ভূপেন বৰাই কি কৰিব?

1265
  • দেবজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। যোৱা ছয় মাহত গৃহ বিভাগৰ সক্ৰিয়তা, চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ পৰা দালাল ৰাজ উৎখাত আদি জনমূখী কাৰ্য্যপন্থাৰ দ্বাৰা চৰকাৰখনে সাধাৰণ মানুহৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে। উপ নিৰ্বাচনৰ ফলাফলে ইয়াক প্ৰমাণিত কৰিছে। সদ্য সমাপ্ত বঙাইগাওঁ কেবিনেট সভাৰ সময়ত ৰাইজৰ মাজত উৎসাহে হিমন্ত বিশ্ব শৰ্মাৰ ব্যাপক জনপ্ৰিয়তা পুনৰ এবাৰ প্ৰতীয়মান  কৰিছে। অনাগত ছয় মাহত চৰকাৰে আন দুটা প্ৰধান আচনি_ ১ লাখ নিযুক্তি আৰু মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইত মনোনিবেশ কৰিব। ই কংগ্ৰেছ তথা ভূপেন বৰাৰ কাৰণে নিশ্চয় সুখৰ খবৰ নহয়। সোণোৱাল চৰকাৰৰ দিনত কংগ্ৰেছে চিন্দিকেট ৰাজৰ অভিযোগ আনিছিল যিটো নতুন চৰকাৰে ছয় মাহত নোহোৱা কৰিলে। ৰাইজ নিশ্চিত যে ১ লাখ চাকৰিও চৰকাৰে মেধাৰ ভিত্তিত দিব থিক টেটৰ নিযুক্তিৰ নিচিনা। বিৰোধীৰ ওচৰত সেয়েহে এতিয়া কোনো ইছু নোহোৱাৰ নিচিনা হৈছে। সেয়েহে কেবিনেটৰ আহাৰৰ নিচিনা তুচ্ছ কথাক লৈ ৰাজনীতি কৰিব লগা হৈছে। ভূপেন বৰা তথা কংগ্ৰেছ নেতাসকলে চৰকাৰক ঋণ লোৱাকলৈ খুব সমালোচনা কৰে। আচলতে সাধাৰণ মানুহৰ বাবে ই কোনো চিন্তাৰ বিষয় নহয়। যেতিয়ালৈকে কৰ্মচাৰীয়ে দৰমহা পাইছে, ঠিকাদাৰে বিল পাইছে, অৰুণোদয় আৰু মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিয়া হৈছে তেতিয়ালৈকে ৰাইজে কৰ পৰা টকা আহিছে তাক লৈ মূৰ নঘমাই। ৰাইজে ফলাফল বিচাৰে, অজুহাত নহয়। তেনে ক্ষেত্রত ভূপেন বৰাৰ সন্মুখত এটাই বিকল্প আছে সেইটো হ’ল কা । কা আইনকলৈ ৰাইজক যদি আবেগিক কৰিব নোৱাৰে তেন্তে কংগ্ৰেছে ইছু বিচাৰি ৰাইজৰ মাজত সোমোৱা কঠিন হ’ব। মুখ্যমন্ত্রীয়ে সপ্তাহত দুই তিনিবাৰ সংবাদিকৰ জড়িয়তে ৰাইজৰ লগত মত বিনিময় কৰে। তেখেতৰ বাকপতুতা আৰু কৰ্মদক্ষতাৰ ফলত এতিয়ালৈকে কোনো এটা বিষয়তে সাংবাদিকৰ প্ৰশ্নৰ ক্ষেত্রত অসুবিধাৰ সন্মুখিন হোৱা নাই। ভবিষ্যতেও তেনে হোৱাৰ সম্ভাবনা নাই। কংগ্ৰেছৰ বাবে সেয়ে একমাত্র ৰাস্তা _কা আন্দোলন। লুৰিনৰ দ্বৰে জাতীয়তাবাদী নেতাক লগত লৈ কংগ্ৰেছে এবাৰ চেষ্টা কৰি চাব বুলি জনা গৈছে। এইটোৱে ভূপেন বৰাৰ সন্মুখত একমাত্র বিকল্প।