পিতৃৰ অন্তিম সৎকাৰৰ দিনা মুক্তি পাইছিলো এঘন্টাৰ বাবে : প্ৰাক্তন শিক্ষা মন্ত্ৰী – শেষ অংশ

2153
ৰমণী বৰ্মন, প্ৰাক্তন শিক্ষা মন্ত্ৰী , অসম চৰকাৰ

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


বিষয়া দুগৰাকীক বিদায় দি ক্ষন্তেক বাহিৰলৈ চাই ৰ’লো। বাহিৰত আন্ধাৰ নামি আহিছে। আলিবাটত মানুহৰ অহা-যোৱা কমি আহিছে। সদায় আন্ধাৰ হোৱাৰ লগে লগে সেইটোৱেই হয়। কিছুসময় তেনেকৈ থিয় দি ভিতৰলৈ সোমাই পৰিলো। মন বিষন্ন, হতাশগ্ৰস্ত।

শেষ নিশা পুলিচৰ জীপ এখনেৰে নলবাৰী থানাৰ অ’চিজন আহি ঘৰৰ সন্মুখত উপস্হিত হ’ল। সন্মুখৰ ৰুমত তেওঁক বহিবলৈ দি বাক্য ব্যয় নকৰাকৈ যাবলৈ সাজু হ’লো। দেউতাৰ অসুস্হতাৰ বাবে বাধ্য হৈ কেইঘন্টামান আত্মগোপন কৰি থকাৰ পাছতহে আমি যাবলৈ ওলালো। আগতে উল্লেখ কৰা হৈছে আত্মগোপন কৰি থকা আমাৰ পাৰ্টিৰ ফালৰ পৰা কোনো নিৰ্দেশ নাছিল। পোহৰ হোৱাৰ লগে লগে পুলিচ বিষয়াজনৰ লগত আহি জীপত উঠিলো। ল’ৰা দুটাৰ সৈতে আৰতি ঘৰৰ বাৰান্দাত প্ৰস্তৰ মূৰ্তিৰ দৰে থিয় দি ৰ’ল। তেওঁৰ দুচকু বাস্পাকুল। গাড়ী ষ্টাৰ্ট দিয়াৰ লগে লগে সৰু লৰাটোৱে চিঞৰত গগণ ফালিলে। মোৰ মনটো ভাগি পৰিল। তীব্ৰ গতিত গাড়ী আগবাঢ়িল গুৱাহাটী অভিমুখে। আৰু মোৰ মনত ভিৰ কৰিলেহি নানান চিন্তা দুশ্চিন্তাই। চকুৰ আগত বিক্ষিপ্ত নানান ঘটনাৰ ছবি- প্ৰতিচ্ছবি ভাহি উঠিল।
 …২৫ জুন ‘৭৫ তাৰিখে মাজনিশা সমগ্ৰ দেশত জৰুৰীকালীন অৱস্হা ঘোষণা কৰাৰ দিনাই লোকনায়ক জয়প্ৰকাশ নাৰায়ণ, মোৰাৰজী দেশাইকে ধৰি বিৰোধী দলৰ শীৰ্ষ স্হানীয় নেতাসকলকে ধৰি হেজাৰ-বিজাৰ ৰাজনৈতিক নেতা আৰু কৰ্মীক আটক কৰি জেললৈ নিক্ষেপ কৰা হৈছিল। সিদিনা নিশাতে নলবাৰীতো প্ৰজাছ’চিয়েলিষ্ট দলৰ নেতা বিশ্ব গোস্বামীক বিচাৰি আমাৰ ঘৰত পুলিচে তালাচী চলাইছিল আৰু শেষত নিশা প্ৰায় দুই বজাত ককায়েক ত্রৈলোক্য নাথ গোস্বামী ছাৰৰ ঘৰৰ পৰাই তেওঁক আটক কৰি গুৱাহাটীৰ জেললৈ প্ৰেৰণ কৰা হৈছিল। গাড়ীখন আহি গুৱাহাটী জেলৰ সন্মুখত ৰ’লহি আৰু নলবাৰীৰ পৰা পুলিচে জেল কৰ্তৃপক্ষক আমাক চমজাই দিলে। জেলৰ ভিতৰত সোমাইয়ে আমাৰ দলৰ জ্যেষ্ঠ নেতৃবৃন্দ বিশ্ব গোস্বামী, অধ্যাপক অজিত কুমাৰ শৰ্মা ছাৰ, হৰেন্দ্ৰ দেৱগোস্বামী আৰু বিধায়ক ভূৱনেশ্বৰ বৰ্মনকে ধৰি আন আন দলৰ নেতা কৰ্মীসকলৰ উপৰি অসম কলেজ শিক্ষক সংস্হাৰ নেতৃবৃন্দ অধ্যাপক দীনেশ বৰুৱা , অধ্যাপক ৰজ্ঞিত নাৰায়ণ ডেকা আদিক লগ পাই গ’লো। সকলোৱে মোক জেলৰ পৰিয়াললৈ আদৰণি জনালে। মুহূৰ্ততে মোৰ গধুৰ বিষাদগ্ৰস্ত মনটো ফৰকাল হ’ল।
অতি কম দিনৰ ভিতৰত মই জেলৰ দৈনন্দিন জীৱন প্ৰৱাহৰ স’তে নিজকে খাপ খুৱাই ল’বলৈ সক্ষম হ’লো। দিনবোৰ বাগৰিছিল। এনেতে হঠাৎ এদিন অপ্ৰত্যাশিতভাৱে নলবাৰী কলেজৰ অধ্যক্ষ উমানান্ত ছাৰকো জেলত সুমুৱালে। দেশৰ সমাজবাদী আন্দোলনৰ প্ৰাণপুৰুষ, বানাৰস বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আচাৰ্য নৰেন্দ্ৰ দেৱৰ প্ৰিয় শিষ্য উমাকান্ত শৰ্মা ছাৰে ১৯৪৭ চনতে নলবাৰী কলেজৰ ৰাজনীতি বিভাগৰ অধ্যাপকৰুপে নিয়োজিত হৈ কৰ্মজীৱন আৰম্ভ কৰে। ‘৪২ চনৰ গণ আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা শৰ্মা ছাৰে স্বাধীনতাৰ পৰৱৰ্তী কালত অসমত সমাজবাদী আন্দোলনৰ নেতৃত্ব দিছিল আৰু উত্তৰ কামৰুপ-গড়কাপ্টানী মজদুৰ ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতিৰুপে মজদুৰসকলৰ গণতান্ত্রিক অধিকাৰ সাৱ্যস্ত কৰিবৰ নিমিত্তে নিৰন্তৰ সংগ্ৰামত ব্ৰতী হৈছিল। পাছত তেখেতে নলবাৰী কলেজৰ অধ্যক্ষ পদত নিয়োজিত হৈ শৈক্ষিক-বৌদ্ধিক দিশত উন্নতি সাধিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। এনে এগৰাকী বিশিষ্ট শিক্ষক আৰু চিন্তাবিদক জেল যাতনা কিয় দিয়া হ’ল সেই প্ৰশ্নৰ উত্তৰ কিন্তু আজিলৈকে স্পষ্টভাৱে পোৱা নগ’ল।
জেল জীৱন দীৰ্ঘদিনীয়া হ’লে , সি বৰ কষ্ট দায়ক হয়। আমাৰ যে এই জেল জীৱন দীৰ্ঘদিনীয়া হ’ব সেই বিষয়ে আমি পূৰ্বেই ধাৰণা কৰিছিলো আৰু তাৰ বাবে এক দীৰ্ঘদিনীয়া ৰুটিনো প্ৰস্তুত কৰি লৈছিলোঁ । আমি আৰম্ভণিৰে পৰা জ্যেষ্ঠ নেতাসকলৰ স’তে জেলৰ ভিতৰতে অধ্যয়নচক্ৰৰ লেখীয়া এটি অনুষ্ঠান গঢ়ি তুলি বিভিন্ন বিষয়ক আলোচনা কৰিবৰ বাবে সুবিধা কৰি লৈছিলোঁ । ছচিয়েলিষ্ট পাৰ্টিৰ কাৰ্যসূচী আৰু নীতি- আদৰ্শৰ ভিত্তিত হোৱা বিশ্লেষণ আৰু ব্যাখ্যাই আমাক উৎসাহিত কৰিছিল। জেলৰ ভিতৰত দুখনমান বাতৰি কাকত পঢ়িবলৈ পোৱাৰ উপৰি পুৱা আৰু সন্ধিয়া ৰেডিঅ’ যোগে বাতৰি শুনাৰ সুবিধা পোৱা গৈছিল। কিন্তু এই বাতৰিবোৰৰ দ্বাৰা দেশখনত সংঘটিত হোৱা ঘটনাসমূহৰ প্ৰকৃত ছবি ধাৰণা কৰিব পৰা হোৱা নাছিল। সৰ্বভাৰতীয় ছ’চিয়েলিষ্ট পাৰ্টিৰ পৰা অহা গোপন চাৰ্কুলাৰসমূহ জেলৰ ভিতৰতে পোৱাৰ ব্যৱস্হা কৰিছিলো সম্পূৰ্ণ গোপনীয়তাৰে। এই গোপন চাৰ্কুলাৰসমূহৰ পৰাই বাহিৰত ঘটি থকা প্ৰকৃত খবৰ বিশেষকৈ নতুনকৈ গঢ়ি উঠিবলৈ উপক্ৰম কৰা ৰাজনৈতিক সমীকৰণৰ খবৰসমূহৰ ওপৰতো আলোচনা হৈছিল আৰু তাৰ পৰা পৰম উৎসাহিত হৈছিলোঁ ।
জেলৰ ভিতৰত দীৰ্ঘদিন ধৰি আবদ্ধ হৈ থকাৰ পিছত স্বাভাবিকতে কিছুমানৰ মন খিংখিঙিয়া হৈ থাকে। সাধাৰণ কথাতে খং কৰে। তদুপৰি কিছুমান হতাশগ্ৰস্হও হয়। আৰু পৰিয়ালৰ অসুখ-বিসুখ, অপায়- অমংগলৰ বাতৰিয়ে বহুতৰে মন ভাঙিও পেলায়। এনে অৱস্হাত কোনো কোনোৱে গৃহ বিভাগলৈ আবেদন কৰি ‘পেৰল’ত ওলাইও যায়।
  ২০ আগষ্ট ‘৭৫ ৰ দিনা আবেলি জেল অধ্যক্ষৰ কাৰ্যালয়লৈ মোক মাতি পঠিয়ালে। অধ্যক্ষৰ কোঠাত সোমোৱাৰ লগে লগে তেখেতে উৎসাহেৰে ক’লে- আহক আহক, আপোনাৰ ভাল খবৰ এটা আছে। এমাহৰ বাবে আপুনি ‘পেৰল’ পাইছে। ইচ্ছা কৰিলে আপুনি এতিয়াই যাব পাৰে। কথাখিনি কৈয়ে তেখেতে মোক চৰকাৰী নিৰ্দেশটো দেখুৱালে। মই লগে লগে ‘পেৰল’ত ওলাই নাযাও বুলি কৈ উঠি চৰকাৰী নিৰ্দেশটোৰ ওপৰত চকু ফুৰালো। দেউতাৰ অসুখৰ বাবে মোক ‘পেৰল’ত মুকলি কৰি দিয়া হৈছে। নিৰ্দেশটোত এনেকুৱা কিছুমান চৰ্ত উল্লেখ কৰা আছে , যিবোৰ গ্ৰহণ কৰা মোৰ পক্ষে অসম্ভব। কাগজখন ঘূৰাই দি মই গুচি আহিলো। অসুস্হ দেউতাৰ ওচৰত উপস্হিত থকাটো মোৰ নৈতিক কৰ্তব্য আৰু দায়িত্ব আছে বুলি মই জানো। কিন্তু চৰ্তযুক্ত ‘পেৰল’ত ওলাই গৈ মই লজ্জিত হ’ব নিবিচাৰো। “I can not accept the conditional parol” বুলি চৰকাৰৰ গৃহ বিভাগলৈ লিখি দিলো। মোৰ এই সিদ্ধান্তৰ বাবে মোৰ নিজ দল তথা অন্যান্য দলৰো নেতৃবৃন্দই মোক শলাগিলে। এজনে ক’লে – ‘স্বাধীনতা আন্দোলনৰ সময়ত আটকাধীন বৰেণ্য নেতা আবুল কালাম আজাদেও এবাৰ নিজৰ কন্যাৰ অসুস্হতাৰ বাবে চৰকাৰে মঞ্জুৰ কৰা ‘পেৰল’ প্ৰত্যাখ্যান কৰিছিল।
গুৱাহাটী জেলত ছয়মাহমান কটোৱাৰ পিছত এদিন গোৱালপাৰা জেললৈ মোক বদলি কৰাৰ নিৰ্দেশ আহিল। ইতিমধ্যে বিশ্ব গোস্বামীক তেজপুৰ, অজিত কুমাৰ শৰ্মাক গোৱালপাৰা আৰু হৰেন্দ্ৰ দেৱগোস্বামীক যোৰহাট জেললৈ পঠিওৱা হৈছিল।
আবেলি চাৰি বজাত যাত্রা আৰম্ভ  হ’ল গোৱালপাৰলৈ, লগত ছিকিউৰিটি গাৰ্ড। ডিচেম্বৰ মাহ। বতৰ ফৰকাল। গুৱাহাটীৰ পৰা গোৱালপাৰালৈ সুদীৰ্ঘ আলিবাটৰ ঠায়ে ঠায়ে গাড়ী ৰখাই ছিকিউৰিটী গাৰ্ডে মোক চাহ জলপান খাবলৈ অনুৰোধ কৰি আহিছে। কিন্তু সুদীৰ্ঘ দিন জেলৰ ভিতৰত আবদ্ধ হৈ থাকি কিছু সময়ৰ কাৰণে হ’লেও মুকলি আকাশৰ তলত ভ্ৰমণ কৰিবলৈ পাই বিশেষকৈ আলিবাটৰ কাষৰ গছ-গছনি আৰু সেউজীয়া পাহাৰবোৰৰ সৌন্দৰ্যই মোক মোহাৱিষ্ট কৰি ৰখাত চাহ-জলপানৰ কথা মই সম্পূৰ্ণ পাহৰি গৈছিলো।
গোৱালপাৰা জেলত নিবাৰণ বৰা, ডঃ কামিনী মোহন ডেকা আৰু মই  একেটা চেলৰ ভিতৰতে থকাৰ সুযোগ পালো। ঘৰৰ পৰা অহা প্ৰতিখন চিঠিতে উল্লেখ থাকে – দেউতাই হেনো মোক এবাৰ চাব খোজে। অথচ নলবাৰীৰ পৰা গোৱালপাৰলৈ এই সুদীৰ্ঘ পথ ভ্ৰমণ কৰিবলৈও তেওঁ অপৰাগ। এনেতে আকস্মিকভাৱে এটা সুযোগ মিলিল। গোৱালপাৰা জেলতো ছমাহমান ৰাখি মোক গৃহ বিভাগে নলবাৰী জিলালৈ বদলি কৰিলে। ঘৰৰ ওচৰৰ জেললৈ আহি ৰুগ্ন দেউতাৰ স্বাস্হ্যৰ খবৰ সঘনাই পোৱাৰ সুযোগ পালো যদিও এই সময় খিনিয়ে মোৰ বাবে আছিল চৰম বিপৰ্যয়ৰ সময়। শোকাৰ্ত সময়।ব্যক্তিগত যন্ত্ৰণাৰ কথা বৰ্ণনা কৰিবলৈ ওলালেই নিজকে বৰ সৰু যেন লাগে যদিও মাজ নিশা বন্দী অৱস্হাত বন্ধ চেলৰ ভিতৰত দুবছৰীয়া পুত্র উজ্বলৰ দুৰ্ঘটনাৱশতঃ দাঁত ভাঙি মুখৰ পৰা ৰক্ত নিৰ্গত হৈ বিহ্বল হৈ পৰা অৱস্হাৰ খবৰে মোক কেনে ব্যতিব্যস্ত কৰি তুলিছিল, সেই কথা সহজে অনুমেয়।
৬ ডিচেম্বৰ ‘৭৬ চন। পুৱতি নিশাৰ পৰাই গা-মূৰত কম্বল এখন মেৰিয়াই লৈ বহি আছো বিছনাত। মুখো ধোৱা নাই, চাহো খোৱা নাই।  গোটেই পুৱতি নিশাৰ পৰাই এটা কথাই চিন্তা কৰি আছিলো  দেউতাৰ স্বাস্হ্যৰ অৱনতিৰ কথা।  কেতিয়াবা তেনেকুৱাই হয় – টোপনিৰ জিলমিলনিটো একেটা কথাই মূৰত আহি জুমুৰি ধৰি থাকে। সিদিনা সেইটোই হৈছিল। ‘মই যদি এনেদৰে আবদ্ধ হৈ থাকোতেই দেউতাৰ কিবা এটা হয় – মোক হয়তো পুলিচৰ পহৰাত জেলৰ পৰা লৈ যাব নাতিদূৰৈৰ ৰাজহুৱা শ্মশানখনলৈ।’ তেনে সময়ত হঠাৎ অফিচৰ পৰা কোনো এজনে আহি খবৰ দিলে , মোক লগ ধৰিবলৈ ঘৰৰ মানুহ আহিছে। বুকুখন জমজমাই উঠিল। ইমান পুৱাতে মানুহ আহিল মোক দেখা কৰিবলৈ । কোনো নতুন বিপদৰ খবৰ লৈ অহা নাইতো? কোঠাৰ পৰা ওলাই গ’লো ততাতৈয়াকৈ । দেখিলো, জেল অধীক্ষকৰ কাৰ্যালয়ত মোৰ অন্তৰংগ বন্ধুদ্বয় স্হানীয় বিধায়ক বদন তালুকদাৰ আৰু কৈলাশ শৰ্মাই বহাৰ পৰা মোৰ ওচৰলৈ লৰি আহিল আৰু বুকুত সাৱটি ধৰি দুঃসংবাদটো দিলে। দেউতা আৰু নাই। আগদিনা গোটেই দিনটোত কে’বাবাৰো হেনো ঘৰৰ সন্মুখতে থকা কৈলাশ শৰ্মাৰ ওচৰলৈ আহি মোক এবাৰ লগ ধৰিবৰ ইচ্ছা প্ৰকাশ কৰিছিল। মোক শেষবাৰলৈ দেখা নাপালে । ময়ো নেদেখিলোঁ । দেউতাৰ শেষ ইচ্ছা পূৰণ কৰিব নোৱাৰিলোঁ । এই দুখ মোৰ মনত চিৰকাল অম্লান হৈ ৰ’ব।
নলবাৰীৰ স্হানীয় প্ৰশাসনে দেউতাৰ শেষকৃত্য সমাপন কৰিবৰ নিমিত্তে মোক শ্মশানত উপস্হিত থাকিবলৈ এঘন্টাৰ বাবে অনুমতি দিলে। জেল কৰ্তৃপক্ষই পুলিচ গাৰ্ডসহ মোক পঠিয়াই দিলে শ্মশানলৈ। কিন্তু শ্মশানৰ কাম-কাজ শেষ হওঁতে প্ৰায় সন্ধিয়া হৈছিল। স্হানীয় প্ৰশাসনে দিছপুৰৰ গৃহ বিভাগৰ লগত যোগাযোগ কৰি শেষকৃত্যৰ শেষলৈকে থাকিবলৈ সময় সীমা বঢ়াই লৈছিল। গধূলি সাত মান বজাত শ্মশানৰ পৰা পুনৰ বাহিৰে বাহিৰে জেললৈ আনিলে পুলিচ বাহিনীয়ে। দেউতাৰ মৃত্যুত ভাই-ভনীকেইটাই একেলগে বহি চকুপানী এটোপাও টুকিব নোৱাৰাৰ বেদনাই মোক মৰ্মাহত কৰিছিল। শ্মশানৰ পৰা তিতা কাপোৰেৰে জেলৰ ভিতৰত চেলত সোমোৱাৰ লগে লগে সহকৰ্মীসকলে দেখুওৱা অকৃত্রিম সমবেদনাই মোৰ পিতৃ বিয়োগৰ বেথা কিঞ্চিত লাঘব কৰিছিল। জেলত আৱদ্ধ হৈ থকা কেবাগৰাকীও জ্যেষ্ঠ নেতাই মই গা-পা ধুই উঠাৰ পাছত কিবা কিবি ফলাহাৰ কৰিবলৈ দিছিল।