যৌনতা ,বৈধ , অবৈধ , পৰস্ত্ৰী আৰু ধাৰা ৪৯৭

4741

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


উচ্চতম ন্যায়ালয়ে ১৫৮ বছৰীয়া আইপিচি ৪৯৭ খণ্ডটো বাতিল কৰাৰ লগে লগে বিভিন্নজনে ভিন ভিন প্ৰতিক্ৰিয়া আগবঢ়াইছে । মূখ্য ন্যায়াধীশ দীপক মিশ্ৰকে আদি কৰি মহিলা ন্যায়াধীশ ইন্দু মালহোত্রা আৰু বাকী কেইজন ন্যায়াধীশে আইপিচি ৪৯৭ ৰ ধংসাত্মক প্ৰভাৱৰ ওপৰত একমত আছিল । সমগ্ৰ ৰায়টোৰ মুল কথা কেইটা হ’ল __ ৰায়টোৰ আগতে পৰ পুৰুষে আনৰ বিবাহিতা পত্নীৰ লগত যৌন সম্পৰ্ক কৰিলে আৰু ধৰা পৰিলে, ব্যভিচাৰৰ (Adultery) অপৰাধত দুয়ো শাস্তিৰ সন্মুখীন হয় | কিন্তু  এই কাৰ্য্যটোত দোষী পুৰুষ জনতকৈ মহিলা গৰাকীয়ে অধিক (multiple) শাস্তিৰ সন্মুখীন হয় । প্ৰকৃততে বলিৰ পঠা হব লগা হয় বিবাহিত মহিলা গৰাকী  । যিহেতু আইনৰ দৃষ্টিত মহিলা গৰাকীও দোষী, গতিকে স্বামী বা স্বামীৰ পৰিয়ালৰ অকথ্য নিৰ্যাতনৰ সন্মুখীন হব লগা হয় । বহু ক্ষেত্রত বিবাহ বিচ্ছেদ হৈ মহিলা গৰাকী উপায়হীন হৈ পৰে । মুঠৰ ওপৰত ধংস হয় মহিলা গৰাকী । পুৰুষ জন প্ৰায়েই সাৰি যায় । আইপিচি ৪৯৭ বাতিল কৰাৰ পিচত, এতিয়া যদি মহিলা গৰাকীৰ সন্মতি সাপেক্ষে  পৰ পুৰুষে মহিলা গৰাকীৰ লগত যৌন সম্ভোগ কৰে আৰু ধৰা পৰে, তেনেহলে কাৰ্যটো বেআইনী নহব । কোনো জেললৈ যাব নেলাগে । যিহেতু কামটো আইনৰ দৃষ্টিত শাস্তিমূলক নহয়, গতিকে মহিলা গৰাকী ঘৰুৱা শাস্তিৰ পৰা ৰেহাই পাব ।  আইনৰ দৃষ্টিত যিহেতু কামটো অবৈধ ন’হল, গতিকে মহিলা গৰাকী সামাজিক নিন্দাৰ পৰাও বহুখিনি বাচি গ’ল । কিন্তু স্বামীৰ সন্মতিৰ অবিহনে বা স্বামীৰ অজ্ঞাতে পৰ পুৰুষৰ লগত হোৱা যৌন কাৰ্য্য বিবাহ বিচ্ছেদৰ এতিয়াও বৈধ ভিত্তি  হৈ থাকিব | কোনো পত্নীয়ে বিবাহ বিচ্ছেদ হব বুলি জানিও যদি পৰ পুৰুষৰ লগত যৌন কাৰ্য্য কৰে, তেনেহলে এইটো সহজে অনুমেয় যে তেওঁ বৈবাহিক জীবনত সুখী নহয় আৰু বিচ্ছেদ বিচাৰিছে । এনে ঘটনা সচৰাচৰ ঘটিয়েই থাকে। আইপিচি ৪৯৭ বাতিল কৰাটো সময়ৰ দাবী ।  ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতি অতি সবল । কোনো সুখী পত্নীয়ে এনে বিবাহ বহিৰ্ভূত কাম নকৰে । বিবাহ বিচ্ছেদৰ দ্বাৰা কোনে সংসাৰ ভাঙিব বিচাৰে? এজন পত্নীয়ে যিদৰে পৰপুৰুষৰ লগত দৈহিক সম্পৰ্ক ৰাখিলে অপৰাধ নহয় আইনৰ দৃষ্টিত , তথাপি পুৰুষ জনৰ লগত সম্পৰ্ক ৰক্ষা কৰি জানো নাৰীজনে অন্য এজনী নাৰীক প্ৰবঞ্চনা কৰাটো নুবুজাব ? অৰ্থাৎ উচ্চতম ন্যায়ালয়ৰ ৰায়টোত নাৰী বা পুৰুষ জয়ী হোৱা নাই ,জয়ী হৈছে মুক্ত চিন্তা ।