দেউতাৰ স্কুটাৰ জ্বলি থাকোতে..

1452

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম (www.rajnitiaxom.com)


বন্ধ ঘোষণা কৰিছে । জাতিদ্ৰোহী বিধেয়কৰ বিৰুদ্ধে । আহ ঐ আহ , ওলায় আহ ; নেমানো , নেমানো নেমানো । ৰঘুপতি খুড়া , ৰিটায়াৰ্ড হেডমাষ্টৰ । মাষ্টৰ হোৱাৰ আগত কিছু বছৰ আৰ্মীৰ মেডিকেল বিভাগত চাকৰি কৰিছিল । দেউতাকৰ মৃত্যুৰ পিছত ঘৰৰ ল’ৰা ঘৰলৈ ঘুৰি আহিছিল । তথাপি খুড়াৰ আৰ্মী আৰ্মী ভাৱ ভংগী এটা থাকি গ’ল ।   ভেঞ্চাৰ থানাৰ অ’চি বুলি জনাজাত খুড়া । বিনোদ খুড়াৰ সৰু ল’ৰা ।  জাতিধ্বংসী বিধেয়কৰ বিৰোধত ৰাতিপুৱাই ওলায় গৈছে । জি এছ ৰোডৰ ৰাজপথত বিনোদৰ বিজয় অভিযানত চামিল হ’ল ছাত্ৰ দলৰ আন আন সদস্য ।  ৰাতিপুৱা ছয় বজাতেই আৰম্ভ হ’ল বন্ধৰ প্ৰথম কাৰ্যসূচী । আগদিনা বজাৰৰ পৰা আনি থোৱা পচা ৰঙা লাউ কেইটা আৰু আলুখিনি ইতিমধ্যে ৰাস্তালৈ অনা হৈছে । বিনোদৰ বন্ধু ইমৰাণক দায়িত্ব দিয়া হৈছিল গেৰেজত বছৰ ধৰি পৰি থকা এখন পুৰণি স্কুটাৰ আনিবলৈ । বাজেট হাজাৰ টকা ।  পুৱা ছয় বজাতেই স্কুটাৰ আহি তিনিআলি চ’ক পাইছে । সাংবাদিকক মতা হৈছে সাত বজাত । একেবাৰে সময়তেই আহিব , আগদিনাখন টি পাৰ্টীত সময় কৈ দিয়া হৈছে ।  সাংবাদিক অহাৰ আগতেই প্ৰায় ৰঙা লাউ খিনি মাটিত দলিয়াই দলিয়াই ভাঙি দিয়া হ’ল , আলুখিনিৰ ওপৰেৰে বাইক চলায় দিলে বিনোদে । মুঠৰ ওপৰত বন্ধৰ ইম্প্ৰেচন বিধ্বংসী হ’ব লাগিব । ইমৰাণে স্কুটাৰৰ জকাটো কেৰাচিন ঢালি জ্বলায় দিলে । স্কুটাৰ প্ৰায় আধাতকৈ বেছি জ্বলি থাকোতে সাংবাদিক আহি বন্ধৰ লাইভ কৰিলে । টিভিত সৰ্বাত্মক বন্ধৰ বাতৰি প্ৰচাৰ হ’ল , বন্ধৰ নামত হিংসাত্মক ঘটনাৰ সুত্ৰপাত কৰিলে একাংশ বন্ধ সমৰ্থকে । লগে লগে বন্ধ সফল আৰু বিনোদ একেদিনাই নেতা হৈ গ’ল । আগন্তুক কাৰ্যনিৰ্বাহকত কেন্দ্ৰীয় সমিতিত স্থান প্ৰায় নিশ্চিত । বন্ধ সফল কৰি ৰাতি সকলো ঘৰা ঘৰি হ’ল । বিৰদৰ্পে বিনোদ ঘৰ পালে । ঘৰৰ সন্মুখত বহুত মানুহৰ সমাগম হৈছে ।
কি হ’ল ? ____
দেউতাকৰ প্ৰেচাৰ উঠিছে । ডাক্তৰ বিচাৰি পোৱা নাই । মাক আৰু ওচৰ চুবুৰিয়াই মুৰত পানী ঢালি আছে ।
দেউতাৰ কি হ’ল ? বিনোদে এজনক সুধিলে ।
” দেউতাৰৰ প্ৰেচাৰ উঠিছে ; তহঁতৰ দেউতাৰৰ পুৰণি স্কুটাৰ খন যে আছিল , সেই আৰ্মিত চাকৰি থকা সময়ৰ ; সেইখন আজি কোনোবাই চোৰ কৰিলে । “
বিনোদৰ মুখৰ মাত নাই । মবাইলটো উলিয়াই ৰাতিপুৱাৰ ভিডিঅ’খিনি চাই চিঞৰিলে ___
‘ হামাৰা বাজাজ’