প্ৰাক্তন মুখ্যমন্ত্রীৰ সৈতে কিছু সময় – দ্বিতীয় খণ্ড

1846
  • হেমন্ত কুমাৰ দত্ত

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


জানুৱাৰী খণ্ডৰ পিছৰ পৰা
মাননীয় চিদানন্দ দাস, তেখেতৰ পত্নী আৰু পুত্র আৰু লগতে মোৰ বাবে এখন গাড়ী দিয়া হৈছিল। আমিও গৈ নিৰ্দিষ্ট গাড়ী খনত উঠিলো। চণ্ডীগড়ৰ পৰা পাতিয়ালা। খুব সুন্দৰ ৰাস্তা। তীব্ৰ বেগত আগবঢ়া ৰাজ্যপালৰ পিচে পিচে আমিও গৈ থাকিলো। শস্য ,শ্যামলা পঞ্জাৱৰ অপূৰ্ব দৃশ্য চাই চাই আমি অভিভূত হৈ পৰিছিলো। তাতোকৈ
বেচি অভিভূত হৈছিলো তেতিয়া যেতিয়া গুৰুদ্বাৰাটোৰ কৰ্মকৰ্তা সকলে গভীৰ শ্ৰদ্ধা আগ্ৰহ আৰু মৰমেৰে ৰাজ্যপাল গৰাকী আৰু লগতে আমাকো আদৰি নি গুৰুদ্বাৰটোৰ ভিতৰত বহুৱাইছিল। ধৰ্ম মন্দিৰত সকলো সমান- এই নীতি ৰাজ্যপাল চৌধুৰী দেৱে ভালদৰে জানিছিল আৰু সেইমতে চলাত তেখেত অভ্যস্ত হৈ পৰিছিল। গুৰুদ্বাৰৰ ভিতৰত মাননীয় চৌধুৰীদেৱে অন্যসকলৰ লেখীয়াকৈ এজন ভক্তৰ দৰে মাটিত পাৰি দিয়া কাপোৰ এখনত বহিছিল। কিছু সময় ভক্তিমূলক গান বাদ্য চলিল। তাৰ পিছত উদ্যোক্তা সকলৰ এজনে ভাষণ ৰাখিলে – ‘হমাৰে পাঞ্জব মে হমে বহুতহি গৱৰ্ণৰ মিলা। লেকিন মহেন্দ্ৰ মোহন চৌধুৰী কী তৰহ গৱৰ্ণৰ হমে কভি নেহি মিলা , কিউকি উচকা অন্তৰমে প্ৰেম ঔৰ মমতা হ্যায়।’ কথাখিনি শুনি মোৰ হিয়াখন যেন এফুটমান ফুলি উঠিছিল এনেকুৱা অনুভৱ হৈছিল।
ইতিপূৰ্বে অসমৰ জনমানসত মহেন্দ্ৰ মোহন চৌধুৰীৰ এখন সুন্দৰ প্ৰতিচ্ছবি আছিলেই। তেখেতে ৰাজ্যপালৰ আসন শুৱনি কৰাৰ কিছুদিন পিছত (১৯৭৪ চনত) অসমত দেখা দিয়া প্ৰৱল বানপানীৰ প্ৰভাৱত সমগ্ৰ ৰাজ্যতে খাদ্য বস্তুৰ নাটনিকে ধৰি বিভিন্ন সমস্যাৰ উদ্ভৱ হৈছিল। অসমৰ ৰাইজৰ দুখ দুৰ্গতি মোচন কৰিবলৈ পঞ্জাৱ চৰকাৰক তেখেতে একপ্ৰকাৰ ভিক্ষা মাগিলে। সঁহাৰি পোৱা গ’ল। তেখেতৰ জনপ্ৰিয়তাৰ কাৰণে সেই সময়ৰ পঞ্জাৱৰ মুখ্যমন্ত্রী ( পৰবৰ্তী সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি ) জ্ঞানী জেইল সিং মন্ত্রীসভাই এখন বিশেষ মালবাহী ট্ৰেইনেৰে প্ৰচুৰ খাদ্য সামগ্ৰীৰ লগতে অন্যান্য অত্যাবশ্যকীয় সামগ্ৰী অসমলৈ পঠাই দিছিল।
চণ্ডীগড়ত থকা দিনকেইটাত মই অকলে বহু ঠাই ভ্ৰমণ কৰি বহু পাঞ্জাৱী লোকৰ সৈতে কথা বতৰা হৈছিলো। লহ পোৱা লোকসকলৰ পৰা ৰাজ্যপাল চৌধুৰীদেৱৰ মহানতা বা মহানুভৱতাৰ কথা শুনি ভাল লাগিছিল। এীজনা চৌধুৰীৰ বিশেষ উদ্যোগত পঞ্জাৱ বিশ্ববিদ্যালয়ত মহাপুৰুষ শংকৰদেৱৰ স্মৃতিত সাত লাখ টকা মূল্যৰ আসন প্ৰতিষ্ঠা হৈছিল। চৌধুৰীদেৱৰ একান্ত ইচ্ছাতে শ্ৰী শ্ৰী মাধৱদেবৰ নামঘোষাখন পঞ্জাৱী ভাষালৈ অনুদিত হৈছিল।
ৰাজ্যপাল চৌধুৰীৰ সান্নিধ্যলৈ আহি আৰু তেখেতৰ অবদানৰ কথা স্মৰণ কৰি কবৰ মন যায় – ‘
অসমীয়া ৰাজ্যপাল হ’লে আমি সকলোৱে সুখী হওঁ কিন্তু ৰাজ্যপাল হ’লেই নহয় , ৰাজ্যপাল হ’লে ঠিক মহেন্দ্ৰ মোহন চৌধুৰীৰ দৰে হ’ব লাগে। ‘