স্মাৰ্ট চিগনেলৰ লগত স্মাৰ্ট ট্ৰেফিক বিষয়াৰ দৰকাৰ

500
  • জয়ন্ত পাঠক

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


মই চাকৰি সূত্রে বাংগালোৰ চহৰত প্ৰায় ১৫ বছৰ ধৰি বাস কৰিছিলো। মই বাংগালোৰত ভৰি দিয়া দিনৰ পৰাই মই তাত স্মাৰ্ট ট্ৰেফিক ব্যৱস্থা দেখিছো। ৰঙাৰ পৰা সেউজীয়া হ’বলৈ কিমান চেকেণ্ড আছে সেয়া সুন্দৰভাবে সন্মুখত দেখা পোৱা যায়। ১ মিনিটৰ বেছি সময় থাকিলে সাধাৰণতে চালকসকলে গাড়ীৰ ইঞ্জিন বন্ধ কৰি থয়। চিগনেল সেউজীয়া হোৱাৰ ১০ চেকেণ্ড মান আগতে গাড়ী ষ্টাৰ্ট দিয়ে। এক সুন্দৰ ব্যৱস্থা যত ইন্ধন ৰাহি হোৱাৰ উপৰিও ট্ৰেফিক সুন্দৰ ভাবে পৰিচালনা হৈছে।

গুৱাহাটীত কিয় সমস্যা হৈছে?

স্মাৰ্ট ট্ৰেফিক ব্যৱস্থা প্ৰযোজ্য কৰাৰ দিনাই ৰাইজৰ বহুত অসুবিধা হৈছিল। সাধাৰণতে যিবিলাক ট্ৰেফিকত ১ মিনিট ৰ’ব লগীয়া হয় তাত ৫ মিনিট ৰব’লগীয়া হৈছিল। ইয়াৰ মূল কাৰণ আছিল ট্ৰেফিক লাইটৰ সময়বিলাক বিজ্ঞানসন্মত ভাবে ঠিক কৰা হোৱা নাছিল। উদাহৰণ স্বৰূপে এটা চাৰিআলিত চাৰিটা দিশৰ লোককে মাত্র ১০ চেকেণ্ডকৈ সময় দিয়া হৈছিল। দুৰ্ভাগ্যক্ৰমে সন্মুখত এখন ৰিক্সা থাকিলে দুখনতকৈ বেছি বাহন ১০ চেকেণ্ডত পাৰ হ’ব নোৱাৰে। ফলত দেখিবলৈ পোৱা গৈছিল দীঘলীয়া ট্ৰেফিক জাম। দুদিন মান পিছত ইয়াত ঠিক কৰা হয়। মই যোৱা ৰাষ্টাটোত ১০ চেকেণ্ডৰ ঠাইত ৩০ চেকেণ্ড কৰি দিয়া হয়। ফলত কিছু উন্নতি হয় যদিও এতিয়াও স্মাৰ্ট ট্ৰেফিকৰ সুফল ৰাইজে লাভ কৰা নাই।

কেনেকৈ স্মাৰ্ট ট্ৰেফিকক ফলপ্ৰসু কৰিব

চৰকাৰে ইয়াক প্ৰযোজ্য কৰাৰ আগেয়ে কিছু অধ্যয়ন কৰাৰ প্ৰয়োজন আছিল। দিল্লী বা বেগাংলোৰলৈ টিম পঠাবলৈ আমি কোৱা নাই। আজিকালি সকলো ইউটিউবতে উপলব্ধ। কোনটো চিগনেলত কোন ফালৰ পৰা বেছি ট্ৰেফিক আহে তাক অধ্যয়ন কৰাৰ প্ৰয়োজন আছিল। ৰাতিপুৱা ৮ বজাত স্কুল খোলাৰ সময়ত যিটো দিশেৰে ট্ৰেফিক হয় , দুপৰীয়া ৩ বজাত তাৰ বিপৰীত দিশে ট্ৰেফিক হ’ব। সেই অনুযায়ী ট্ৰেফিক টাইমাৰত সময় নিৰ্দিষ্ট কৰিব লাগিব। ইয়াৰ উপৰিও সকলোতকৈ গুৰুত্বপূৰ্ণ কথা যে সকলো চিগনেলতে এজন অভিজ্ঞ ট্ৰেফিক পুলিছ থকাটো খুবেই প্ৰয়োজন। বহু সময়ত বিভিন্ত কাৰণত কোনো এটা দিশত সাংঘাতিক ট্ৰেফিক জাম হয়। সেইসময়ত স্মাৰ্ট ট্ৰেফিকৰ টাইমাৰৰ ভৰষাত আমি থাকিব নোৱাৰো। ট্ৰেফিক পুলিছজনে যদি তেনেকুৱা সময়ত ৰিমোট কন্ট্ৰোলেৰে চিগনেল লাইট বিলাক পৰিচালনা কৰে তেন্তে সকলোৰে সুবিধা হ’ব। চৰকাৰে বহু টকা খৰছ কৰি গুৱাহাটীত ট্ৰেফিক লাইটৰ আধুনিকীকৰণ কৰিছে। অকল স্মাৰ্ট ট্ৰেফিক লাইট হ’লে নহ’ব স্মাৰ্ট ট্ৰেফিক বিষয়াও থাকিব লাগিব।