অমিতাভৰ পৰা উৰ্মিলালৈ:চিনেমাৰ পৰা ৰাজনীতি

1948
  • বুবুল ঠাকুৰীয়া

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


দেশৰ আকাশ-বতাহ বৰ্তমান ৰাজনীতিৰ খবৰে গৰম কৰি ৰাখিছে।লোকসভা নিৰ্বাচনৰ প্ৰক্রিয়া অদ্যপি শেষ হোৱা নাই।ফলাফল ওলাব ২৩ মে’ত।তেতিয়ালৈকে অপেক্ষা কৰাৰ লগতে আহকচোন আজি বলিউডৰ তাৰকা,মহা তাৰকা আৰু ৰাজনীতিৰ কি মধুৰ সম্পৰ্ক সেই বিষয়ে অলপ অৱগত হওঁ।চিনেমা আৰু ৰাজনীতিৰ মাজত এক সাদৃশ্য আমাৰ চকুত ভাঁহি উঠে সেইটো হ’ল সম্পূৰ্ণকৈ নহ’লেও দুয়োটাই মিছা!ভাৰতীয় ৰাজনীতিত বলিউডৰ প্ৰভাৱ অপৰিসীম,ওলোটাকৈ যদি চাব যোৱা যায় তেন্তে দেখা পাওঁ বলিউডতো ৰাজনীতিৰ প্ৰভাৱ সদা বিৰাজমান।আহক তেনে কেইজনমান বলিউড অভিনেতাৰ ৰাজনৈতিক পৰিক্ৰমাৰ বিষয়ে কিছু অবলোকন কৰোঁ।

#অমিতাভ বচ্চন:মহাতাৰকা বুলি ক’লে ভুল কোৱা নহ’ব তেওঁক।কি চৰিত্ৰত অভিনয় কৰা নাই ‘শ্বোলে’ৰ পৰা ‘বদলা’লৈ,অমিতাভ বচ্চনৰ অভিনয় প্ৰতিভাত সমগ্ৰ দেশবাসী উৎফুল্লিত।প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আপোন বন্ধুত্বৰ চিনস্বৰূপে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ১৯৮৪ চনত এলাহাবাদ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি  এইছ এন বহুগুনাক পৰাভূত কৰি সাংসদ হিচাপে নিৰ্বাচিত হয়।তাৰে তিনি বছৰ পিছত কেতিয়াও ৰাজনীতিৰ পথাৰত খোজ নিদিয়াৰ সংকল্প লৈ ৰাজনীতি ত্যাগ কৰে আৰু বৰ্তমানলৈ চিনেমাত অভিনয় কৰি গৈ আছে।
#গোবিন্দ:হিৰো নং ওৱান,কুলী নং ওৱান ইত্যাদি চলচিত্ৰৰে দৰ্শকৰ মাজত সমাদৰ পোৱা গোবিন্দই ২০০৪ চনত কংগ্ৰেছত যোগদান কৰে আৰু মুম্বাই নৰ্থ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত টিকট পাই বি জে পিৰ ৰাম নাইকৰ দৰে নেতাক পৰাভূত কৰে।কিন্তু চিনেমাৰ মানুহ চিনেমাৰ মাজত বুৰ গৈ থাকোঁতে সংসদত উপস্থিত থাকিব নোৱাৰে আৰু সমালোচনাৰ সন্মুখীন হয়, সেয়েহে ২০০৮ চনত ৰাজনৈতিক জীৱন ত্যাগ কৰি পুনৰ চিনেমাৰ জগতলৈ ঘূৰি যায়।
#হেমা মালিনী:‘ড্ৰীম গাৰ্ল’, ‘শ্বোলে’ৰ ‘বাসন্তী’ হেমা মালিনীয়ে ২০০৪ চনত বি জে পিত যোগদান কৰে আৰু ৰাজ্যসভাৰ সাংসদ হিচাপে সেৱা আগবঢ়াই।২০১৪ চনত বিজেপিৰ সাধাৰণ সম্পাদকৰ পদ ও অলংকৃত কৰে।২০১৪ চনত মথুৰা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হয় আৰু এইবাৰো তাৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে।
#ধৰ্মেন্দ্ৰ: গভীৰ কণ্ঠস্বৰৰ অধিকাৰী ধৰ্মেন্দ্ৰই ও ৰাজনীতিলৈ আহিছিল ২০০৪ চনত বিজেপিত যোগদান কৰি।সেই বছৰতে ৰাজস্থানৰ বিকানীৰ লোকসভা সমষ্টিৰ পৰা জয়ী হৈ সাংসদ হয় যদিও চিনেমা আৰু কেমেৰাৰ পিছত দৌৰোতে ৰাজনীতিৰ কথা পাহৰি যায় আৰু অৱশেষত ৰাজনীতিয়েই পৰিত্যাগ কৰে।
#শত্রুঘ্ন সিনহা:এসময়(২০০৯ চন)ৰ বিজেপিৰ কেবিনেট মন্ত্ৰী(বাজপেয়ী চৰকাৰৰ) বৰ্তমান কংগ্ৰেছী নেতা।শত্রুঘ্ন সিনহা পাটনা চাহিব সমষ্টিৰ পৰা ২০১৪ চনত নিৰ্বাচিত হয় আৰু ২০১৯ চনত বিজেপি ত্যাগ কৰে একমাত্ৰ এজন(মোদী)ৰ দ্বাৰা দল আৰু চৰকাৰ চলি থকা বুলি অভিযোগ কৰি।সময়ত দেখা যাব তেওঁ কিমান সফল হয়!
#পৰেশ ৰাৱাল:বলিউডৰ চিৰিয়াছ কৌতুক অভিনেতা পৰেশ ৰাৱাল।তেওঁৰ কোমেডীৰ মানদণ্ড সঁচাকৈ শলাগিবলগীয়া।’হেৰাফেৰী’ৰ বাবু মোছাই পৰেশ ৰাৱালে ২০১৪ চনত আহমেদাবাদ পূব লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হয়,প্ৰধানমন্ত্ৰী মোদীৰ একান্ত ভক্ত পৰেশ ৰাৱালে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগনবঢ়ালে।
#কিৰণ খেৰ:অভিনেত্ৰী কিৰণ খেৰ,অনুপম খেৰৰ ঘৈণীয়েক। ২০০৯ চনৰ নিৰ্বাচনত বিজেপিৰ হৈ প্ৰচাৰ চলাই আৰু ২০১৪ চনত চণ্ডীগড়ৰ পৰা বিজেপিৰ টিকটত জয়ী হয়।
#জয়া প্ৰদা: ৰামপুৰৰ সাংসদ জয়প্ৰদা ভাৰতীয় চিনেমাৰ চিনাকী নাম।এইবাৰৰ লোকসভা নিৰ্বাচনত দেশৰ মেডিয়াৰ চকু বিজেপিৰ জয়া প্ৰদা বনাম সমাজবাদী পাৰ্টীৰ আজম খানৰ ওপৰত।কিয়নো দুয়োজনৰে বাকযুদ্ধই  শিৰোনামা দখল কৰি আছে।সময়ত গম পাম শেষ হাঁহি কোনে মাৰে!
#ৰাজ বব্বৰ:হিন্দী চিনেমাৰ নায়ক আৰু খলনায়ক দুয়োটাতেই সমানে পার্গত ৰাজ বব্বৰ বৰ্তমান উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি। তিনি বাৰৰ লোকসভাৰ সাংসদ আৰু দুই বাৰৰ বাবে ৰাজ্যসভাৰ আসন শুৱনি কৰা ৰাজ বব্বৰৰ নেতৃত্বত এইবাৰ উত্তৰ প্ৰদেশত কংগ্ৰেছৰ বেলি মাৰ যায় নে উদয় হয় ২৩ মে’ত গম পোৱা যাব।
#স্মৃতি ইৰাণী:সম্পূৰ্ণ নাম স্মৃতি জুবিন ইৰাণী।’কিউকী চাচ ভি ক’ভি বহু থি’ৰ নায়িকা।সুন্দৰী স্মৃতিৰ শিক্ষাগত অৰ্হতাৰ বিতৰ্কৰ সূচনা হৈছিল তেতিয়া যেতিয়া তেওঁ মোদী চৰকাৰৰ মানৱ সম্পদ উন্নয়ন বিভাগৰ মন্ত্ৰী হৈছিল।শেষত যেনিবা তেওঁৰ মন্ত্ৰীত্বৰ বিভাগ সলাই দিয়া হ’ল।গুজৰাটৰ পৰা ৰাজ্যসভালৈ বিজেপিয়ে জয়ী কৰি অনা স্মৃতিয়ে এইবেলি আমেথিৰ পৰা পুনৰ ৰণত নামিছে।দেখা যাওঁক আমেথিৰ পদূলিত কোনে ভৰি থব পাৰে!
#উৰ্মিলা মাতোণ্ডকাৰ:‘ৰংগীলা’ গাৰ্ল’,’মস্ত’গাৰ্ল উৰ্মিলাৰ বলিউড জীৱন উত্থান পতনেৰে ভৰা।কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ ২০১৯ৰ ২৭ মাৰ্চত কংগ্ৰেছত চামিল হোৱা উৰ্মিলাই মুম্বাই নৰ্থ ৰ পৰা এইবাৰৰ নিৰ্বাচনত নামিছে।চিনেমাৰ আধৰুৱা কাম ৰাজনীতিৰে শেষ কৰিবলৈ পাই নে নেপাই সময়তহে দেখিম।
অতি সম্প্ৰতি চানি দেউল,ডালেৰ মেহেণ্ডিৰ দৰে গায়কেও বিজেপিত যোগ দিছে।যদি ওপৰৰ তালিকা খন ভালকৈ চকু ফুৰাব চাওঁ তেন্তে দেখিম দুজনমানক বাদে ৰাজনীতিৰ পথাৰত তেওঁলোক অপৈনত ফল সদৃশ।অভিনেতা সুনীল দত্ত আৰু বিনোদ খান্না এইক্ষেত্ৰত ব্যতিক্ৰম আছিল।সুনীল দত্ত ৫ বাৰৰ বাবে কংগ্ৰেছৰ পৰা মুম্বাই নৰ্থ-ইষ্ট সমষ্টিৰ সাংসদ আছিল আৰু বিনোদ খান্নাও ৪ বাৰৰ সাংসদ আছিল।
উপসংহাৰ:ওপৰত কৈছিলোঁ ৰাজনীতি আৰু চিনেমাৰ মাজৰ এটা মিল হৈছে দুয়োটাই মিছা।এতিয়া কওঁ ৰাজনীতিত মিছাৰ মাজত সঁচা প্ৰতিশ্ৰুতিও থাকে বা পালন কৰা হয় আৰু চিনেমাত সঁচা কাহিনী থাকে,তাত কল্পনাৰ ৰহণ দিয়া হয় অথবা সম্পূৰ্ণ কাল্পনিক কাহিনীৰ দ্বাৰাই নিৰ্মান হয়।এতিয়া চিনেমাৰ পৰা গৈ ৰাজনীতিৰ মঞ্চত সমতা আনিব নোৱাৰিলেই বিপদ।গতিকে ক’ব পাৰি দুয়োটা ক্ষেত্ৰৰে পাৰদৰ্শিতা এটা-আনটোত খাপ নাখায়!