বহুত হ’ল পেট্ৰল-ডিজেলৰ মাধমাৰ, ৰাইজক দয়া কৰক …

1998

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ইউ.পি.এ চৰকাৰৰ দিনত অৰুণ জেটলী, সুষমা স্বৰাজ, স্মৃতি ইৰানী অদিয়ে পেট্ৰল, ডিজেল, ৰন্ধন গেছ আদিৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰা কথা হয়তো আপোনাৰ মনত আছে । মনত নাথাকিকেও আজিৰ ডিজিটেল যুগত সেই পুৰণি ছবিবোৰ অতি সহজে উপলদ্ধ। পেট্ৰল-ডিজেলৰ বটল আৰু চিলিণ্ডাৰ সন্মুখত থৈ তেতিয়াৰ বিৰোধী দল বিজেপিয়ে চৰকাৰৰ বিৰুদ্ধে মুখৰ হৈছিল । “বহ’ত হুৱা মেহাগাংই কা মাৰ ..অবকি বাৰ মোডী চৰকাৰ” …এই শ্লোগান আওঁৰাই  দিল্লীৰ মচনদ দখল কৰা বিজেপি চৰকাৰে অাজি পাহৰি গ’ল ৰাইজৰ দুখ- দুৰ্দশা। কিছুমান ৰাজ্যত পেট্ৰলৰ মূল্য ৯০ টকা  চুইছে ।অসমত পেট্ৰলে ৮৫ টকা আৰু ডিজেলে ৭৭ টকা অতিক্ৰম কৰিছে। পেট্ৰল , ডিজেলৰ এই মূল্যবৃদ্ধিয়ে স্বাভাবিকতে বিপদত পেলাইছে সাধাৰণ জনতাক। পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিয়ে প্ৰভাব পেলাইছে বাচৰ ভাড়াত, বস্ত্ত বাহনীৰো মূল্যবৃদ্ধিত ই অৰিহণা যোগাইছে।

কিয় বৃদ্ধি হৈছে পেট্ৰল -ডিজেলে মূল্য?
ভাৰতে ৭০% পেট্ৰলিয়াম পদাৰ্থ অন্য দেশৰ পৰা আমদানি কৰে। ইৰানৰ ওপৰত আমেৰিকাই প্ৰতিবন্ধক লগোৱা, চৌদি আৰবে পেট্ৰলিয়ামৰ উৎপাদন কম কৰা, ভাৰতৰ টকাৰ তুলনাত আমেৰিকান ডলাৰৰ মূল্য বৃদ্ধি পোৱা এই তিনিটা কাৰকে পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিত অৰিহণা যোগাইছে। অনাগত দিনত অান্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য অধিক বৃদ্ধি পোৱাৰ সম্ভাবনা আছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত যেতিয়া খাৰুৱা তেলৰ দাম হ্ৰাস পাইছিল তেতিয়া চৰকাৰে ইয়াৰ ওপৰত  কঁৰ বৃদ্ধি কৰি ৰাইজক ইয়াৰ সুবিধা লাভৰ পৰা বঞ্চিত কৰিছিল। আমি ৯০ টকা দৰত কিনা ১ লিটাৰ পেট্ৰলৰ আচল দাম মাত্র ৪৫ টকা। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ওপৰত প্ৰায় ৫১% আবকাৰী শুল্ক অৰ্থাত ২৩ টকা লাভ কৰে। ডিলাৰৰ কমিছন প্ৰায় ৩.৫০ টকা আৰু বাকীখিনি ৰাজ্য চৰকাৰৰ কঁৰ।
চৰকাৰৰ সন্মুখত বিকল্প
কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে কৈ আছে যে তেওঁলোকে আবকাৰী শুল্ক হ্ৰাস কৰিব নোৱাৰে কাৰণ ইয়ে চৰকাৰ কল্যাণ কামী আচনি  ৰুপায়ন কৰাৰ ক্ষেত্ৰত অসুবিধাৰ  সৃষ্টি  কৰিব। দুই এখন ৰাজ্য চৰকাৰে এটকা- দুটকা হ্ৰাস কৰিছে যদিও ই যঠেষ্ট নহয়। পেট্ৰল – ডিজেলক GST ৰ অধীনলৈ আনিব পাৰিলে ৰাইজে সকাহ পাব কাৰণ তেতিয়া মুঠ কৰ ৫০% ৰ পৰা ২৭% লৈ হ্ৰাস পাব। কিন্তু কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ বাজেটৰ ওপৰত ইয়াৰ প্ৰভাব পৰিব। চৰকাৰে খাৰুৱা তেলৰ বিকল্প যেনে বিদ্যুত চালিত বাহন, জৈবিক ইন্ধন আদিৰ প্ৰসাৰৰ ওপৰতো জোৰ দিছে কিন্তু এইবিলাক ৰুপায়ন কৰোতে সময় লাগিব। ৰাইজক লাগে সমাধান , চৰকাৰৰ বিভিন্ন অজুহাত শুনিবলৈ কোনেও প্ৰস্ত্তত নহয়। ২০১৯ ৰ নিৰ্বাচনলৈ মাত্র ৬ মাহ মান সময় আছে। গতিকে চৰকাৰে অহা কেইমাহমানৰ ভিতৰত দাম হ্ৰাস কৰাৰ কিবা পদক্ষেপ লব বুলি আশা কৰিব পাৰি। চৰকাৰে বিকল্প উৎসৰ পৰা কঁৰ সংগ্ৰহ কৰি ইন্ধনৰ মূল্য কমোৱাৰ বাহিৰে অন্য গত্যন্তৰ নাই। নহলে ২০১৯ত পেট্ৰল-ডিজেলে ই.ভি.এমত জুই  লগাব পাৰে।