নতুন মন্ত্রী তাছা আৰু…

3486

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


২০১৯ লোকসভা নিৰ্বাচনত অসম মন্ত্রীসভাৰ তিনিজন সদস্যই প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে। ইয়াৰ ভিতৰত পল্লৱলোচব দাস আৰু তপন গগৈৰ দিল্লী যাত্রা প্ৰায় নিশ্চিত। বিপিএফ নেত্রী প্ৰমিলাৰাণী ব্ৰহ্ম পৰাজয় হোৱাৰ সম্ভাবনাই অধিক। কেনেবাকৈ যদি শ্ৰীমতী ব্ৰহ্ম জয়ী হ’য় তেন্তে অসম মন্ত্রীসভা মহিলা শুন্য হৈ পৰিব। তেনে ক্ষেত্রত ভাগ্য উদয় হ’ব পাৰে সুমন হৰিপ্ৰিয়া, আঙুৰলতা ডেকা বা কমলী বসুমতাৰীৰ।
পল্লৱলোচন আৰু তপন গগৈৰ দিল্লী গমনৰ পিছত অসম মন্ত্রী সভাত খালি হ’ব লগা দুখন আসনে স্বাভাবিকতে সু্যোগ আনি দিব এজন চাহ জনগোষ্ঠী আৰু আন এজন আহোম সম্প্ৰদায়ৰ নেতাৰ। বৰ্তমান মন্ত্রীসভাত চাহ জনগোষ্ঠী আৰু আহোম সম্প্ৰদায়ৰ মাত্র এজনকৈ সদস্য আছে। এই দুটা সম্প্ৰদায়ক আওকাণ কৰিব নোৱাৰিব বিজেপিয়ে। চাহ জনগোষ্ঠীৰ বিজেপি বিধায়ক সকলোকেইজন প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱা। আনহাতে লোকসভা টিকটৰ পৰা বঞ্চিত প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছা অভিজ্ঞতাপুস্ত। আমি পোৱা খবৰ অনুসৰি তাছাক মন্ত্রীসভাত স্হান দিয়াৰ প্ৰতিশ্ৰুতি দি লোকসভা নিৰ্বাচনত সহযোগ কৰাৰ  বাবে অনুৰোধ জনোৱা হৈছিল। লোকসভা নিৰ্বাচনৰ পিছত খালি হ’বলগীয়া ৰঙাপাৰা বা সোনাৰী সমষ্টিৰ পৰা টিকট দি তাছাক বিধানসভালৈ পঠিওৱাৰ ব্যবস্হা কৰা হ’ব। সম্প্ৰসাৰিত সোণোৱাল মন্ত্রীসভাৰ কেবিনেটত স্হান পোৱাৰ পূৰ্ণ সম্ভাবনা আছে তাছাৰ।
আহোম সম্প্ৰদায়ৰ সমীকৰণটো ইমান সহজ হৈ থকা নাই। তেওঁলোকৰ মাজত কুশল দুৱৰী দ্বিতীয়বাৰৰ বিধায়ক। তেওঁক মন্ত্রীসভাত স্হান দিয়া হ’ব বাৰে। আন এজন আহোম বিধায়ক চক্ৰ গগৈৰ কথা বিবেচনালৈ অহা নাই। বিজেপিৰ আন এটা চক্ৰই ৰাজেন গোহাঁইক অসমৰ কেবিনেট মন্ত্রীৰ বাব দিয়াৰ পোষকতা কৰিছে। ৰুপক শৰ্মা জয়ী হ’লে নগাঁৱ সদৰ বিধানসভাৰ পৰা বিজয়ী হৈ অহাৰ সুযোগ পাব গোহাঁইয়ে। কিন্তু এই ক্ষেত্রত গোহাঁই বা সোণোৱালে কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আমি সেই বিষয়ে অজ্ঞাত। কিন্তু এটা কথা ঠিক যে ৰাজেন গোহাঁইক অবজ্ঞা কৰাটো বিজেপি দলৰ বাবে সহজ নহয়।
বিজেপি সভাপতি ৰঞ্জিত দাসৰ নামো মন্ত্রীত্বৰ বাবে বিবেচিত হৈছে। ৰমেন ডেকাক বিজেপিৰ সভাপতিৰ দায়িত্ব দিয়াৰ কথা ওলাইছে। মন্ত্রীত্বৰ আন কেইজনমান দাবীদাৰ হ’ল দিছপুৰৰ অতুল পৰা, প্ৰশান্ত ফুকন, পদ্ম হাজৰিকা আৰু ৰনোজ পেগু। কিন্তু সৰ্বাধিক তিনিটা স্হান খালি হ’ব লগীয়া মন্ত্রীসভাখনত সকলোকে স্হান দিয়া সম্ভব নহ’ব। বৰ্তমানলৈ মন্ত্রীত্বৰ দৌৰত আগবাঢ়ি আছে তাছা, কুশল দুৱৰী আৰু ৰঞ্জিত দাস। মন্ত্রীসভা সম্প্ৰসাৰণৰ পিছত দলৰ কিছুমান বিধায়কৰ মাজত হ’ব লগা অসন্ত্তষ্টি সোণোৱালে কেনেকৈ দূৰ কৰে সেয়া লক্ষণীয় হ’ব।