৫ টা হাইপ্ৰফাইল সমষ্টি

2046

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ভাৰতত মুঠ লোকসভা সমষ্টিৰ সংখ্যা হ’ল ৫৪৩। ইয়াৰ ভিতৰত প্ৰায় ৫০% সমষ্টিত ফলাফল একপক্ষীয় হ’ব বুলি অনুমান কৰা হৈছে। ইয়াৰ ভিতৰত আছে গান্ধীনগৰ, বাৰাণসী, ৱাইনাৰ্ড, দক্ষিণ বাংগালোৰ ইত্যাদি। বাকী ৫০% আসনত নিৰ্বাচনী যুঁজ  তীব্ৰ হ’ব । এই ৫০% সমষ্টিত আছে কেইবাজনো হাই প্ৰফাইল নেতা। আমাৰ দৃষ্টিত ভাৰতৰ ৫ খন আসন যত থাকিব বিভিন্ন ৰাজনৈতিক দলৰ গুৰুত্বপূৰ্ণ নেতা আৰু তাত হ’ব তীব্ৰ প্ৰতিদ্বন্দ্বিতাঃ
ৰাহুল গান্ধী বনাম স্মৃতি ইৰাণী : গান্ধী পৰিয়ালৰ দুৰ্গ আমেঠীত ৰাহুলক স্মৃতিয়ে প্ৰত্যাহ্বান জনাইছিল ২০১৪ ত। যদিও স্মৃতি পৰাজিত হৈছিল তথাপি ৰাহুলৰ জয়ৰ ব্যবধান ৩ লাখৰ পৰা ১ লাখলৈ হ্ৰাস কৰিবলৈ সক্ষম হৈছিল। ২০১৯ত সমুখ সমৰত পুনৰ এই দুইজন যোদ্ধা। ৰাজনৈতিক বিশ্লেষক সকলৰ মতে ৰাহুলৰ বাবে এইবাৰ পথ মসৃন নহয়। ৰাহুলক পৰাজিত কৰিব পাৰিলে স্মৃতি হৈ পৰিব ২০১৯ নিৰ্বাচনৰ সকলোতকৈ চৰ্চিত ৰাজনৈতিক নেত্রী। ন’হলে পৰাজয়ৰ হেট্ৰিক হ’ব স্মৃতিৰ।
দিগ্বিজয় সিং বনাম প্ৰজ্ঞা ঠাকুৰঃ কংগ্ৰেছৰ বহুবল্কী নেতা দিগ্বিজয় সিং এ লোকসভা নিৰ্বাচনৰ বাবে বাছি ললে এটা কঠিন সমষ্টি। যোৱা প্ৰায় ৩০ বছৰে ইয়াৰ পৰা জয়ী হৈ আছে বিজেপি। চতুৰ অমিত শ্বাহে দিগ্বিজয় সিংৰ বিপক্ষে নিৰ্বাচনত নমালে প্ৰজ্ঞা সিং ঠাকুৰক। এই প্ৰজ্ঞা সিং ঠাকুৰে কংগ্ৰেছৰ দিনত জেলত যাবলগীয়া হৈছিল। প্ৰজ্ঞাক  হিন্দু সন্ত্রাসবাদী বুলি সমালোচনা কৰাৰ অন্যতম ব্যক্তি আছিল দিগ্বিজয় সিং । প্ৰজ্ঞা সিংৰ বাহিৰে অন্যক টিকট দিলে পৰাজয় প্ৰায় নিশ্চিত আছিল বিজেপিৰ। এতিয়া শেষ হাঁহি প্ৰজ্ঞাই মাৰিব যেন লাগে।
জয়াপ্ৰদা বনাম আজম খানঃ সমাজবাদী দলৰ নেতা আজম খানে কৰিছিল জয়াপ্ৰদাৰ বিপক্ষে অভদ্ৰ মন্তব্য। এই ঘটনাটোৰ পিছতে উত্তৰ প্ৰদেশৰ ৰামপুৰ সমষ্টিক লৈ সংবাদ মাধ্যমত চৰ্চা আৰম্ভ হ’ল। সমাজবাদী দলৰ প্ৰাক্তন নেত্রী জয়াপ্ৰদাই দুবাৰকৈ ৰামপুৰৰ পৰা জয়ী হৈ সাংসদ হৈছিল। এইবাৰ তেওঁ বিজেপিৰ প্ৰাৰ্থী। বহু সংখ্যালঘু ভোটাৰ থকা ৰামপুৰত যুঁজ তীব্ৰ হ’ব। আজম খান বৰ্তমানলৈ আগবাঢ়ি আছে।
মুকুল চাংমা বনাম আগথা চাংমাঃ প্ৰাক্তন মুখ্যমন্ত্রী আৰু বৰ্তমান মুখ্যমন্ত্রীৰ ভগ্নী সমুখ সমৰত। তুৰা সংসদীয় সমষ্টিত বহু দশক ধৰি পি.এ চাংমা আৰু তেওঁৰ পৰিয়ালৰ ৰাজত্ব চলি আছে। আগথা আছিল মনমোহন সিং চৰকাৰৰ কনিষ্ঠ মন্ত্রী। প্ৰাক্তন মুখ্যমন্ত্রী মুকুল চাংমাৰো তুৰাত প্ৰভাব নথকা নহয়। মুঠৰ ওপৰত তুৰাত প্ৰতিদ্বন্দ্বিতা হ’ব আকৰ্ষনীয়। আগথা চাংমা জয়ী হোৱাৰ সম্ভাবনা বেছি।
গিৰিৰাজ সিং বনাম কানাইয়া কুমাৰঃ বিজেপিৰ বিতৰ্কিত মন্ত্রী গিৰিৰাজ সিংক এইবাৰ স্হানান্তৰিত কৰা হৈছে বেগুচৰাই সমষ্টিলৈ। কেন্দ্ৰীয় নেতৃত্বৰ এই সিদ্ধান্তত সুখী নাছিল গিৰিৰাজ সিং । ইয়াত তেও চি.পি.আইৰ কানাইয়া কুমাৰৰ তীব্ৰ প্ৰত্যহ্বানৰ সন্মুখীন হ’ব। গিৰিৰাজৰ বাবে সন্তোষৰ কাৰণ যে ভূমিহাৰ সম্প্ৰদায়ৰ আৰু ইয়াত তেওঁলোকৰ সংখ্যা বেছি। উচ্চ জাতিৰ কানাইয়া কুমাৰ অবশ্যে কথা কোৱাত পাকৈত। ভোট যুদ্ধত কোন জয়ী হয় এতিয়াই কোৱা টান।