উপ নিৰ্বাচন ২০১৯: বিজেপি ৩, কংগ্ৰেছ ১

2205

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


অহা ২১ অক্টোবৰত অসমৰ সোণাৰি, ৰঙাপৰা আৰু ৰাতাবাৰী বিধান সভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব । জনিয়া বিধান সভা সমষ্টি কংগ্ৰেছৰ দখলত থকাৰ  বাহিৰে বাকী কেইটা বিধান সভা সমষ্টি  বিজেপিৰ দখলত আছিল । দেশৰ অৰ্থনৈতিক মন্দা অৱস্থা আৰম্ভ হোৱা বুলি বিৰোধী ৰাজনৈতিক দল আৰু একাংশ অৰ্থনীতিবিদে সমালোচনা কৰাৰ সময়তে  অসমৰ চাৰিওতা সমষ্টিৰ উপ নিৰ্বাচন হৈছে দেশৰ সম্পত্তিৰ অপচয় । বিধায়কজন  সাংসদ হোৱাৰ ফলতেই ৰাজকোষৰ ধন খৰছ হ’ব  । প্ৰশ্ন উত্থাপন হয় গণতন্ত্ৰাকীক ব্যৱস্থাটোৰ কিছুমান নিয়ম কানুন ৰাইজৰ সুবিধাৰ বাবে নে নেতাৰ সুবিধাৰ্থে ?
জনিয়া
জনিয়াৰ প্ৰাক্তন বিধায়ক আব্দুল খালেকে বৰপেটা লোকসভা সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হৈছে । সেয়ে কংগ্ৰেছে নিজৰ দখলত থকা আসনখন পুনৰুদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা কৰিব । ইপিনে শাসনাধিষ্ঠিত দল হিচাবে বিজেপিৰ বাবে জনিয়া বিধান সভা সমষ্টিটোত ভাল ফলাফল নিশচয়কৈ  সন্মানৰ বিষয় । সমষ্টিটোত মুছলমান ধৰ্মী লোকৰ সংখ্যা আধিক হোৱা সুত্ৰে  ৰাজনৈতিক দলবোৰে  মুছলমান প্ৰাৰ্থীক প্ৰক্ষেপ কৰিবলৈ বাধ্য ।  ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ বহু কেইগৰাকী প্ৰাৰ্থীৰ নাম চৰ্চালৈ আহিছে ।  জেষ্ঠ নেতা  চামচুল হকক প্ৰাৰ্থিত্ব দিছে কংগ্ৰেছ দলে ।  এআইডিএফৰ প্ৰাৰ্থীত্বৰ ক্ষেত্ৰত  ডঃ  ৰফিকুল ইছলামৰ নাম চৰ্চালৈ আহিছে । কিন্তু এআই ইউ ডি এফৰ সাংগঠনিক দুৰ্বলতা  আৰু বহু নেতা কৰ্মীৰ বিজেপি গমনে দলটোক দুৰ্বল কৰিছে । আনহাতে বিজেপি দলৰ প্ৰাৰ্থী হিচাবে বহু কেইগৰাকী  প্ৰাৰ্থীৰ নাম চৰ্চালৈ আাহিছিল যদিও অপ্ৰত্যাশিত ভাবে টিকট পালে অভিনেতা তৌফিক ৰহমানে । ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ আধিপত্য থকা জনিয়াত  বিজেপিৰ ভোট শ্বেয়াৰ যদি ২০ % লৈও বৃদ্ধি হয় তেন্তে ২০২‍১ ৰ বিধান সভা নিৰ্বাচনত আন আন সমষ্টিসমুহত বিৰোধীৰ কাৰণে চিন্তাৰ বিষয় হোৱাটো খাটাং । কংগ্ৰেছৰ বিজয় প্ৰায় নিশ্চিত সমষ্টিটোত অসমৰ জনতাৰ কিন্তু দৃষ্টি নিবদ্ধ থাকিব হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। কাৰণ পুৰ্বৰ নিৰ্বাচনী সভাবোৰত জনিয়া , বাঘবৰৰ উদাহৰণ দিয়া হিমন্ত বিশ্ব শৰ্মাই জনিয়াত কি ভাষণ দিব বা ভাষণ দিব নে নাই সেই বিষয়টোৱে প্ৰাধান্য পাব ।
ৰঙাপাৰা :
ৰঙাপাৰাত বিজেপিৰ পৰা থাকিব ৰাজেন বৰঠাকুৰ ; আনহাতে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব পাইছে কাৰ্তিক কুৰ্মীয়ে । ২০১৬ বিধান সভা নিৰ্বাচনত পল্লব লোচন দাসে পাইছিল ৫১,৫৯৭ টা ভোট , তাৰ বিপৰীতে কংগ্ৰেছৰ ভীমানন্দ তাঁতীয়ে পাইছিল ২৮,৬০৬ টা ভোট । যোৱা লোকসভা নিৰ্বাচনৰ সময়টো বিজেপিয়ে এই বিধান সভা সমষ্টিটোত বৃহৎ ব্যৱধানত আগবাঢ়ি আছিল । মিৰাকল অবিহনে কংগ্ৰেছৰ জয় অসম্ভৱ ।
সোণাৰি :
সোণাৰিত কংগ্ৰেছ নেতা সুশীল চুৰী বনাম বিজেপি নেত্রী নৱনীতা সন্দিকৈ  । ২০১৬ বিধান সভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী আছিল তপন কুমাৰ গগৈ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আছিল বৰ্ষীয়ান কংগ্ৰেছ নেতা শৰৎ বৰকটকী । তপন কুমাৰ গগৈ জয়ৰ ব্যৱধান আছিল ২৪১১৭ ভোটৰ ব্যৱধানত ।  যোৱা লোকসভা নিৰ্বাচনৰ সময়টো বিজেপিয়ে এই বিধান সভা সমষ্টিটোত অতি ভাল ফল দেখুৱাবলৈ সক্ষম হৈছিল । বিজেপিৰ জয় প্ৰায় ১০০ % নিশ্চিত  এই সমষ্টিটোত ।
ৰাতাবাৰী :
কৃপানাথ মাল্লাৰ সমষ্টিত বিজেপি , কংগ্ৰেছ আৰু এআই ইউডিএফৰ মাজত তিনিকোণীয়া প্ৰতিদন্দিতা হ’ব । কংগ্ৰেছৰ পৰা   কেশব ৰজকৰ প্ৰাৰ্থিত্ব নিশ্চিত হৈছে । আনহাতে বিজেপিৰ প্ৰাৰ্থিত্ব  বিজয় মালাকাৰ । ২০‍১৯ লোকসভা নিৰ্বাচনত কৃপানাথ মাল্লা জয়ী হোৱাৰ প্ৰধান কাৰণ আছিল ৰাতাবাৰী বিধান সভা সমষ্টিৰ ভোট শ্বেয়াৰ । ২০‍১৬ বিধান সভা নিৰ্বাচনটো বিজেপি জয়ী হৈছিল ২৪,৫২৬ টা ভোটৰ ব্যৱধানত । সেইমৰ্মে ৰাতাবাৰীত বিজেপিৰ পৰাজয় অসম্ভৱ আজিৰ সময়ত ।
কংগ্ৰেছ আৰু বিজেপিৰ বাবে   উপনিৰ্বাচনৰ ফলাফল ন’ প্ৰফিত ন’ ল’চ হ’ব বুলি  বহুতে ধাৰণা কৰিছে । কাৰণ এইবাৰো কংগ্ৰেছ ১ বিজেপি ৩ ফলাফল হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে । ইচ্ছ্যু হ’ব দফা ৩৭০ , CAB আৰু তাতকৈ বেছি ইচ্ছ্যু হ’ব জাত – পাত , ক্ষমতাৰ পুৰ্ন  ব্যৱহাৰ । উন্নয়নৰ শ্লোগানত যদি ৰাতাবাৰী, সোণাৰি , ৰঙাপাৰাত যদি বিজেপি জয়ী হ’ব তেন্তে জনীয়াত কিয় ম্লান হয় শ্লোগানবোৰ ? প্ৰশ্ন উত্থাপন হয় , ” Is India a mature democracy ? “