মামাৰ বিৰূদ্ধে ৫টা ‍অভিযোগ

493

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


আমি পোৱা খৱৰ মতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্রীজনৰ বিৰূদ্ধে কিছুমান মানুহ নাৰাজ হৈছে। এই কথা গম পাই লগে লগে আমি এই বিষয়ে চৰজমিন তদন্ত চলোৱা আৰম্ভ কৰি দিও। আমাৰ তদন্তত ওলাই পৰে মামাৰ বিৰূদ্ধে থকা ৫টা মহা অভিযোগঃ

১) ৩০ হাজাৰ চাকৰিৰ বাবে দুদিন পৰীক্ষা হৈ গ’ল। বহুতে পৰীক্ষা দি এতিয়াও ঘৰত গৈ কিমান নম্বৰ পায় তাৰ গন্তি কৰি আছে। পৰীক্ষাত জুবিনকলৈ প্ৰশ্ন আহিছিল। প্ৰশ্ন আহিছিল অজন্তা নেওগ, আইদেউ সন্দিকৈ আদিক লৈও। প্ৰশ্নবিলাক দেখি পৰীক্ষাৰ্থী কিছুমানে অভিযোগ কৰিছে যে মামাই নিজ হাতে ইয়াক তৈয়াৰ কৰিছে। আন কিছুমানে আকৌ কৈছে মামাৰ হেনো সকলোৰে প্ৰতি বিশ্বাস হেৰাই গৈছে। সেয়হে প্ৰশ্নকাকত লিক হোৱাৰ ভয়ত নিজে কলমত হাত দিলে।

২) পৰীক্ষাৰ সময়ত মোবাইল ইন্টাৰনেট বন্ধ থাকে। ফলত ইন্টাৰনেটৰ পিয়াহত চটফটাই থকা লোকসকলৰ অৱস্থা কাহিল হয়। এওলোক সকলে মামাক তীব্ৰ ভাষাৰে নিন্দা কৰে। আমি জানিব পৰা মতে ব্লাডত ইন্টাৰনেট কমি যোৱা বাবে ৫ জন মানুহক হাস্পতালত ভৰ্তি কৰিবলগীয়া হয়। গধুলি চাৰি বজাৰ পিছত ইউটিউব আৰু ফেচবুক দেখাই চিকিৎসকে এওলোকক সুস্থ কৰি তোলে।

৩) এটা সাধাৰণ সুত্রৰ পৰা পোৱা খৱৰ অনুসৰী মামীৰ স্কুলৰ শিক্ষকৰ ইন্টাৰভিউ ল’ব হেনো ৰনোজ পেগু আৰু ননীগোপাল মহন্তই। ছাত্র ছাত্রী সকলক নীতি শিক্ষাৰ পাঠ পঢ়াবৰ বাবে বিশেষভ‍াবে আমন্ত্রন জনোৱা হৈছে জয়ন্ত মল্ল বৰুৱাক। নৱাগত আদৰণী সভাত নৃত্য প্ৰদৰ্শন কৰিব হেনো আইমী আৰু আঙুৰে। মিড ডে মিলৰ মেনু ঠিক কৰাত মামীক সহায় কৰিছে স্বয়ং মামাই। সেই অনুযায়ী মামাৰ ফেভ’ৰিট পোলাও- মাংসৰ ব্যৱস্থা কৰা হৈছে। এইসকলোবোৰ সুবিধা কিছুমান চকুচৰহাই চৰকাৰী স্কুলতো দাবী কৰিছে।
৪) নিজৰ এজন ছাত্রৰ প্ৰদৰ্শনত মামা ক্ষুণ্ণ হৈছে। যোৱা বহুবছৰে ৰাতি ২-৩ বজালৈ এই ছাত্রজনে মামাৰ তাত টিউচন লয়।মানুহজনে মামাৰ পৰা বহু শিকিলে। আনকি কথা বতৰা, অংগী ভংগীও মামাৰ নিচিনাই হৈছে। কিন্তু পৰীক্ষাত এটা সাধাৰণ প্ৰশ্নৰ উত্তৰ ভুলকৈ দি আহিল। ইয়াক লৈ বিদ্যাৰ্থী পৰিষদে মামাৰ টিউচনৰ গুণগত মানকলৈ প্ৰশ্ন কৰিবৰ সাহস পালে। বহুতে আকৌ ক’ব বিচাৰে যে নিজৰ ছাত্রক বচাবলৈ গৈ হেনো মামাই ভুল উত্তৰটোকে শুদ্ধ বুলি প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিছে।
৫) চৰাইত মামা আৰু কেজৰীৱালৰ তুমুল যুঁজ। কেজৰীৱালে হেনো অসমৰ চৰকাৰী স্কুল চাবলৈ আহে। কোনে কৈছিল কাহি থকা মানুহজনৰ লগত ফেপেৰি পাতি লবলৈ। এতিয়া মামাৰ হেনো দিন ৰাতি টোপনি নহা হৈছে। উপায় নাপালে মামীৰ স্কুলখনকে চৰকাৰী বুলি দেখাই দিয়া হ’ব। ঠাইতে বেহুছ হ’ব কেজৰীৱাল।