স্বৰ্গধামত গগৈ, নেহেৰু, গান্ধী

731

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


ৰাতি দুটামান বাজিছে। হঠাৎ কোনোবাই বিচনাৰ পৰা চুলিত টানি উঠাই দিলে। ক্ষীণ চেহেৰাৰ মানুহজনক মই প্ৰথমতে চোৰ বুলি ভাবিছিলো। পিছতহে গম পালো_তেওঁ যম। পৃথিবীত মোৰ সময় শেষ হোৱাৰ বাবে মোক নিবলৈ আহিছে। মোৰ আধাৰ কাৰ্ডখন হেনো নৰকৰ ডাটাবেছৰ লগত লিংক কৰা হৈছে কিন্তু মোৰ বাবে সৌভাগ্যৰ বিষয় যে নৰকত স্থান খালী নাই। সেয়েহে চিত্রগুপ্তৰ লগত আলোচনা কৰি মোৰ বাবে স্বৰ্গত এখন বিচনাৰ যোগাৰ কৰা হৈছে। যাত্রা কালত মই যম মহাশয়ৰ পৰা বহু কথা জানিব পাৰিলো। মোদী চৰকাৰ অহাৰ পিছত তেওঁক হেনো অকল হিন্দু মানুহৰ দায়িত্ব দিয়া হৈছে। ইছলাম আৰু খ্ৰীষ্টানৰ যমদূতৰ হেনো ডিপাৰ্টমেন্ট বেলেগ কৰা হৈছে। নৰক পাপী মানুহেৰে ভৰি পৰিছে। দৈনিক বহু মানুহক ৰিফাইন তেলত ভাজিব লগা হোৱা বাবে যমৰ বহুকেজি ওজন কমি গৈছে। এক ঘন্টামান পিছত আমি স্বৰ্গ পালো। মোক দৰ্জাত এৰি যম চাৰ নিজৰ ডিউটিলৈ গমন কৰিলে। স্বৰ্গত সোমাই দেখিলো চাৰিও ফালে অপ্সৰাৰ নৃত্য। বহু চিনাকি মানুহে ঘুৰণীয়া টেবুলত বহি কথা পাতি আছে। মানুহবোৰেনো কি কথা পাতিছে শুনিবলৈ মন গ’ল। সেয়েহে কাণ পাতি দিলোঃ
(১)
নেহেৰুঃ যোৱাবাৰ আমেঠি গ’ল। এইবাৰ ৰাইবেৰেলিত কি হয় ঠিক নাই।
ইন্দিৰা গান্ধীঃ এইজনী কি বোৱাৰী আনিলে ৰাজীবে? মোৰ সন্মান মাটিত মিলাই দিলে।
ৰাজীব গান্ধীঃ চোনীয়াৰ কি দোষ? তেওঁচোন দলক দুবাৰ জিকালে। অনপৰতে তেওঁক কিয় দোষ দি থাকা?
ইন্দিৰা গান্ধীঃ সদায় তিৰোতা জনীৰ গুণ গাই থাক যে তাই লৰাটোক একো কিয় শিকাব নোৱাৰিলে? কোনে কব সি মোৰ নাতি?পাকিস্তানক পৰাজিত কৰি মই বাংলাদেশ গঢ়িছিলো। মোক নাম দিছিল দুৰ্গা। মই…
নেহেৰুঃ এশবাৰ মান শুনিলো। আজি নালাগে নেকি ইন্দিৰা। মূৰটো কিবা বিষায় আছে।
(২)
গোপীনাথ বৰদলৈঃ তোমাৰে শিষ্য আজি মুখ্যমন্ত্রী হৈছে। গৌৰৱ হয়নে তোমাৰ?
তৰুণ গগৈঃ মোৰ লৰা গৌৰৱৰ প্ৰতিহে চিন্তা জাগিছে। আজি অসমত পঢ়া শুনা কৰিলে অন্ততঃ ভাষাটো ঠিকমতে কব পাৰিলেহেতেন। হেমন্তই তাক এইবাৰ হৰাবৰ বাবে নিশ্চয় কিবা কূট কৌশল ৰচনা কৰিব।
গোপীনাথ বৰদলৈঃ তোমাৰজনে দিল্লীত কিবা হলেও অলপ কৰি আছে। মোৰজনৰ টো খৱৰেই নাই। সদায় নিউজ লাইভ, প্ৰতিদিন চাও, কতো নাম গোন্ধেই নাই। বহু কষ্ট কৰি তাক ঘোৰাৰ ডাক্তৰ হিচাপে আৰ্মীত সোমাই দিছিলো। কষ্টই কৰিব নোখোজেহে?
তৰুণ গগৈঃ মিছা ক’লে কি হ’ব? ময়ো ৰবীনক চিনি পাবলৈ বাকী নাই।
(৩)
সুষমা স্বৰাজঃ দাদা আপোনাৰ গান এটা শুনিবলৈ বৰ মন গৈছে। গংগা বেহতি হো কিউ গানটো এবাৰ গাব নেকি?
ভূপেন হাজৰিকাঃ শুনিবলৈ পাইছো গংগা হনো পৰিস্কাৰ হৈছে। এতিয়া গংগাৰ স্ৰোতক কোনেও বাধা দিব নোৱাৰে।
কল্পনা লাজমীঃ মোৰো শুনিব মন গৈছে। অৰিজিন অসমীয়া গানটো গাব নেকি?
ভূপেন হাজৰিকাঃ আজি মোৰ অসমখনলৈ খুব মনত পৰিছে। তোমালোকে অনুৰোধ কৰিছা যেতিয়া নোগোৱাকৈ থাকিব কেনেকৈ পাৰো।
ভূপেন হাজৰিকা দেবে গান আৰম্ভ কৰিলে। সকলোৱে মগ্ন হৈ শুনি আছে। মইহে একো শুনিব পৰা নাই। হাজৰিকা দেৱৰ ওচৰ চাপি গলো। নাই শুনা নাই। আৰু ওপৰ চাপিলো। নাই শুনা। এনেতে শব্দ এটা হ’ল। মই বিচনাৰ পৰা মজিয়াত। হায় সপোন!