অব তক ৫৬

1346

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


চাওতে চাওতে চৰকাৰখনে ১০০টা দিন সম্পূৰ্ণ কৰিলে। ১০০ দিনত চৰকাৰৰ কাম কাজক বহু লোকে প্ৰশংসা কৰিছে। আন কিছুমানে সমালোচনাও নকৰা নহয়।  আমি লগ ধৰিছিলো এই সময়ৰ চৰ্চিত ব্যক্তি দুজনক।
(১)
কতনু ভূঞাঃ ১০০ দিনত আপোনাৰ সকলোতকৈ ডাঙৰ সাফল্য কি?
বিমন্ত বিশ্বঃ মই ভাবো ৭৫ বছৰত কৰিব নোৱাৰা কাম এটা আমি ১০০ দিনত কৰিলো। অলিম্পিকত আমি মেডেল পালো।
কতনু ভূঞাঃ কিন্তু ইয়াত আপোনাৰ অবদান কি? আপুনিতো coaching কৰা নাছিল।
বিমন্ত বিশ্বঃ অলিম্পিকত যদি মোৰ অবদান নাই তেন্তে মিজোৰামত মোৰ কি দোষ আছে? দিন ৰাতি আপোনালোকে মোকেতো বজাই আছে।
কতনু ভূঞাঃ আপুনি বাৰু ইমান এনকাউন্টাৰ কিয় কৰি আছে?
বিমন্ত বিশ্বঃ No FIR, No Arrest, Reasult on the Spot.মোৰ বুকু হ’ল ৫৬ ইঞ্চিৰ আৰু মোৰ প্ৰিয় চিনেমা অব তক ৫৬।
কতনু ভূঞাঃ চিণ্ডিকেট- দ্ৰাগছ যে এতিয়া বন্ধ কৰিলে, সোণোৱালৰ দিনত নকৰিলে কিয়?
বিমন্ত বিশ্বঃ ২০১৬ত মোক মুখ্যমন্ত্রী নপতাত দাত নিকটাই হাহিছিল নহয়? ধৰতি কে ইঞ্জিনিয়াৰ কো বিশ্বকৰ্মা আৰু  হাৰকে জিতনে ৱালে কো বিশ্বশৰ্মা কেহতে হ্যে।
কতনু ভূঞাঃ গো হত্যা বিৰোধী আইনখন অনাৰ দৰকাৰ কি আছিল?
বিমন্ত বিশ্ব শৰ্মাঃ আপুনি যে দিনে ৰাতিয়ে তালিবানৰ খৱৰ বজাই থাকে মই কিবা কৈছো নেকি? By the Way, পঞ্চশীলাত কৈ হৈ আছে? মুল্লা ব্ৰাদাৰে আপোনাক ফোনত কিবা কৈছিল নেকি?
কতনু ভূঞাঃ লুই বাৰ্গাৰ আৰু সাৰদাৰ কেছ আকৌ খুলিব বোলে?
বিমন্ত বিশ্বঃ সিদিনা মই টাইমছ নাওত সাক্ষাৎকাৰ দিব যাও। মহিলা সাংবাদিক জনীয়ে কথাই প্ৰতি wow wow বুলি ঠাট্টা কৰি আছিল। ধৰি দিলো নহয় ভালকৈ মজা। আজিকালি মই ৰাষ্ট্ৰীয় মিডিয়াকো খাতিৰ নকৰো। আপোনাৰ প্ৰশ্নটো কি আছিল?
কতনু ভূঞাঃ সাক্ষাৎকাৰ শেষ কৰো নেকি? আপুনিও খুব ব্যস্ত।
বিমন্ত বিশ্বঃ  ১ বছৰ হ’লে কিন্তু আপুনি গাণ এটা লিখিব লাগিব। নিযুষ- ভয়ন্তই খুব পাল মাৰে। আমাৰ ইয়াতো মানুহে তামিল গাণ চোৱা আৰম্ভ কৰিছেহে। মানুহক একেবাৰে ঠগাব নোৱাৰা হৈছে।
(২)
কতনু ভূঞাঃ চৰকাৰখন এশদিনত সফল হোৱা বুলি ভাবেনে?
কখিল গগৈঃ চৰকাৰটা কিচ্ছু কৰটে পাৰেনেনি? চব জাগায় গোণ্ডোগোল।
কতনু ভূঞাঃ কি বা ক’লে?
কখিল গগৈঃ কৈছো যে চৰকাৰখনে একো কৰিব পৰা নাই। সব ফাকিবাজি। নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে। সকলোকে মমতাৰে চাব লাগে।
কতনু ভূঞাঃ আপুনি তেওঁৰ লগত কাণত কি ফুছ ফুছাই থাকে?
কখিল গগৈঃ মই গোৱা গাণ শুনি তেওঁ খুব ভাল পায়। ডাঙৰকৈতো গাব নোৱাৰো।
কতনু ভূঞাঃ কি গাণ শুনালে?
কখিল গগৈঃ আহিছে আহিছে..বিমন্ত আহিছে__ কেইছা লগা মেৰা মজাক?
কতনু ভূঞাঃ আপুনিও যে আৰু? বেমাৰটো ভাল হ’লনে?
কখিল গগৈঃ এনেই ভাল হৈছে। কিন্তু কেতিয়াবা কিছুমান অদ্ভুত প্ৰশ্ন শুনিলে মাথা গৰম হৈ যায়। সিদিনা জানো গৰুচোৰ, ফাটলান্দু আদি শব্দ কেনেকৈ ওলাই গ’ল গমকে নাপালো। নাজানো কি হৈছে? সিদিনা সাংবাদিন এজনক দা লৈ খেদি গৈছিলো।
কতনু ভূঞাঃ আজিকালি চাইকেল খুব চোৰ হৈ আছি। তলাটো মাৰিলো নে নাই চাই আহো ৰ’ব..