৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত নমো নমো…

4241
  • চবিন বসুমতাৰী

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


আজি ১ ডিচেম্বৰ ২০১৮। আৰু ১০ দিন পিছত অৰ্থাৎ ১১ ডিচেম্বৰ ২০১৮ তাৰিখে ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব। তেলেংগানা আৰু মিজোৰামক লৈ সংবাদ মাধ্যমৰ মাজত বিশেষ কোনো উৎসাহ দেখা পোৱা নাই। বিজেপি আৰু কংগ্ৰেছ যিহেতু ৰাজস্হান, মধ্যপ্ৰদেশ আৰু চত্তিছগড়ত সমুখ সমৰত আছে সেয়েহে এই তিনিখন ৰাজ্যৰ ফলাফল ৰাষ্ট্ৰীয় ৰাজনীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ।
ফলাফল যিয়ে নহওক কিয় ৰাজনৈতিক দলৰ প্ৰবক্তা বিলাকে কিন্তু আজিৰ যুগত হাৰ মনা বিধৰ নহয়। প্ৰকৃততে হাৰিও কেনেদৰে পৰিসংখ্যাৰে নিজৰ বিজয় সাব্যস্ত কৰিব পাৰি সেয়া আজিৰ দিনৰ ৰাজনৈতিক দলৰ প্ৰবক্তা বিলাকৰ পৰা শিকিব পাৰি। এনে লাগে যেন তেওঁলোকে নিৰ্বাচনৰ ফলাফলৰ দিনা কি কব সেই বিষয়ে বহু দিন আগৰ পৰা প্ৰস্ত্তত হৈ থাকে।
 এওঁলোকৰ কথা শুনি শুনি এতিয়া ৰাইজেও নিজে কল্পনা কৰিব পৰা হৈছে ১১ ডিচেম্বৰৰ দিনা ৰাজনৈতিক দল বিলাকে কি কব। ১১ ডিচেম্বৰৰ দিনা ৩ ৰাজ্য মধ্যপ্ৰদেশ, ৰাজস্হান আৰু চত্তিছগড়ৰ ফলাফল ঘোষণা কৰাৰ পিছত কোন দলে কি কব সেই বিষয়ে আমি ৰাইজক প্ৰশ্ন কৰিছিলো। ইয়াৰ উত্তৰত ৰাইজে আমাক দিলে কিছুমান আমোদজনক তথ্য। আহক জানো ৰাইজে আমাক কি ক’লে__
দৃশ্যপট ১ঃ তিনি ৰাজ্য মধ্যপ্ৰদেশ, ৰাজস্হান আৰু চত্তিছগড়ত কংগ্ৰেছৰ বিজয়।
কংগ্ৰেছঃ এই বিজয় আমি আমাৰ সভাপতি ৰাহুল গান্ধী ডাঙৰীয়াক সমৰ্পন কৰিছো। ভাৰতত বিজেপিৰ দিন উকলিল। ২০১৯ৰ ১৫ আগষ্টত লালকিল্লাৰ পৰা ৰাহুল গান্ধীয়ে পতাকা উত্তোলন কৰিব।
বিজেপিঃ এই নিৰ্বাচন স্হানীয় বিষয়ৰ ওঁপৰত ভিত্তি কৰি খেলা হৈছে। ১৫ বছৰ থকাৰ পিছত স্বাভাবিকতে অলপ প্ৰতিস্হান বিৰোধী ঢৌৰ সৃষ্টি হয়। ২০১৯ত ইয়াৰ কোনো প্ৰভাব নপৰে। মোডী ডাঙৰীয়া এতিয়াও সকলোতকৈ জনপ্ৰিয় নেতা।
দৃশ্যপট ২ঃ তিনি ৰাজ্যৰ ভিতৰত দুখনত কংগ্ৰেছৰ বিজয়। এখনত বিজেপিৰ বিজয়।
কংগ্ৰেছঃ আমাৰ সভাপতি ৰাহুল গান্ধীৰ অক্লান্ত পৰিশ্ৰমৰ বাবে এই জয় সম্ভব হ’ল। চত্তিছগড়ত আমাৰ পৰাজয় হ’লেও আমাৰ ভোটৰ শতাংশ বৃদ্ধি হৈছে। অজিত যোগী বিজেপিৰ এজেন্ট হৈ কাম নকৰা হ’লে তাতো আমাৰ বিজয় নিশ্চিত আছিল।
বিজেপিঃ ১৫ বছৰ শাসন কৰাৰ পিছতো আমাক চত্তিছগড়ৰ ৰাইজে পুনঃ গ্ৰহণ কৰিছে আমি ৰাইজক ধন্যবাদ জনাইছো। ৰাজস্হান আৰু মধ্যপ্ৰদেশত প্ৰতিস্হান বিৰোধী ঢৌৰ বাবে জয় সম্ভব ন’হল।
দৃশ্যপত ৩ঃ ৰাজস্হানত কংগ্ৰেছৰ জয়, মধ্যপ্ৰদেশ আৰু চত্তিছগড়ত বিজেপিৰ জয়।
কংগ্ৰেছঃ বিজেপিয়ে শেষ মুহূৰ্তত ৰাম মন্দিৰৰ বিষয়টো আনি ৰাইজৰ মাজত সাম্প্ৰদায়িক বিভাজন আনি দুখন ৰাজ্যত জয়ী হৈছে। বহু প্ৰত্যাহ্বানৰ মাজতো ৰাজস্হানত জয়ী হৈছো। নৈতিক ভাবে আমাৰ জয় হৈছে।
বিজেপিঃ ১৫ বছৰ একেৰাহে শাসন কৰাৰ পিছতো দুখন ৰাজ্যত আমাৰ বিজয় হ’ল। এয়া মোডী ডাঙৰীয়াৰ জনপ্ৰিয়তাৰ বাবে হৈছে। ৰাজস্হানে প্ৰতি ৫ বছৰত চৰকাৰ সলনি কৰে সেয়ে আমি জানিছিলো তাত পৰাজিত হম বুলি।
দৃশ্যপট ৪ঃ ৩ ৰাজ্যত বিজেপিৰ জয়।
কংগ্ৰেছঃ এয়া বিজেপিৰ জয় নহয় ই.ভি.এমৰ জয়।
বিজপিঃ নমো নমো নমো নমো নমো নমো নমো নমো ………..