হিমন্ত বিশ্ব শৰ্মা = ৫২% ; সোণোৱাল = ৪৮%

1253

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ৰাজনীতি অসমে যোৱা তিনি বছৰে বহু বাৰ ৰাইজৰ মাজত অ’পিনিয়ন প’ল চলাইছে। আমাৰ বিভিন্ন অ’পিনিয়ন প’লৰ পৰা প্ৰায় স্পষ্ট হৈছে যে ২০২১ত পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰ হ’বলৈ গৈ আছে। নিৰ্বাচনৰ আগত কিবা চমৎকাৰ নহ’লে ২০২১ত চৰকাৰ পৰিবৰ্তনৰ কোনো সম্ভাবনা নাই। তেনে পৰিস্থিতিত অসমৰ মুখ্যমন্ত্রীৰ বাবে দুজন মাত্র দাবীদাৰ আছে। বৰ্তমানৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্ত, স্বাস্থ্য আদি বিভাগৰ মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাও মুখ্যমন্ত্রীত্বৰ দাবীদাৰ। বিভিন্ন সভাই সমিতিয়ে ড° শৰ্মাই অসমত পুনৰ বিজেপিৰ চৰকাৰ হ’ব, দলে ১০০+ আসন পাব ইত্যাদি কথা কৈ আছে যদিও ‘সৰ্বানন্দ সোণোৱাল ২০২১ত মুখ্যমন্ত্রী হ’ব’  বুলি কেতিয়াও কোৱা নাই। ইয়াৰ পৰা বুজা যায় যে মুখ্যমন্ত্রী হোৱাৰ বাসনা তেওঁ মনতে পুহি ৰাখিছে। ই অত্যন্ত স্বাভাবিক কাৰণ কংগ্ৰেছত থাকোতে তেওঁ মুখ্যমন্ত্রীৰ আসনখন অলপমানৰ কাৰণে হেৰুৱাইছিল। ১২ বছৰ মন্ত্রীত্বৰ অভিজ্ঞতা থকা শৰ্মাৰ বাবে সোণোৱালৰ অধীনত ৫ বছৰ মন্ত্রী হৈ থকা ইমান সহজ নাছিল। ২০১৯ত লোকসভালৈ যাব খুজিও কেন্দ্ৰীয় নেতৃত্বৰ হেচাত থমকি ৰ’ব লগা হ’ল। হিমন্ত বিশ্ব শৰ্মাই ২০২১ৰ নিৰ্বাচনৰ পিছত কি কৰিব সেয়া জানিবলৈ সকলো উৎসুক। তেওঁ মুখ্যমন্ত্রী হ’বনে সোণোৱালৰ মন্ত্রীসভাত অৰ্ন্তভুক্ত হ’ব নে দিল্লীলৈ যাব সেয়া বৰ্তমান কৌটি টকীয়া প্ৰশ্ন। আকৌ ৫ বছৰ যে সোণোৱালৰ মন্ত্রীসভাত থাকি কাম কৰিবলৈ তেখেতৰ ইচ্ছা নাই সেইটো সকলোৱে জানে। মুখ্যমন্ত্রী নাইবা ৰাষ্ট্ৰীয় ৰাজনীতি ইয়াৰ ভিতৰৰ কিবা এটা তেওঁক দিয়াৰ সিদ্ধান্ত মোদী-শ্বাহে ল’ব লাগিব। দেখা গৈছে যে অসমৰ ৰাইজো এই ক্ষেত্রত নিশ্চিত নহয়। অসমৰ পৰবৰ্তী মুখ্যমন্ত্রী কোন হ’ব আৰু বিকল্প হিচাপে সোণোৱাল আৰু শৰ্মাৰ নাম দিয়াত ৰাইজ সমানে দুটা ভাগত বিভক্ত। ৫২% যদি পৰবৰ্তী মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা হ’ব বুলি ভাবে আন ৪৮% লোকে সোণোৱালৰ সপক্ষে ভোটদান কৰিছে। ২০১২ চনৰ পৰা Chief minister in waiting হিমন্ত বিশ্ব শৰ্মাৰ মনোবাঞ্ছা ৯ বছৰৰ মুৰত পুৰন হ’বনে? গম পোৱা মতে কেন্দ্ৰীয় নেতৃত্বই ইয়াৰ সিদ্ধান্ত নিৰ্বাচনৰ পিছত ল’ব। সকলো সমীকৰণ চালি জাৰি চাই মোদী-শ্বাহে মোহৰ মাৰিব অসমৰ দুইজন নেতাৰ ভবিষ্যত কাৰ্যক্ৰমত।