পাকিস্তানত মোদী চৰ্চা …

1720

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


১৪ মাৰ্চ ২০১৯ তাৰিখে সিন্ধ এচেম্বলি প্ৰাঙ্গনত মুকলিকৈ পাকিস্তানৰ চৰকাৰ আৰু ইমৰাণ খানক সমালোচনা কৰি সাবাদিকৰ সন্মুখত বক্তব্য
ৰাখিছে । ” পাকিস্তানৰ বৰ্তমান চৰকাৰে উগ্ৰপন্থী সংগঠন বিলাকক আশ্ৰয় দি আছে আৰু এই সংগঠনবোৰে বিদেশী ৰাষ্ট্ৰত কূটাঘাট সংঘটিত কৰিছে ” এই মন্তব্য বিলাল ভুট্টোৰ । পাকিস্তান পিপ’লচ পাৰ্টি (ppp) ৰ চেয়ামেন বিলাল ভুট্টো জাৰদাৰী । বেনজিৰ ভুট্টোৰ সন্তান । সিন্ধ এচেম্বলিৰ বিৰোধী পক্ষৰ নেতা । এই প্ৰসংগত বিলাল ভুট্টোৱে ইমৰাণ খানৰ পিটিআই দলটোক সমালোচনা কৰি ক’য় যে , ” নিৰ্বাচনত উগ্ৰপন্থী দলৰ সহায়ত চৰকাৰ কৰিবলৈ সক্ষম হোৱা ইমৰাণ খানে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ স্থিতি লবলৈ কেতিয়াও ইচ্ছা নকৰে।” এচেম্বলিত তেওঁ আকৌ কৈছে , ” বৰ্তামনৰ ইমৰাণ খান চৰকাৰৰ কেবিনেটত তিনিজন মন্ত্ৰী সন্ত্ৰাসবাদী সংগঠনৰ নেতা । এই গোটেই কেইজন নেতাৰ ভিডিঅ পাকিস্তানৰ চ’চিয়েল মিডিয়াত ভাইৰেল হৈছে । যিটো ভিডিঅ’ত বৰ্তমানৰ মন্ত্ৰী আৰু হৰকট উল মুজাহিদিনৰ নেতা চেহইয়াৰ খান আফ্ৰিদিয়ে সন্ত্ৰাসবাদী সংগঠনৰ কেইজনমান যুবকক পৰামৰ্শ
দি থকা স্পষ্ট ভাবে দেখা পোৱা গৈছে ।” এইখিনিতে বিলাল ভাট্টে আকৌ কৈছে যে পাকিস্তানৰ জেলত তিনিবাৰৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী
সোমাই আছে , সন্ত্ৰাসবাদীৰ হাতত নিজৰ মাতৃ হেৰুৱাইছে ; কিন্তু পাকিস্তানৰ ৰাজপথত সন্ত্ৰাসবাদীয়ে মুকুলিকৈ ঘুৰি আছে ।
            অন্যহাতে ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন বৈদেশিক এমাচাদৰ মুনিৰ আক্ৰমে বক্তব্য ৰাখিছে যে  মোদীৰ ভুল  বিদেশনীতি , ভাৰতৰ মানুহৰ মোহভংগ  আৰু পাকিস্তানৰ দৃঢ় প্ৰতিৰোধ ফলত ২০১৯ ত নৰেন্দ্ৰ মোদী পৰাস্ত হব । ৩০ চেপ্তেম্বৰ ,২০১৮ ‘ ডন ‘ বাতৰিকাকতখনত মুনিৰে লেখিছে যে ভাৰতৰ বিজেপি -আৰ এচ এচ চৰকাৰখনে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰি ভাৰতক এখন হিন্দু প্ৰধান দেশ কৰিবলৈ চেষ্টা কৰি আছে । প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ মোদী সম্পৰ্কীয় মন্তব্যক উদাৰ মন্তব্য বুলি দোহাৰিছে , য’ত ইমৰাণ খানে কৈছিল ” সৰু মানুহ এজন ডাঙৰ অফিচত স্থান পাইছে।” মুনিৰে ভাৰতৰ বুদ্ধিজীৱী অৰুন্ধতি ৰয়ৰ প্ৰেছ মেল ( ৩০ আগষ্ট ২০১৮) এখনৰ উদ্ধৃতি দি কৈছে যে ভাৰত এখন অসুৰক্ষিত দেশ । স্বয়ং অৰুন্ধতি ৰয়ৰ দৰে মানুহে মোদীক ধিক্কাৰ দিছে । কাৰণ বিজেপি আৰু আৰ এচ এচ হ’ল ব্ৰাহ্মন্যবাদী দল । যিহেতু দেশৰ জনতা মোদীৰ প্ৰতি মোহভংগ হৈছে সেয়ে মোদীয়ে সাম্প্ৰদায়িক সংঘৰ্ষ , পাকিস্তানৰ লগত যুদ্ধৰ পৰিবেশ সৃষ্টি কৰিব পাৰে । প্ৰাক্তন বৈদেশিক মন্ত্ৰলায়ৰ বিষয়া জনে বাৰে বাৰে কৈছে যে এই সকলোখিনি কথা ভাৰতৰ জ্ঞন্য-মান্য ব্যক্তি অৰুন্ধতি ৰয়ৰ । এই মন্তব্য কোনো পাকিস্তানী নাগৰিকৰ নহয় ।
    পাকিস্তানৰ দুইজন প্ৰভাবশালী ব্যক্তিৰ দুটা ভিন্ন মত । এজন মাতৃহাৰা পুত্ৰ , যিয়ে মাতৃক  সন্ত্ৰাসবাদীয়ে হত্যা কৰা নিজেই দেখিছে আৰু নিজৰ ‘ককা’  জুলফিকৰ আলি ভুট্টোক পাকিস্তানী সেনাৰ চৰকাৰৰ সময়ত ফাঁচী দিয়া শুনিছে । বৰ্তমান তেওঁ  জুলফিকৰ আলি ভুট্টোই জন্ম দিয়া দলটোৰ উত্তৰাধিকাৰী । এইজন বিলাল ভুট্টোই সন্ত্ৰাসবাদী কাৰ্য্যকলাপত বাবে ইমৰাণ খানৰ প্ৰত্যক্ষ সংযোগ থকা বুলি মুকলি মন্তব্য দিছে । আনজন পাকিস্তানৰ বিদেশ মন্ত্ৰালয়ৰ বিষয়া আৰু বৰ্তমান বাতৰি কাকতৰ স্তম্ভ লেখক । যিজনে ভাৰতৰ বুদ্ধিজীৱী আৰু ভাৰতৰ মোদী বিৰোধী মানসিকতাক ব্যৱহাৰ কৰি পাকিস্তান চৰকাৰক বিশ্বৰ সন্মুখত নিকা কৰি তুলিবলৈ প্ৰয়াস কৰিছে । মুনিৰ আক্ৰম পাকিস্তানৰ কাৰণে ৰাষ্ট্ৰবাদী , তেন্তে দেশদ্ৰোহী কোন ?