২০২১ বৰ্ষৰ শীৰ্ষ ১০টা ৰাজনৈতিক পৰিঘটনা

893

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


২০২১ৰ আৰম্ভনি হয় কৰোণাৰ ডেল্টা ভেৰিয়েন্টৰ ত্রাসেৰে আৰু শেষ হয় অমিক্ৰনৰ খবৰেৰে। ইয়াৰ মাজতে ভাৰত তথা অসমৰ ৰাজনীতিত বহুতো গুৰুত্বপূৰ্ণ পৰিঘটনা সংঘটিত হয়। আপোনাৰ বাবে আমি যুগুত কৰি উলিয়াইছো ২০২১ চনৰ শীৰ্ষ ১০টা ৰাজনৈতিক পৰিঘটনা।
১) ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰাটো ২০২১ চনৰ সকলোতকৈ উল্লেখযোগ্য ঘটনা। ২০০৩ চন মানৰ পৰাই অসমৰ ৰাজনীতিত দপদপাই থকা শৰ্মাক বিজেপি হাইকামাণ্ডে মুখ্যমন্ত্রীৰ বাবে নিৰ্বাচিত কৰিব বুলি অসমৰ বহুতো ৰাইজে ভবা নাছিল। শাসনত ঘূৰি অহা দল এটাই মুখ্যমন্ত্রী সলনি কৰা ঘটনা গোটেই ভাৰতবৰ্ষতে বিৰল। হিমন্ত বিশ্বৰ ৰাজনৈতিক উত্থানে ভাৰতৰ ৰাজনৈতিক মানচিত্রত অসমৰ প্ৰবেশ ঘটা বুলি ক’ব লাগিব।
২) কংগ্ৰেছৰ ২ আৰু এ.আই.ইউ.দি.এফৰ ১জন বিধায়কে নিৰ্বাচন ঘোষণা হোৱাৰ তিনিমাহৰ ভিতৰত পতদ্যাগ কৰি বিজেপিত যোগদান কৰা ঘটনাই অসমতে নহয় গোটেই ভাৰত বৰ্ষতে জোকাৰনি তুলিছে। দুবাৰ নিৰ্বাচনত পৰাজিত হৈ মাত্র কেইটামান ভোটত জয়ী হোৱা ফনী তালুকদাৰে ইমান ডাঙৰ ৰিক্স ল’ব বুলি ৰাজনৈতিক পণ্ডিত সকলে সপোনতো ভাবিব পৰা নাছিল।
৩) জেলৰ পৰা বিধানসভা নিৰ্বাচনত জয়ী হৈ অখিল গগৈয়ে অসমৰ ৰাজনীতিত এটা নতুন ইতিহাস ৰচিলে। প্ৰাপ্ত খৱৰ অনুসৰি অখিল গগৈৰ বিজয়ো হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যভিষেকৰ এটা উল্লেখযোগ্য কাৰণ। হিমন্ত বিশ্ব বিহীন বিধানসভাত সৰ্বানন্দ সোণোৱালে গগৈক কিমান দমাই ৰাখিব পাৰে তাত বিজেপি হাইকামাণ্ডৰ সন্দেহ আছে।
৪) অসম ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ৰূপে ভূপেন বৰাৰ নিৰ্বাচন সাধাৰণ ঘটনা নহয়। প্ৰদ্যুত বৰদলৈ আৰু গৌৰৱ গগৈক পিছ পেলাই তিনিটা ক্ৰমাগত নিৰ্বাচনত পৰাজিত হোৱা ভূপেন বৰাই এতিয়ালৈকে বিশেষ কৃতকাৰ্য্যতা লাভ কৰিব পৰা নাই। আগন্তুক পৌৰ সভাৰ নিৰ্বাচন বৰাৰ বাবে হ’ব আৰু এটা অগ্নি পৰীক্ষা।
৫) অসম বিধান সভাত বাজেট পাঠ কৰে এগৰাকী মহিলা বিত্তমন্ত্রীয়ে। অসমত আগতে কোনো মহিলা বিত্ত মন্ত্রী ৰূপে নিযুক্ত হোৱা নাছিল। ২০২১ চন এক বিৰল ঘটনাৰ সাক্ষী হৈ ৰ’ল।
৬) বিপিএফ দলৰ শোচনীয় পৰাজয় ঘটে ২০২১ চনত। যদিও পৰিষদীয় নিৰ্বাচনত ইউ.পি.পি.এল দলে চৰকাৰ গঠন কৰে তথাপিও বিপিএফে একক সংখ্যাগৰিষ্ঠ দল ৰূপে ৰাইজৰ সমৰ্থন লাভ কৰে। দলটোৱে ২০২১ বিধানসভা নিৰ্বাচনকলৈ বহু আশাবাদী আছিল। তিনি মন্ত্রী প্ৰমীলাৰাণী ব্ৰহ্ম, ৰিহণ দৈমাৰী আৰু চন্দন ব্ৰহ্মৰ শোচনীয় পৰাজয় আৰু বিধানসভাৰ আসনৰ সংখ্যা ১২ৰ পৰা ৩ খনলৈ হ্ৰাস হোৱাৰ পিছত হাগ্ৰামাৰ মুখৰ মাত হেৰাই গৈছে।
৭) বিশ্বজিত দৈমাৰীক বিধানসভাৰ অধ্যক্ষৰ পদৰ দায়িত্ব প্ৰদান কৰা ২০২১ চনৰ উল্লেখযোগ্য ঘটনা। অসমৰ সৰ্ব বৃহৎ জনগোষ্ঠী বড়ো সকলৰ মাজৰ পৰা প্ৰথম বাৰৰ বাবে এজন নেতাই এই সন্মানীয় পদবী লাভ কৰিবলৈ সক্ষম হৈছে।
৮) অসমৰ মুখ্যমন্ত্রী পদৰ বাবে হিমন্ত বিশ্ব শৰ্মাক বাচনি কৰাৰ পিছত  সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় কেবিনেটত অন্তৰ্ভুক্ত কৰাটো প্ৰত্যাশিত আছিল। প্ৰায় ১০ বছৰ বিৰতিৰ পিছত এজন অসমীয়াই কেন্দ্ৰীয় কেবিনেটত স্থান লাভ কৰিলে।
৯) অসম গণ পৰিষদ গঠন হোৱাৰ ৩৬ বছৰ পিছত আছুৰ ঔৰষত পুণৰ এটা ৰাজনৈতিক দলৰ জন্ম হৈছিল। ২০২১ নিৰ্বাচনত এই দলৰ শোচনীয় পৰাজয়ে প্ৰমাণ কৰে যে ৰাজ্যত আছুৰ গণভিত্তি সংকুচিত হৈ আহিছে।
১০) অসমৰ বিভিন্ন মিডিয়া হাউছে যোৱা ১৫ বছৰৰো অধিক কাল হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি আহিছিল। কিন্ত শৰ্মা মুখ্যমন্ত্রী হোৱাৰ পিছত এই আক্ৰমণ যেন কিছু পৰিমানে প্ৰশমিত হৈছে।