মীৰা বৰঠাকুৰ আৰু অসম বিজেপি

8317

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


অসম বিজেপিৰ এজন সম্ভাৱনাপূৰ্ণ নেত্রী মীৰা বৰঠাকুৰ দলৰ পৰা বহিষ্কৃত  হ’ল। এটা সময়ত বিজেপিৰ অসম প্ৰদেশৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদিকা হিচাপেও বৰঠাকুৰক দায়িত্ব দিয়া হৈছিল।  মুখপাত্ৰ হৈ থকা সময়ত দলৰ সপক্ষে বিভিন্ন টেলিভিছন চেনেলত সবল যুক্তি আগবঢ়াইছিল তেখেতে। দলৰ বিপৰীতে গৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি জাতীয়তাবাদী সংগঠন বিলাকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল মীৰা বৰঠাকুৰ। কেইদিনমান আগতে নিজৰ ৰাজনৈতিক জীবনৰ এটা বিতৰ্কিত অধ্যায় কিতাপৰ মাধ্যমেৰে ৰাইজৰ আগত প্ৰকাশ কৰি সংবাদ মাধ্যমৰ বিশেষ গুৰুত্ব লাভ কৰিছিল তেখেতে। বৰঠাকুৰ ডাঙৰীয়ানীৰ বহিষ্কাৰৰ পিছত বিভিন্ন ডিজিটেল মিডিয়া আৰু সংবাদপত্রত তেখেতৰ সাক্ষাৎকাৰ প্ৰকাশ পায়।
এই সাক্ষাৎকাৰকেইটাৰ সাৰাংশ এনেকুৱা ধৰণৰ
১) বিজেপিৰ কেন্দ্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলত বিজেপিৰ প্ৰাক্তন প্ৰভাৰী চন্দ্ৰশেখৰে মীৰা বৰঠাকুৰক অনৈতিক প্ৰস্হাব দিছিল। চন্দ্ৰশেখৰে তেখেতলৈ ৯৮ টা এছ.এম.এছ দিছিল আৰু তাৰ বিপৰীতে মীৰা বৰঠাকুৰে এটা মাত্র ৰিপ্লায় কৰিছিল “আপুনি মোক কুকুৰৰ দৰে মেচেজ নকৰিব”।
২) মীৰা বৰঠাকুৰে চন্দ্ৰশেখৰৰ বিৰুদ্ধে কেন্দ্ৰীয় নেতৃত্বকো অভিযোগ দিছিল। কেন্দ্ৰীয় নেতৃত্বই এই বিষয়ে অনুসন্ধান কৰি শ্ৰীমতী বৰঠাকুৰৰ সপক্ষে ৰায়দান কৰে। চন্দ্ৰশেখৰক গুৰুত্বপূৰ্ণ দায়িত্বৰ পৰা অপসাৰণ কৰা হয়।
৩) যদিও মীৰা বৰঠাকুৰে ন্যায় লাভ কৰে তথাপিও বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মা আৰু আৰ.এছ.এছ নেতা বশিষ্ঠ বুজৰবৰুৱা আদিয়ে বিষয়টো সহজ ভাবে লব পৰা নাছিল। এই দুজন লোকে নিশ্চিত কৰিব বিচাৰিছিল যাতে শ্ৰীমতী বৰঠাকুৰ ৰাজনীতিৰ পথাৰখনত আগুৱাই যাব নোৱাৰে।
৪) মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল আৰু সভাপতি ৰজ্ঞিত দাসৰ ভূমিকাত অসন্ত্তষ্ট মীৰা বৰঠাকুৰ। তেখেতৰ মতে সোনোৱলে সিদ্ধান্ত লব নোৱাৰে আৰু ৰজ্ঞিত দাসে কাৰ্য্যকৰ্তা সকলৰ সমস্যাক গুৰুত্ব নিদিয়ে।
৫) হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰলৈ যাব বুলি ইংগিত দিলে মীৰা বৰঠাকুৰে। তেখেতৰ মতে কেন্দ্ৰীয় নেতৃত্বই অসমক প্ৰতিনিধিত্ব কৰিব পৰা এজন শক্তিশালী নেতা বিচাৰি পাইছে।
কিয় বহিষ্কাৰ কৰা হ’ল মীৰা বৰঠাকুৰক?
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোলৈ মীৰা বৰঠাকুৰ ইমান সৰব হোৱা কথাটো  আচৰিত হবলগীয়া। শ্ৰীমতী বৰঠাকুৰে বিজেপিত যোগদান কৰিছিল ২০০৬ত। বিজেপিয়ে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ কথা কোৱাটো আজিৰ নহয়। এই কথাটো বাজপেয়ী আৰু অাদোৱানীৰ দিনতো কোৱা হৈছিল। অসম আন্দোলনৰ সময়তো আনকি বিজেপি হিন্দু বালাংদেশীক কৈ যঠেষ্ট নৰম আছিল। ইমান পুৰণি সদস্য হৈও হিন্দু বাংলাদেশী সম্পৰ্কে দলৰ স্হিতি নজনা কথাতো হাস্যকৰ। এনে লাগিছে যেন বিজেপি দলৰ নেতৃত্বৰ ধৈৰ্য্যৰ পৰীক্ষা লৈছিল মীৰা বৰঠাকুৰে। তেখেতে নিজে দলত্যাগ কৰাতকৈ দলে বহিষ্কাৰ কৰিলে ৰাইজৰ সহানুভূতি পোৱা যায়। শত্ৰুঘ্ন সিনহাই বহু চেষ্টা কৰি  অবশ্যে এতিয়াও নিজকে  কৰাব পৰা নাই। হতাশ হৈ কিছুদিন পূৰ্বে নিজে দলত্যাগ কৰিলে য়চবন্ত সিনহাই। দলবোৰেও আজিকালি victim card  খেলি সুবিধা লোৱাৰ সুযোগ খুব কম দিয়ে। কিন্ত্ত এই ক্ষেত্রত সফল হ’ল মীৰা বৰঠাকুৰ। তেখেতে TRP পালে; হয়তো কিছুমান লোকৰ সহানুভূতিও পালে।
মীৰা বৰঠাকুৰৰ ভবিষ্যত ?
বিধায়ক-সাংসদ হোৱাৰ উচ্চাকাক্ষা প্ৰায়বোৰ নেতাৰে থাকে আৰু থকা উচিত। যোৱা বিধান সভা নিৰ্বাচনত টিয়ক সমষ্টিৰ পৰা টিকট বিচাৰি বিমুখ হৈছিল তেখেত। অহাবাৰ লোকসভা নিৰ্বাচনত গুৱাহাটী লোকসভাৰ পৰা টিকট বিচাৰিছিল যদিও ইয়াত তেখেতে টিকট পোৱাৰ সম্ভবনা খুব খীণ আছিল। ২০২১তো টিকট নোপোৱাতো প্ৰায় খাটাং । দলত একপ্ৰকাৰ এলাগী হৈ ৰাজনৈতিক ভবিষ্যতৰ বিষয়ে সন্দিহান হৈ বিজেপি দলৰ পৰা নিজকে বহিষ্কৃত কৰাবলৈ সমৰ্থ হ’ল মীৰা বৰঠাকুৰ। ইয়াৰ বাবে তেখেতে বাচি ল’লে হিন্দু বাংলাদেশীৰ বিষয়টো । ২০১৯ বা ২০২১ত নিৰ্দলীয় বা অন্য দলৰ টিকটত নিৰ্বাচনৰ খেলাৰ পূৰ্ণ সম্ভাবনা আছে মীৰা বৰঠাকুৰৰ। বিজেপিৰ কোনো ডাঙৰ নেতাৰ গোপন সমৰ্থন লাভ কৰিলে তেখেতৰ জয়ী হোৱাৰ সম্ভাবনীয়তা নাকচ কৰিব নোৱাৰি । অন্যথা সময়ৰ গৰ্ভত হেৰাই যাব এগৰাকী সম্ভাৱনাপূৰ্ণ নেত্রী ।