কংগ্ৰেছৰ কোন নেতা বিজেপিলৈ?

1792

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ক’ৰোনাৰ বাবে ৰাজনৈতিক গতি বিধি প্ৰায় নোহোৱা হৈ পৰিছে। মন্ত্রী সকল ব্যস্ত ক’ৰোনা প্ৰতিৰোধকলৈ। বিধায়ক সকলেও নিজৰ নিজৰ সমষ্টিত দুৰ্গত সকলক সহায় কৰিছে। ২০২১ বিধানসভা নিৰ্বাচন চমু চাপিছে। বহুতৰে বিধান সভাৰ টিকটৰ অংক চলি আছে। বিধায়ক সকলৰ লগতে টিকট প্ৰত্যাশী সকলেও ক’ৰোনাত সাহায্য কৰাৰ চলেৰে ভোটাৰ সকলৰ মাজত সোমাই পৰিছে। বিজেপিৰ সোণোৱাল-শৰ্মাৰ শক্তিশালী যুতিৰ বিপক্ষে যুদ্ধ দিব পৰা বিৰোধী দলৰ নেতা এতিয়ালৈকে চকুত পৰা নাই। কংগ্ৰেছ-আজমলৰ মিত্রতাৰ কথা চলি আছে যদিও অাসন বিতৰণ সম্পূৰ্ণ হোৱা নাই। বহুতে আকৌ কংগ্ৰেছ-আজমলৰ মুকলি মিত্রতাতকৈ লোকসভাৰ নিচিনা গোপন মিত্রতা বিচাৰে। কংগ্ৰেছ-আজমলৰ মিত্রতাৰ বাবে নিজৰ সমষ্টিৰ অংকৰ স্বাৰ্থতেই কিছুমান বিধায়কে কংগ্ৰেছ এৰি বিজেপি যাবলৈ যো-জা চলাইছে। প্ৰাপ্ত খৱৰ অনুসৰি ৰূপজ্যোতি কুৰ্মী, অজন্তা নেওগ, কমলাক্ষ দে, ৰাজদ্বীপ গোৱালা, দুৰ্গা ভূমিজ আৰু ৰোজলীনা তিৰ্কীয়ে বিজেপিত যোগদানৰ মন মেলিছে। হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণাও কৰিছে ৰাজদ্বীপৰ কথা। অজন্তা নেওগকলৈও দল উৎসাহী কাৰণ সেই আসন খন বিজেপিৰ আসনখন কঠিব হ’ব। অবশ্যে দুৰ্গা ভুমিজ, ৰোজলীণা আৰু কমলাক্ষকলৈ বিজেপিৰ ভিতৰতে দ্বিমত আছে। একাংশৰ মতে বিজেপিয়ে সেই তিনিখন আসন এনেও অনায়াসে জয় কৰিব পাৰিব। আন একাংশৰ মতে কংগ্ৰেছৰ মনোবল হ্ৰাস কৰাৰ স্বাৰ্থতেই বিধায়ক তিনিজত বিজেপিলৈ অহাটো জৰুৰী। ইয়াৰ উপৰিও ৰেকিবুদ্দিন দোধোৰ-মোধৰ অবস্হাত আছে। কমলা কলিতাক মিৰ্জালৈ স্হানান্তৰিত কৰি ৰেকিবক পলাশবাৰীত নিগাজি কৰাৰ চিন্তা চৰ্চা চলোৱা হৈছে। ভৰত নৰহ, ৰাণী নৰহ , দেবব্ৰত শইকীয়াকলৈও  কিছু খৱৰ ওলাইছে। কিন্তু বিজেপিয়ে কিমানক সংস্থাপিত কৰিব পাৰিব সেইটোহে আচল কথা। ক’ৰোনা সমস্যাৰ ওৰ পৰিলেই আৰম্ভ হ’ব দল সলনিৰ ৰাজনীতি। বছৰ বছৰ ধৰি এটা দলৰ ছত্রছায়াত থকা লোকজনে নিজৰ ৰাজনৈতিক ভবিষ্যতৰ স্বাৰ্থত  আজিৰ ৰাজনীতিত অন্য এটা দলত যোগদান কৰাটো একো আচৰিত কথা নহয়।