


নতুন বছৰ আহিল। এটা দশকৰ সমাপ্তি ঘটিল। ২০১. ৰ সলনি আগন্তুক দহবছৰ আমি লিখিম ২০২. সেইবাবে এইবাৰৰ নতুন বছৰ বেছি স্পেচিয়েল। সকলোৱে নতুন বছৰৰ বাবে লৈছে সংকল্প। অসমৰ নেতাসকলে নতুন বছৰৰ বিষয়ে কি ক’লে জানো আহকঃ
সুদৰ্শন সোণোৱালঃ
মই আপোনালোকৰ মাজৰে এজন। আপোনালোকে নতুন বছৰ যেনেদৰে পালন কৰিব ; ময়ো কৰিম। মোক নতুন বছৰৰ ফাঞ্চন বোৰলৈ মাতিব। যদি নতুন বছৰত শুভেচ্ছা দিবলৈ যাবয়ে নোৱাৰো মই কিহৰ মুখ্যমন্ত্রী হ’লো? কৃঞ্চ!
বিমন্ত বিশ্ব শৰ্মাঃ
স্বাধীন বৰুৱাৰ কথাখিনি শুনি চকুপানি ৰখাব নোৱাৰিলো। উৎফুল্ল আৰু ৰামকৃঞ্চৰ বেণ্ড বজাই দিলে। হঠাৎ মালটো ক’ৰ পৰা তপকিল ধৰিবই নোৱাৰিলো। যিকি নহওক নতুন বছৰত তেখেতক শুভেচ্ছা জনালো। নতুন বছৰত  সকলোকে শুভেচ্ছা দিম কিন্তু চাচা- মামা সকলক নিদিও।
স্বাধীন বৰুৱাঃ
নতুন বছৰত মোক কিছুমান পুৰণি প্ৰশ্নৰ উত্তৰ লাগে।মই জানো পুৰুষ জাতিটো নিস্পেশিত আৰু নিপীড়িত।  কোন কোন মুখ্যমন্ত্রী থাকোতে চৰকাৰখন তেওঁলোকৰ ঘৈনিয়েক সকলে চলাইছিল। গুপ্তহত্যাৰ বাদলা মই এতিয়াও লবলৈ বাকী আছে। Who was running paticot, saree and blouse government in Assam?
কফুল্ল মহন্তঃ
নতুন বছৰত মই উশৃংখল মানুহৰো প্ৰশ্নৰ উত্তৰ দিম। আখৰা চলি আছে। ২০০১ৰ পৰা মোক কেবল কৈ আছে মই ভৰিত ধৰি সেৱা কৰিব লাগে। তেওঁ নাজানে নেকি মই কেবল এজন মানুহৰ ভৰিত ধৰো। এজনক বাৰু যেনে তেনে মেনেজ কৰিলো হেতেন , বৰুৱাৰো গুপ্ত হত্যাৰ কথালৈ এতিয়াহে মনত পৰিব পালেনে।
কৰুণ গগৈঃ
অসমৰ স্বাস্হ্যমন্ত্রীয়ে যেতিয়া আইন শৃংখলা লৈ সংবাদ মেলত উত্তৰ দিয়ে আমাৰটো উপায় নাই। আমিও বেলেগ প্ৰফেচন বিচাৰিব লাগিব। কলা কোট ইতিমধ্যে পিন্ধিবলৈ আৰম্ভ কৰিছো। ভাবিছো নতুন বছৰত হমিঅ’ চিকিৎসাও আৰম্ভ কৰো নেকি?
উজ্জ্বল ভট্টাচাৰ্য্যঃ
২০২০ চনত ১৯৭১ চনে সম্পূৰ্ণ কৰিব ৪৯ বছৰ। অহাবছৰ আমাৰ সোণালী জয়ন্তী আছে। এতিয়াৰ পৰাই আমি প্ৰস্তুতি চলাব লাগিব। কা আমি নেমানো নেমানো নেমানো নেমানো নেমানো, নিৰ্বাচন, মন্ত্রী।
অখিল গগৈঃ
মোক জেলত থৈ সকলোৱে নতুন বছৰ উপভোগ কৰি আছে! উজ্জ্বলৰো মোলৈ মনত নপৰিল। অবশ্যে বিমন্ত বিশ্বই চুইগীত বিৰিয়ানী অৰ্ডাৰ দিছিল। মই কিন্তু নাখালো। চাইদ দিছ নাথাকিলে সুধা বিৰিয়ানী খাব পাৰি নেকি?
ৰত্নাকৰ বৰাঃ

বহুতে মোৰ মুখখনকলৈ গালি দিছে। মোৰ মুখখনক কিহৰ লগত যে তুলনা কৰা নাই। মই কিন্তু খাতিৰ নকৰো। নিজৰ পৰিয়ালক খুৱাব লাগিব। আজিৰ সমাজত বাল্মীকিবোৰতকৈ ৰত্নাকৰেহে  ওপৰত স্থান পায়। শুভ নববৰ্ষ।

কুবীন গাৰ্গঃ
নতুন বছৰত মই মুখ্যমন্ত্রী হ’ম। ৰাতি ৰাতি বিধানসভা বহিব। স্কুল , কলেজ , অফিচ , কাচাৰী সকলো ৰাতি হ’ব।  দিনত আমি সকলো শুম। চুৰি হোৱাৰো ভয় নাই, ট্ৰেফিক জামো নাই..সকলো বিন্দাছ। মোৰ লগত একেলগে ক’ব … ‘ফা’।