কৰোনাৰ সকলোতকৈ ভয়ানক অৱতাৰ অ’মিক্ৰন

598

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


২৬ নবেম্বৰ তাৰিখে বিশ্বৰ ষ্টক একছেনজ সমূহত দাম একলগে নিম্নগামী হ’ল। বিট কইন, ইথেৰিয়াম আদি ক্ৰিপটো কাৰেন্সী ১০% ৰ পৰা ২০% লৈ তলত নামিল। কাৰণ বিশ্বত আবিৰ্ভাব হৈছে কৰোনাৰ সবাতকৈ ভয়াবহ অবতাৰ B1.1.529 (অ’মিক্ৰন)। মে -জুন মাহত ভাৰতত ডেল্টা ভেৰিয়ন্টে ত্রাসৰ সৃষ্টি কৰিছিল। বহু আপোন মানুহক আমি চিৰ দিনলৈ হেৰুৱাইছিলো। ব্যবসায় , বানিজ্য বন্ধ হৈ পৰিছিল। চিকিৎসা বৈজ্ঞানিক সকলৰ মতে আফ্ৰিকাত আবিৰ্ভাব হৈছে কৰোনাৰ এটা নতুন ভেৰিয়েন্ট। সি ডেলটা ভেৰিয়েন্টতকৈও বহু বেছি ভয়ানক। ইয়াক প্ৰথমতে দেখা গৈছিল আফ্ৰিকাৰ এখন দেশ বোটছৱানাত। এই ভেৰিয়েন্টৰ দ্বাৰা সংক্ৰমিত ব্যক্তি সকলোতকৈ বেছি আছে দক্ষিণ আফ্ৰিকাত। এই দুখন দেশক বাদ দি হংকংত আৰু কিছু আন দেশত কেইজনমান ৰোগী পোৱা গৈছে। দক্ষিণ আফ্ৰিকাৰ চিকিৎসা বিজ্ঞানীৰ মতে এই ভেৰিয়েন্ট খুব সোনকালে সম্প্ৰসাৰিত হৈছে। যোৱা দুসপ্তাহত প্ৰতিদিনে প্ৰায় ১ হেজাৰ ৰোগী আক্ৰান্ত হৈছে। বৈজ্ঞানিক সকলৰ মতে এই ভেৰিয়েন্টৰ ৫০টা মিউটেছন আছে। মানব শৰীৰক আক্ৰমন কৰাৰ সময়তো ইয়াৰ ১০টা মিউটেছন আছে। ডেল্টাৰ আছিল দুটা। ভেকছিনে ভাইৰাছৰ যি স্পাইক প্ৰটিনক টাৰ্গেট কৰে সেই প্ৰটিনত এই ভাইৰাছে ৩০ টা ৰূপ বদলাব পাৰে। এই ভাইৰাছৰ ওপৰত ভেকছিনে কিমান কাম কৰিব সেয়াও গবেষণাৰ বিষয়। কিন্ত বৈজ্ঞানিক সকলে অনুমান কৰিছে যে ভেকছিন সিমান প্ৰভাবী নহবও পাৰে। ই নিশ্চয় সমগ্ৰ মানব জাতিৰ বিষয়ে চিন্তাৰ বিষয়। বহু দেশে আফ্ৰিকাৰ পৰা অহা বিমানত প্ৰতিবন্ধকতা আৰোপ কৰিছে। ভাৰতৰ স্বাস্হ্য মন্ত্রণালয়েও ৰাজ্যসমূহলৈ চিঠি লেখি সতৰ্ক হ’বলৈ আহ্বান কৰিছে। তাৰ পৰিপ্ৰেক্ষিততে আমাৰ মুখ্যমন্ত্রীয়ে ২৭ নবেম্বৰত সংবাদ মেল অনুষ্ঠিত কৰিছিল। এই সময়ত কাৰো হাতত কৰোনাৰ এই নতুন অৱতাৰৰ বিষয়ে ইয়াতকৈ বেছি তথ্য নাই। চৰকাৰ বিলাকে অতি সোনকালে ভেকছিন দিয়া কাৰ্য্য সমাপন কৰিব লাগে। ৰাইজেও সম্পূৰ্ণ  সহযোগ  কৰা দৰকাৰ।