মোদী, শ্বাহৰ মুখ চাই অসমীয়াই ভোট নিদিয়ে

1210
  • দেবজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে যে ২০২১ৰ নিৰ্বাচন হিন্দু বনাম মুছলমান হ’ব। হিন্দুৱে মোদী-শ্বাহৰ মুখলৈ চাই ভোট দিব আৰু মুছলমানে কংগ্ৰেছ -এআইউডিএফক চকু মুদি ভোট দিব। আমি কিন্তু এই কথাত একমত নহয়। অসমৰ ৰাইজ ৰাজনৈতিক ভাবে খুব সচেতন। ২০০১ চনৰ পৰা ২০১৬ চনলৈ ১৫ বছৰ কাল অসমৰ ৰাইজে কংগ্ৰেছ দলৰ হাতত শাসনৰ বাঘজৰী অৰ্পন কৰিছিল। অসমৰ ৰাইজে বুজি উঠিছিল যে অসম গণ পৰিষদৰ দ্বাৰা অসমৰ উন্নয়ন সম্ভব নহয়। প্ৰবল জাতীয়তাবাদী চিন্তাধাৰাৰ লোকেৰে পৰিপূৰ্ণ গুৱাহাটীৰ চাৰি সমষ্টি , নলবাৰী, কমলপুৰৰ নিচিনা ঠাইটো কংগ্ৰেছে ৰাইজৰ ব্যাপক সমৰ্থন লাভ কৰিছিল। একে সময়তে অনুষ্ঠিত হোৱা লোকসভাৰ নিৰ্বাচন বিলাকত কোনো সাংগঠনিক ভেটি নোহোৱাকৈয়ে বিজেপিয়ে ভাল ফল দেখুৱাইছিল। ইয়ে প্ৰমাণ কৰে যে অসমৰ ৰাইজে উন্নয়নক গুৰুত্ব দি আহিছে। ২০১৬ ৰ বিধানসভা নিৰ্বাচনত ৰাইজে মোদীৰ মুখলৈ চাই ভোট দিয়া নাছিল আৰু ২০২১টো নিদিয়ে। ২০১৬ত অসমৰ ৰাইজে লক্ষ্য কৰিছিল যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৰূপত বিজেপি দলত দুজন শক্তিশালী ৰাজ্যিক নেতা আছে। অসমৰ ৰাইজে বুজিছিল যে এই দুয়োজন নেতাই দিল্লীৰ পৰা নিজৰ প্ৰাপ্ত আদায় কৰি আনিব পাৰিব। চৰকাৰী চাকৰিয়ালে সময়মতে দৰমহা পাব, ঠিকাদাৰে বিল পাব, ৰাস্তা ঘাটৰ উন্নয়ন হ’ব, নিবনুৱাই কৰ্মসংস্থাপন পাব। তাৰ আশাতে ২০১৬ত ৰাইজে বিজেপিক সমৰ্থন কৰিছিল। সেইবাবেই সোণাইৰ নিচিনা সংখ্যালঘু বসতি প্ৰধান সমষ্টিটো বিজেপিৰ প্ৰাৰ্থী জয়ী হৈ আহিবলৈ সক্ষম হৈছিল। ২০২১টো অনুৰূপ পৰিস্থিতি। এই পৰ্য্যন্ত বিজেপি মিত্রজোঁট নিৰ্বাচনী যুঁজত আগবাঢ়ি থকাৰ মুল কাৰণ হ’ল ইয়াৰ সবল ৰাজ্যিক নেতৃত্ব। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ সমকক্ষ নেতা অসম কংগ্ৰেছত বিচাৰি পাবলৈ নাই। বিজেপিয়ে মুকলি ভাবে মিঞাৰ ভোট নালাগে বুলি কোৱাৰ পিছত পূৰ্ববংগীয় মূলৰ মুছলমানৰ ৯৫% শতাংই বিজেপিক ভোট নিদিয়ে। কিন্তু বিজেপিয়ে যদি তেওলোকৰ বাবে দুৱাৰখন মুকলি কৰি দিলে হেতেনে তেন্তে তেওঁলোকৰ মাজৰ বুজন সংখ্যকে বিজেপিক সমৰ্থন কৰাৰ সম্ভাবনা আছিল। বিজেপিয়ে নিজৰ দীৰ্ঘম্যাদী নীতিৰ বাবে তেনে কৰিব নোৱাৰে বা নুখুজে। অসমৰ বাকী থকা হিন্দু , মুছলমান , খ্ৰীষ্টান সকলো ধৰ্মৰ লোকে অহা দুইমাহত লক্ষ্য কৰিব কোনটো দল অসমৰ বাবে মংগলজনক আৰু কোনে অসমক আগুৱাই লৈ যাব পাৰে। মোদী-শ্বাহ- ৰাহুল গান্ধী আদিৰ হাতত গোটেই দেশৰ দায়িত্ব আছে। তেওঁলোকে অনপৰতে অসমৰ চিন্তা কৰি থাকিব নোৱাৰে। অসমক উন্নতিৰ পথত আগুৱাই নিবলৈ দৰকাৰ এজন শক্তিশালী মুখ্যমন্ত্রী তথা শক্তিশালী ৰাজ্যিক কেবিনেট। সেই কথা অসমৰ ৰাইজে খুব ভালকৈ বুজে। সেয়েহে হিন্দু -মুছলমানৰ বিভাদকামী কথা বা মোদী-শ্বাহ-গান্ধীৰ আশ্বাসত ভোল গৈ অসমৰ ৰাইজে ভোটকৰন্দ্ৰলৈ নাযায়।