“কৰোনা – বেমাৰৰ বিদেশী মহাৰাণী”: প্ৰদীপ কুমাৰ পাটোৱাৰী

1369
  • প্ৰদীপ কুমাৰ পাটোৱাৰী

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


স্বদেশ ফুৰি ফুৰি,
সিদিনা বিদেশ পাইছিলোঁ,
আৰু পৰিভ্ৰমী চৰাইৰ দৰে-
চীনৰ উহান চহৰত,
কিছুদিন জিৰণি লৈছিলোঁ ।
সুউচ্চ অট্টালিকা, মনোমোহা ফুলনি,
পৰি পাতি  চহৰ , পোহৰৰ মায়াজাল !
বিজ্ঞানৰ কি যে চমৎকাৰিতা, পাৰদৰ্শিতা !!
সাগৰ পাৰৰ মৃদু বায়ু, বিচিত্ৰ আহাৰ,
সদ্যব্যস্ত, শুব নিবিচৰা মহানগৰ নিশাৰ।
ভ্ৰমণকাৰীৰ মন কাঢ়িবলৈ সকলো অপাৰ
বিচিত্ৰ সমাহাৰ ,
আৰু যে কি নাই ?
নলগাৰ তালিকাত একো নাই!
আৰু তাতেই সাগৰপৰিয়া বজাৰত,
সিদিনা চৰাই সৰিসৃপৰ মাংসৰ জুতি লওঁতে ;
কৰোনা-
ছায়া মায়া পোহৰত –
শিৰত হীৰাৰ মুকুটেৰে
তোমাক দেখিলোঁ,
তোমাৰ কথা আনৰ পৰাই জানিব পাৰিলো,
তোমাৰ লগত  চিনাকি নহ’লোঁ ।
সিদিনা বিদেশ ভ্ৰমণৰ মিথা স্মৃতি ,
বোকোচাত লৈ , মিচিকিয়া হাঁহিৰে ,
আকাশ মাৰ্গেৰে চীনক বিদায় যাচি,
উহান চহৰৰ পৰা আঁতৰি আহিলো।
কৰোনা-
তুমি সাত সাগৰ তেৰ নদী পাৰ হৈ,
কিয় আজি মোক বিচাৰি আহিছা ?
কৰোনা ?
দূৰণিৰ ফুল কুমলীয়া বিদেশীনী ,
তোমাৰ শিৰত জিলমিলায় হীৰাৰ মুকুট!
তুমি ব্যস্তৱত ভালদৰে নেদেখা অজানা মোৰ,
নমতাকৈয়ে মোৰ পদূলীত থিয় হ’লা কিয় ??
ক্ষমা কৰিবা , হীৰাৰ মুকুট পৰিহিতা,
বিদেশীনী মহামাৰীৰ ৰানী !
ঘৰৰ বাহিৰলৈ ওলাই যাব নোৱাৰিম,
পদূলিত ওলমাইছো ডাঙৰ তলা ,
নোৱাৰিম তোমাক স্বাগতম জনাবলৈ !
নোৱাৰিম তোমাৰ হাতত হাত ধৰিবলৈ!!
মই আপোন মানুহক প্ৰতিশ্ৰুতি দিছোঁ-
ভালপাম বুলি- জননীৰ মাটিৰ ধূলি,
আৰু স্বদেশ আৰু স্বদেশীকও ভাল পাও বুলি,
লগতে তোমাৰ দৰে বিদেশীক
আকোঁৱালি নলও বুলি।
ফেচবুক, টি ভিত- বহুবাৰ দেখিছোঁ তোমাক,
বহু কথা শুনিছোঁ তোমাৰ- চচিয়েল মিডিয়াত!
– তুমি হেনো নিষ্ঠুৰ ,
– হিয়া হীন, স্বাৰ্থপৰ ?
– আনৰ বুকুৰ তেজ কাঢ়ি শুহি খোৱা ?
– এবাৰ ঘৰ সোমালে ,
পৰিয়ালৰ প্ৰতিটোকে আঘাত হানিব বিচৰা?
সহস্ৰ মৃত্যুদ্বন্দ তোমাৰ হাতত ?
সেয়েহে, মই এতিয়া ব্যস্ত ,
দেশৰ আন আন চিকিৎসক বিজ্ঞানীৰ লগত, বিজ্ঞানাগাৰ আৰু চিকিৎসালয়ত,
তোমাৰ প্ৰতিদ্বন্দি বিছাৰি ,
তোমাক অকল-
মোৰ পদূলিৰ পৰাই নহয়,
তোমাক ৰুদ্ধিবলৈ;
দেশৰ সীমাৰ বাহিৰলৈ খেদি পঠিয়াবলৈ,
তোমাক সবংশে মষিমুৰ কৰিবলৈ,
চেষ্টাত ব্ৰতী হৈছো জাগ্ৰত প্ৰহৰী হৈ ।
( ভুলবোৰ শুধৰাই দিলে কৃতাৰ্থ হ’ম)
( প্ৰদীপ কুমাৰ পাটোৱাৰী,জয়া নগৰ,
  গুৱাহাটী, ১৯/০৫/২০২০)