ৰাষ্ট্ৰপতি নাইডু, উপ ৰাষ্ট্ৰপতি হ’ব পাৰে নিতিশ কুমাৰ

689

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


এই বছৰ হ’বলগা ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে বহুকেইজন নেতাৰ নাম সন্মুখলৈ আহিছে। উত্তৰ প্ৰদেশ নিৰ্বাচনৰ পিছত বিজেপিয়ে অতি সহজে দুয়োতা পদত নিজৰ প্ৰাৰ্থীক মনোনীত কৰি নিব পাৰিব। ৰাষ্ট্ৰপতি নিৰ্বাচনত লোকসভা, ৰাজ্যসভাৰ সাংসদৰ লগতে ৰাজ্যৰ বিধায়ক সকলে ভোটদান কৰে। উপ ৰাষ্ট্ৰপতিৰ বাবে কেবল সাংসদ সকলে ভোট দিব পাৰে। ৰাষ্ট্ৰপতিৰ পদৰ বাবে সকলোতকৈ বেছি সম্ভাবনা থকা লোকজন হৈছে উপ ৰাষ্ট্ৰপতি ভেংকেয়া নাইডু। নাইডুৰ নিৰ্বাচনে দক্ষিণ ভাৰতত বিজেপিক সহায় কৰিব। যদি ভেংকেয়া নাইডু ৰাষ্ট্ৰপতি নিৰ্বাচত হয় তেন্তে বহু বছৰ বিৰতিৰ মূৰত এজন তেলেগু ব্যক্তিয়ে দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হ’বলৈ সক্ষম হ’ব। নাইডুৰ নাম সকলোতকৈ বেছি চৰ্চাত আছে যদিও বিজেপি দলে সকলোকে আচৰিত কৰি অন্য কোনো ব্যক্তিকো এই পদৰ বাবে মনোনীত কৰিব পাৰে। বিশেষকৈ বিভিন্ন ৰাজ্যত ৰাজ্যপাল ৰূপে কাৰ্য্যনিৰ্বাহ কৰি থকা কোনো এজন শক্তিশালী আৰ.এছ.এছ বেকগ্ৰাউণ্ড থকা ব্যক্তি ৰাষ্ট্ৰপতি হৈ গ’লেও আচৰিত হ’ব লগীয়া একো নাই।
উপ ৰাষ্ট্ৰপতিৰ বাবে বিভিন্ন ব্যক্তিৰ নাম সংবাদ মাধ্যমত ওলাইছে যদিও কেইদিনমানৰ পৰা নিতিশ কুমাৰকলৈ চৰ্চা হৈ আছে। যোৱা বছৰ নিতিশ কুমাৰ পুনৰ বিহাৰৰ মুখ্যমন্ত্রী হ’ল যদিও এইবাৰ মিত্রদল বিজেপিৰ পৰা প্ৰত্যাহ্বান অধিক। নিতিশ কুমাৰৰ দলৰ বিধায়কৰ সংখ্যা বিজেপিতকৈ কম তথা সংখ্যাৰ ক্ষেত্রত বিধানসভাত তিনি নম্বৰ স্থানত আছে। ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি বিজেপিয়ে আগ্ৰাসী ভূমিকা গ্ৰহণ কৰিছে। নিতিশ নিজে নিশ্চিত নহয় তেওঁ আৰু কিমান বছৰ চৰকাৰ চলাব পাৰিব। ৰাজনৈতিক মহলত চৰ্চা চলিছে যে নিতিশক বিজেপিয়ে উপ ৰাষ্ট্ৰপতিৰ পদবীৰ বাবে প্ৰস্তাব আগবঢ়াইছে। নিতিশে যদি নিজে এটা সন্মানীয় পদ এটা লাভ কৰি মুখ্যমন্ত্রীৰ আসনখন বিজেপিৰ বাবে এৰি দিয়ে তাতকৈ প্ৰাপ্তিৰ কথা বিজেপিৰ বাবে আন একো হ’ব নোৱাৰে। নিতিশ কুমাৰৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব ভাৰতৰ পৰবৰ্তী উপ ৰাষ্ট্ৰপতি কোন হ’ব।