লবীকেন্দ্ৰীক ৰাজনীতি আৰু বিজেপিৰ প্ৰাৰ্থী তালিকা

1475

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


‘ৰাজনীতি অসম’ৰ হাতত ইতিমধ্যে আহি পৰিছে বিজেপি-অগপ বিধায়কৰ সম্পূৰ্ণ ৰিপোৰ্ট কাৰ্ড। ৬ মাহ আগতে বেচৰকাৰী সংস্থা এটাৰ দ্বাৰা তৈয়াৰ কৰা এই সম্পূৰ্ণ  ৰিপোৰ্ট কাৰ্ড আমি এটা বেলেগ আৰ্টিকলত প্ৰকাশ কৰিছো। এই ৰিপোৰ্ট কাৰ্ডত মাত্র ২৮ জন বিধায়কে ভাল নম্বৰ পাইছে, ইয়াত দলীয় নেতৃত্ব চিন্তিত হৈ পৰিছে। কাৰণ ৰিপোৰ্ট কাৰ্ডৰ ওপৰত ভিত্তি কৰি টিকট দিবলৈ গলে ৪৩ জন ৰেদ জ’নত থকা বিধায়ক আৰু ৫ জন অৰেঞ্জ জ’নৰ বিধায়কৰ টিকট কাটিব লাগিব যি সম্ভব নহয়। সেয়হে ৰাজ্যিক নেতৃত্বই সকলো বিধায়ককে সময় দিছে নিজৰ ইমেজ ভাল কৰিবলৈ। কিন্তু বহু বিধায়কে ৬ মাহ সুযোগ পোৱা স্বত্বেও সময়ৰ সদ ব্যবহাৰ কৰা নাই ;যাৰ ফলত দলে তেওঁলোকৰ টিকট কাটিবলৈ যো- জা চলাইছে। অবশ্যে বহু ক্ষেত্রত ৰিপোৰ্ট কাৰ্ডত বেয়া হ’লেও লবীকেন্দ্ৰীক ৰাজনীতিৰ বাবে একাংশই টিকট পাই যাব পাৰে।
বৰাকত চাৰিজনৰ ৰিপোৰ্ট ভাল আন চাৰিজনৰ বেয়া।  উদাৰবন্দ, বৰখোলা আৰু কাটিগড়াত বিজেপিয়ে প্ৰাৰ্থী সলনিৰ যোজা কৰিছে কিন্তু এতিয়ালৈকে শক্তিশালী প্ৰাৰ্থী চকুত পৰা নাই। বিজেপি সভাপতি ৰঞ্জিত দাসৰ নিজা সমষ্টিতে ভেটি থৰক বৰক।ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ প্ৰভুত্ব থকা সৰভোগ সমষ্টিত কংগ্ৰেছ,বদৰুদ্দিন আজমল আৰু বামপন্থী শক্তিৰ উমৈহতীয়া প্ৰাৰ্থীৰ জয় নিশ্চিত । সেয়হে তেওঁ পাটাছাৰকুছিলৈ ঢাপলি মেলিবলৈ খুজিও থমকি ৰব লগা হৈছে। কেন্দ্ৰীয় নেতৃত্ব সমষ্টি সলনি কৰাৰ পক্ষপাতী নহয়।
তেনে ক্ষেত্রত অগপৰ হাতত সমষ্টি থাকি গ’লে ৰঞ্জিত ডেকা তেওঁলোকৰ প্ৰাৰ্থী হ’ব। পলাশবাৰীত প্ৰণব কলিতাৰ সলনি এইবাৰ অগপৰ কমলা কলিতাৰ প্ৰাৰ্থীত্ব প্ৰায় চুৰান্ত। দিছপুৰত অতুল বৰাৰ বিদায় আসন্ন। ইয়াত বিজেপিৰ কেইবাটাও লবীয়ে কাম কৰি আছে যদিও জয়ন্ত দাস বৰ্তমানলৈ আগবাঢ়ি আছে। গুৱাহাটী পূৱ আৰু পশ্চিমলৈ বিজেপিৰ বহু ন-পুৰণি কৰ্মীৰ চকু। তাৰ ভিতৰত অন্যতম ৰূপম গোস্বামী আৰু শাম্তনু ভড়ালী। অৰ্ণব গোস্বামী দুৰ্বল হোৱাৰ বাবে মামা সিদ্ধাৰ্থৰ টিকট পোৱাত অনিশ্চয়তাই দেখা দিছে। হিমন্ত বিশ্বৰ সহযোগত জয়ন্ত মল্ল বৰুৱাই নলবাৰীত টিকটৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। বৰক্ষেত্রী কঠিন যদিও নাৰায়ণ ডেকাৰ বাদে বিজেপিৰ গত্যন্তৰ নাই। ঢেকিয়াজুলিত অশোক সিংহলৰ স্থিতি দুৰ্বল যদিও হিমন্ত বিশ্বৰ লবীৰ বাবে তেওঁ সিমান চিন্তা কৰা নাই। তেজপুৰত পুৰণি বিজেপি কৰ্মী ঋতুবৰণ শৰ্মা টিকটৰ দৌৰত আগবাঢ়ি আছে। ৰহাত ডিম্বেশ্বৰ দাসৰ সলনি প্ৰাক্তন পুলিছ বিষয়া শ্যামল শইকীয়াই এইবাৰ টিকট পাব। তেওঁ সমষ্টিত কাম আৰম্ভ কৰি দিছে। বৰহমপুৰত ৰাজেন গোহাঁইৰ লগতে জিতু গোস্বামীয়ে টিকট বিচাৰিছে। লামডিংত শিবু মিশ্ৰৰ সলনি ৰাজীব ঘোষে টিকট পোৱাৰ সম্ভাবনা উজ্জ্বল। সোনাৰিত নবনীতা সন্দিকৈৰ টিকট কটা যোৱা নিশ্চিত। শক্তিশালী প্ৰাৰ্থীৰ সন্ধান অব্যাহত আছে। ডিব্ৰুগড়ত তিনিবাৰৰ বিধায়ক প্ৰশান্ত ফুকনৰ ৰাজনৈতিক কেৰিয়াৰ অন্ত পৰিব পাৰে। মহিলা মৰ্চাৰ সভানেত্রী  অপৰাজিতা ভূঞাই এইবাৰ ডিব্ৰুগড়ৰ পৰা টিকট পাব পাৰে।
ৰঞ্জিত দাস, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু ফণী শৰ্মা এই চাৰিজনৰ অন্ততঃ দুজনক  সন্ত্তষ্ট কৰিব নোৱাৰিলে টিকট কটা যোৱা নিশ্চিত।