লণ্ডনৰ বিমান বন্দৰত ভাৰতীয়ৰ কান্দোন :ৰাজেশ সুন্দৰ

1415
  • ৰাজেশ সুন্দৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


প্ৰায় দুবছৰ হ’ল মই লণ্ডনত আছিলো। এজন মোবাইল ডেভেলাপাৰ ইঞ্জিনিয়াৰ হিচাবে তাত কৰ্মৰত। মোৰ ঘৰ বাংগালোৰত। পত্নী আৰু এজনী কন্যা সন্তানেৰে এখন সুখৰ সংসাৰ। মোৰ লগত তেওঁলোকেও লণ্ডনত আছিল যদিও এবছৰ আগতে বাংগালোৰলৈ উভতি যায়। এবছৰ সময় মই লণ্ডনত অকলে আছো। ক’ৰোনা মহামাৰিয়ে পৃথিৱীক গ্ৰাস কৰাৰ বাবে উদ্যত হ’ল। মোৰ পৰিয়াল বাংগালোৰত আৰু মই অকলে লণ্ডনত। মাৰ্চ আৰু এপ্ৰিল মাহ দুটা কেনেকৈ কটাইছো মইহে জানো। এনেতে এটা ভাল খবৰ আহিল _ ভাৰত চৰকাৰে বিদেশত আবদ্ধ হৈ থকা লোকসকলক নিবলৈ বিমান পঠাব। মই লগে লগে চাকৰিৰ পৰা ইস্তফা দি পৰ্টেলত গৈ ফ্লাইট বুক কৰিলো। টিকটৰ মুল্য ৫০ হেজাৰ টকা আৰু ১৪ দিন কুৱাৰেন্টাইন কৰি হোটেলত ৰখাৰ বাবত ২০ হাজাৰ টকা।
১১ মে ৰাতিপুৱাই বিমান বন্দৰত উপস্থিত হ’লো। তাত দেখিলো এক অভাবনীয় পৰিবেশ। শ-শ মানুহ ভাৰতলৈ যাবলৈ ৰৈ আছে। ৩০০ জন মানুহ কঢ়িয়াব পৰা বিমানত টিকট প্ৰদান পৰা হৈছিল প্ৰায় ১৫০ জনক। কাৰণ সকলোৱে সামাজিক দুৰত্ব মানিব লাগিব। মাজৰ আসন বিলাক খালি থাকিব। টিকট থকা ১৫০ জন মানুহৰ উপৰিও প্ৰায় ৫০০ মানুহ আহিছে ভাৰতলৈ যাবলৈ। কোনোবা যদি ছাত্র; কোনোবা পৰ্য্যটক। কিছুমানৰ কোলাত এবছৰীয়া সন্তান।  এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীয়ে বুজাব চেষ্টা কৰিছে যে তেওঁলোকে ১৫০ তকৈ বেছি মানুহক নিব নোৱাৰে। এনেতে কিছুমানে কান্দিব আৰম্ভ কৰিলে। দুই চাৰিজনে আকৌ মজিয়াত বহি লৈ ডাঙৰ ডাঙৰকৈ কান্দিছে। দুখ লগা দৃশ্য। প্ৰায় দুমাহ কাল এওলোক লণ্ডনত বন্দী। টকা-পইছা সকলো শেষ। এতিয়া ভাৰতলৈ প্ৰত্যাবৰ্তন কৰাৰ বাহিৰে গত্যন্তৰ নাই। এনেতে এয়াৰ ইণ্ডিয়াৰ ডাঙৰ অফিছাৰ এজন আহিল  _ ফ্লাইটখন ফুল কৰি মানুহ নিয়া হ’ব। লগে লগে কিছুমানে হাত তালি দিলে। নতুনকৈ ১৫০টা টিকটৰ বিক্ৰী আৰম্ভ হ’ল। কিছুমানৰ হাতত টকা একেবাৰে নাই। সেইসকলক এয়াৰ ইণ্ডিয়াই বিনামূল্যে যোৱাৰ সুবিধা দিলে। আজি বুজিলো লোকচান ভৰি থকা চৰকাৰী বিমান কোম্পানী এটাই এনেকুৱা সময়ত ৰাইজক কিমান সুবিধা দিব পাৰে। বাকী ৰৈ যোৱা যাত্রী সকলক এয়াৰ ইণ্ডিয়াই কথা দিলে যে অহা তিনিদিনৰ বিমান কেইখনত তেখেত সকলোকো লৈ যাব। বহু পলমকৈ আমাৰ যাত্রা আৰম্ভ হ’ল লণ্ডনৰ পৰা বাংগালোৰলৈ। মোৰ পাহৰিব নোৱাৰা এক যাত্রা।