বহুতৰে মুখা খোল খাব

801

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


মিনাক্ষী ৰহমান চৰ্চাত আহে ২০২১চনৰ বিধানসভাৰ টিকট ঘোষণাৰ সময়ত। খৱৰ অনুসৰি নিৰ্বাচনত মিনাক্ষীয়ে ৫ কৌটিতকৈ অধিক টকা খৰছ কৰে। তেতিয়াই ৰাইজৰ মনত প্ৰশ্ন হৈছিল ইমান ধন সম্পত্তি তেওঁ কেনেকৈ আহৰণ কৰিলে। তেওঁৰ পতি ছাইবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ পিছত সকলো কথা পোহৰলৈ আহিছে। মাহে ১ লাখ টকা দৰমহা পোৱা চৰকাৰী কৰ্মচাৰী এজনৰ অগাধ সম্পত্তি দেখি সকলো হতবাক। এইখিনি দৰমহাত গুৱাহাটীত মানুহে এটা ফ্লেট কিনিব বিচাৰিলেও বেংকৰ পৰা লোন ল’ব লাগে আৰু ২০ বছৰলৈ ই.এম.আই পৰিষোধ কৰিব লাগে। তেনে স্থলত এইখন গুৱাহাটীতে ছাইবৰৰ বহু স্থানত মাটি আৰু ঘৰ আছে। নকলেও হ’ব যে নিজৰ চাকৰি কালত সীমাহীন দুৰ্নীতিৰে ছাইবৰে ইমান সম্পত্তি গোটাবলৈ সক্ষম হৈছে।  অসমীয়াত এষাৰ কথা আছে যে_ বিনাশ কালে বিপৰীত বুদ্ধি। মিনাক্ষীক নিৰ্বাচন খেলিবলৈ দি নিজৰ দুৰ্নীতিৰ কিতাপখন ৰাইজৰ মাজত অৰ্ধেক খুলি দিলে ছাইবুৰে। নিৰ্বাচনৰ সময়তে ড° হিমন্ত বিশ্ব শৰ্মাৰ নজৰত আহিছিল ছাইবুৰ। চৰকাৰ গঠন কৰিয়ে ছাইবুৰৰ বিৰূদ্ধে গোপনে অনুসন্ধান আৰম্ভ কৰি দিলে মুখ্যমন্ত্রীয়ে। কোনপধ্যে যাতে জামিনত মুক্ত হৈ আহিব নোৱাৰে তাৰ বাবে ভিজিলেন্স দলে কৰিলে হোম ৱৰ্ক। শেষত যেতিয়া নিশ্চিত হ’ল যে ছাইবুৰৰ বিৰূদ্ধে পৰ্য্যাপ্ত সাক্ষ্য প্ৰমাণ আছে, গ্ৰেপ্তাৰ কৰা হ’ল কুখ্যাত ছাইবুৰ ৰহমানক। এতিয়া প্ৰশ্ন হ’ল ছাইবুৰে এই দুস্কৰ্মবিলাক অকলে কৰিছিল নেকি? চাকৰি কালৰ বিভিন্ন সময়ত বিভিন্ন ওপৰৱালাই ৰহমানৰ টকাৰ ভাগ লাভ কৰিছিল। এতিয়া মুখা খোল খোৱাৰ ভয়ত সকলো কম্পমান। বিভিন্ন জনে নিজৰ সুত্রৰ জড়িয়তে চৰকাৰৰ ওপৰত হেছা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু মুখ্যমন্ত্রী কাৰো হেচাৰ ওপৰত নতি স্বীকাৰ কৰিবলৈ অস্বীকাৰ। সোণোৱালৰ দিনত কিছু বিজেপি আৰু আৰ.এছ.এছ নেতাই পুলিছৰ ওপৰত নিজৰ প্ৰভূত্ব খতাবলৈ সক্ষম হৈছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত চিধা চিধিকৈ মোদী আৰু অমিত শ্বাহৰ আশীৰ্বাদ আছে। সেয়ে এনে সুবিধাবাদী প্ৰজাতিৰ দলৰ মানুহক তেওঁ ইতিমধ্যে সকিয়ণি দিছে। কোনো কাৰণতে ছাইবুৰআৰু তেওঁৰ সংগো পংগো সকলক ৰেহাই নিদিয়ে মুখ্যমন্ত্রীয়ে। কাম তীব্ৰ গতিৰে চলি আছে আৰু বহু মুখ সোনকালে পোহৰলৈ আহিব।
দুৰ্নীতি ৰোধ কৰাৰ উপায় কি?
অসমত আৰু হাজাৰজন ছাইবুৰ ৰহমান আছে। তেওঁলোকে দুৰ্নীতি চলাই থকাৰ কাৰণ হ’ল যে আইনৰ প্ৰতি তেওঁলোকৰ ভয় নাই। ভাৰতবৰ্ষত দুৰ্নীতি কৰি দৃস্তান্তমূলক শাস্তি পোৱা লোকৰ সংখ্যা খুব কম। সেয়েহে বহু চৰকাৰী কৰ্মচাৰীয়ে দ্বিধাহীন ভাবে দুৰ্নীতি কৰি গৈছে। আন্না হাজাৰেই এই কাৰণেই দেশব্যাপী আন্দোলন আৰম্ভ কৰিছিল। বিজেপি চৰকাৰৰ দিনত দুৰ্নীতি কমিব বুলি ভবা হৈছিল যদিও সোণোৱালে ৰাকেশ পাল, মহৎ , জীৱন কেইজনমানক ধৰিয়েই নিজৰ দায়িত্ব সামৰিলে। লোকপাল বিধেয়কক আৰু অধিক মজবুত কৰা সময়ৰ আহ্বান। যেতিয়ালৈকে আইনৰ প্ৰতি ভয় নাথাকে তেতিয়ালৈকে দুজনমান ছাইবৰক ধৰিলেও দুৰ্নীতিক আমি পুলিয়ে পোখাই উঘালিব নোৱাৰো। দুৰ্নীতিৰ প্ৰমানত কমেও ২০ বছৰ কাৰাদণ্ড, দোষীৰ গোটেই সম্পত্তি বাজেয়াপ্তৰ ব্যবস্থা চৰকাৰে গ্ৰহণ কৰা উচিত।