অসুৰ বধৰ দায়িত্ব অকল মা দুৰ্গাৰ নহয়

1905

অসুৰ বধৰ দায়িত্ব অকল মা দুৰ্গাৰ নহয়।অসুৰ বধৰ দায়িত্ব ল’ব লাগিব সাধাৰণ জনতাই।প্ৰতি বছৰে অসুৰ বধ আৰু ৰাৱন দাহন কৰি থকা স্বত্তেও অসুৰৰ সংখ্যা কমা নাই।কাৰণ আজিৰ অসুৰ মহিষাসুৰ নহয়,বিভৎস আৰু কুটসিৎ নহয় এতিয়াৰ অসুৰৰ মুখমণ্ডল ।অসুৰক দেখি আজিৰ সমাজত ঘৃণা নজন্মে , বৰঞ্চ আলোচনাৰ বিষয় হয় অসুৰৰ বিৰত্ব ।অতি আধুনিক যুগৰ অসুৰ বাস কৰে মহানগৰীত , চহৰত, শীত তাপ নিয়ন্ত্ৰীত কোঠাত দিন কটায় । মহিষাসুৰৰ দৰে উদং দেহত ৰং সানী নলয় ।বগা চোলা পিন্ধে আৰু চকুত থাকে চশমা । সততাৰ বিপ্লৱ প্ৰায় হেৰাই গৈছে , চৌদিশে অসুৰৰ ৰাজত্ব আৰু অৰ্থৰ জয়গান । নি: স্বাৰ্থহৈ ৰাইজৰ কাম কৰা আৰু সৎ পথত থাকি উপাৰ্জন কৰাটো এতিয়া নিয়মৰ বাহিৰত । দুৰ্নীতিক আজিৰ সমাজে স্বীকৃতি দিছে । অসুৰ ৰূপী দুৰ্নীতি পৰায়ন মানুহ শাৰদীয় উৎসৱৰ প্ৰাঙ্গনত মুখ্য উপদেষ্টা আৰু পৃষ্ঠপোষক ।শান্তি প্ৰিয় আৰু প্ৰকৃতিৰ নিয়ম নীতি মানি চলা সাধাৰণ মানুহ অসুৰৰ ভয়ত ত্ৰস্তমান । শৰৎ আহে শৰৎ যায় । পুজা আহে পুজা যায় । প্ৰতিবাৰেই অসুৰ বধৰ প্ৰতিজ্ঞা কৰো ।তথাপি সৰ্বত্ৰে অসুৰৰ দপদপনি ।বনৰ চাকৰি কৰি বিদেশ ঘুৰে , জনপ্ৰতিনিধিয়ে হাতযোৰ কৰি ভোট লয়, জিকাৰ পিছত ছবিখন ওলোতা হয় ,ৰাস্তা বনায়  দুদিন পিছতেই কইনাৰ মেকআপ খহা দি খহে , ফেৰীত উঠা মানুহ পানীত ডুবে , ট্ৰেইনৰ ব্ৰীজ খহি মানুহ মৰে ,বিজয় মালিয়া বিদেশ পায় ,সাধাৰণ চোৰ  জেলত যায় । ভাল আৰু বেয়াৰ প্ৰভেদ আছিল এটা সময়ত । এতিয়া ভাল-বেয়া প্ৰভেদহীন।বেয়া হোৱাৰ সুযোগ সন্ধানী মন ।সুযোগ নোপোৱালৈ ভাল,সত্যৰ সাধক আৰু সুযোগ পোৱা মাত্ৰেই খাদক।

দুৰ্গোৎসৱ আৰু  শাৰদীয় বতৰে মানুহৰ মনত প্ৰেৰণা দিয়ক , সাহস দিয়ক।কিন্ত প্ৰত্যেকে নিজৰ নিজৰ আসুৰিক মনটোক পৰাস্ত কৰি অসুৰ বধৰ দায়িত্ব নিজেই লোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ হওঁক।

স্বামী বিবেকানন্দই কৈছিল,“If I do an evil action, I must suffer for it; there is no power in this universe to stop or stay it”

সেয়ে ৰক্ষা কাৰো নাই । কামনা কৰিছো দুৰ্গতিনাশিনীৰ সংহাৰী ৰূপ প্ৰকৃতিয়ে ধাৰণ কৰক আৰু মানবৰূপী অসুৰ নিধন হওঁক , য’ত নাৰয়নৰূপী নিপীড়িত জনতাই সাহসেৰে যুঁজ দিয়াৰ  প্ৰেৰণা পাব ।