পাৰ্লাৰ বঞ্চিত নিস্পেশিত পুৰুষ

715

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


যোৱা মাহৰ বিভিন্ন ঘটনাই আমাক চিন্তিত কৰি তুলিছে। নৱেম্বৰ ২০২১ মাহত যিমান আচৰিত ঘটনা ঘটিছে আগতে কেতিয়াও ঘটা নাছিল। প্ৰথমতে আহো পাৰ্লাৰ বিতৰ্কলৈ। পুৰুষক হেনো এতিয়াৰ পৰা মহিলাই মাছাজ কৰিব নোৱাৰিব। বহু ৰাইজ ইয়াকলৈ দুখিত কিন্তু মুকলিকৈ ক’ব পৰা নাই। ক’লেই তেওঁক সন্দেহৰ চকুৰে চাব। আমাৰ মতেএইচাম নিস্পেশিত মানুহৰ বেদনা ৰজাঘৰে শুনিব লাগে। পূজা, নিশা আদিৰ দ্বাৰা মাছাজ কৰা সকলে যদি এতিয়া দেবেন , খগেন হতৰ দ্বাৰা মাছাজ কৰিব লগীয়া হ’য় কম দুখ লাগিবনে? শুনামতে পাৰ্লাৰত মাছাজ কৰিব অহা ৯০% লোক বিবাহিত। এইটো অবধাৰিত কাৰণ ইয়াৰ বিল দিবলৈ হ’লে ভাল চাকৰি বা ভাল ব্যবসায় কৰিব লাগিব। Settle মানে বিয়া। মুখ্যমন্ত্রীয়ে ইনোভেছনৰ কথা কৈ থাকে কিন্ত গুৱাহাটী পৌৰসভাৰে বস্তুটোৰ অভাব। ঘপককৈ কৈ দিলে মহিলাই মহিলাক মাছাজ কৰিব পাৰিব বা পুৰুষে পুৰুষকহে পাৰিব। কিছু নতুন চিন্তাৰ দৰকাৰ আছিল। তেওঁলোকে নিয়ম কৰা উচিত আছিল যে মহিলাই পুৰুষক মাছাজ কৰিব পাৰিব কিন্তু পত্নীও মাছাজ কৰাৰ সময়ত উপস্থিত থাকিব লাগিব। সকলো সমস্যা সমাধান। পৌৰ নিগমৰ আয়ুক্ত জনে মাছাজ , ফেচিয়েল খগেন আৰু দেবেনৰ দ্বাৰা কৰাব  বিচাৰে বাবেই অন্য সকলোকো হাৰাশান্তি কৰিব নাপাই। অভিশাপ লাগিব।
হাতত প্লে কাৰ্ড লৈ ৰফিকুল, আশ্ৰাফুল আৰু আমিনুল। এপিএছচিত অসমীয়া ভাষাৰ ৩০ নম্বৰৰ কাকতখন বাহাল ৰখাৰ দাবীত ধৰ্না দিছে। দেখি চকুপানী ৰখাব নোৱাৰিলো। এনেয়ে আমি এওঁলোকক মিঞা বুলি ঠাট্টা কৰি থাকো। এওঁলোক চোন একো একোজন লাচিত। এইখিনি সময়ত লুৰিনৰ সাহসকো ধন্য মানিছো। তেওঁ হেনো কা আন্দোলন পুনৰ আৰম্ভ কৰিব। আমি ক’ম চেষ্টাৰ অসাধ্য একো নাই। ৬০ বছৰীয়া বুঢ়া এজনে যেতিয়া বছৰ বছৰ ধৰি ছাত্র সংগঠন এটাৰ নেতৃত্ব দিব পাৰে, লুৰিনে এবছৰতে হাৰ মানিবনে? আমি পোৱা খবৰ অনুসৰি অখিল গগৈ হেনো মমতা বেনাৰ্জীৰ ওপৰত খুব নাৰাজ। প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰৰ পিছত ৰয়ে মমতাক সহায়ৰ বাবে আহ্বান জনাইছিল। সেইমৰ্মে মমতাই ফোন কৰিছিল অসমত তেওঁৰ সলোতকৈ বাধ্য ছাত্র অখিল গগৈক। অখিলে হেনো মবাইলৰ চাৰ্জ নাই বুলি ফোনটো আধাতে কাটি দিলে।
সকলোৰে কথা কৈ মুখ্যমন্ত্রীক কেনেকৈ বাদ পৰিব। তেখেতে নতুন অধ্যায় এটা আৰম্ভ কৰিছে। ৰাইজৰ হৈ অন্য মন্ত্রী, বিষয়া, আমোলাক তেখেতে প্ৰশ্ন কৰে। কোনোৱে কিয় তেখেতক নকয় যে প্ৰশ্ন কৰাৰ অধিকাৰ বিৰোধী আৰু সাংবাদিকৰহে। আপুনি যদি মন্ত্রীক সোধে বস্তুৰ দাম কিয় বাঢ়িল, ৰাস্তাৰ কাম কিয় বেয়া তেন্তে বিৰোধীয়ে কি কৰিব? তেওঁলোকক চোন অসমৰ ৰাইজে এনেই দৰমহা দি পুহি ৰাখিছে।