আঙুৰলতাৰ অক্ষমনীয় অপৰাধ

1218
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


যোৱা কেইদিনমানত অসমত বহুত ঘটনা সংঘটিত হৈছে। হাফ পেন্ট বিতৰ্কৰ পিছতে মাটিৰ দালালক গ্ৰেপ্তাৰৰ খৱৰ। সেই ঘটনাৰ আলোচনা চলি থাকোতে হ’ল বেদখলকাৰী উচ্চেদ। গঁড়ৰ খৰ্গ দাহনো ইয়াৰ মাজতে সম্পন্ন হ’ল। এই সকলৰ মাজতে তল পৰিল এটা নাভূত-নাশ্ৰুত ঘটনা। বিজেপিৰ নৱ নিৰ্বাচিত মহিলা মৰ্চা অসমৰ সভানেত্রীয়ে দন্ত চিকিৎসক সকলৰ বিৰূদ্ধে কৰিলে এটা অশোভনীয় মন্তব্য। সংবাদ মেলত নাৰী নিৰ্য্যাতনৰ বিষয়ে উদাহৰণ দিয়াৰ বহুত সমল আছিল। কিন্তু তেওঁ চিকিৎসক সকলকহে আক্ৰমণৰ লক্ষ্য কৰি ল’লে। সাধাৰণ ভাবে সকলো চিকিৎসকক সামুৰি তেনে কথা কোৱাটো এটা অক্ষমণীয় অপৰাধ। উম্নত দেশত এনে আচৰণৰ বাবে কঢ়া শাস্তিৰ নজিৰ আছে। এটা দায়িত্বশীল পদবীত থকা ব্যক্তিৰ এনে আচৰন শোভা নাপায়। দন্ত চিকিৎসক সকলে ইতিমধ্যে চোচিয়েল মিডিয়াৰ যোগেদি তেখেতসকলৰ ক্ষোভ আৰু হতাশা প্ৰকাশ কৰিছে। আঙুৰলতাৰ যদি কোনো নিৰ্দিষ্ট চিকিৎসকৰ ওপৰত অভিযোগ আছে তেন্তে তেওঁৰ ওপৰত ব্যৱস্থা লওক। পুলিছ আপোনাৰ, ৰাজ্যত চৰকাৰ আপোনাৰ , কেন্দ্ৰতো চৰকাৰ আপোনাৰ। আমাৰ মনে ধৰে আঙুৰলতাৰ এনে ব্যক্তব্যৰ কাৰণ তেওঁৰ বৌদ্ধিক দৈন্যতা। যিকোনো প্ৰফেছনত সোমাবলৈ আৰু সফল হ’বলৈ অধ্যয়ন দৰকাৰ। ব্যতিক্ৰম কেবল ৰাজনীতি যত মাটিৰ দালাল এজন বা মাফিয়া এজনেও টকাৰ বলত বিধায়ক হ’ব পাৰে। বোলছবি জগতৰ পৰা অহা অনেক লোক ৰাজনীতিত সফল হৈছে। স্মৃতি ইৰাণী বা চুনীল দত্ত একো একোজন সফল ৰাজনেতা। বিভিন্ন টক শ্বোত অংশগ্ৰহণ কৰি পবিত্র মাৰ্ঘেৰিটাও ৰাজনীতিত নিজৰ প্ৰতিভা দেখাইছে। কিন্তু একে কথা ক’ব পৰা নাযায় আঙুৰলতাৰ ক্ষেত্রত। তেওঁক এজন একচিদেন্টেল বিধায়ক বুলি ক’লেও ভূল কোৱা নহ’ব। সংখ্যালঘু বসতি প্ৰধান বটদ্ৰবাত একমাত্র কংগ্ৰেছ আৰু এআইইউদিএফৰ ভোট বিভাজনৰ বাবে আঙুৰলতা জয়ী হৈছিল ২০১৬ চনত। তাৰ পিছত বিজেপিৰ বিভিন্ন নিৰ্বাচনী সভাৰ বিয়ানাম, কৌতুক আদি কৰি উপস্থিত দৰ্শকক আমোদ দিয়া আমি দেখিবলৈ পাইছো। কিন্ত ৰাজ্যৰ স্বাৰ্থজনিত কোনো গম্ভীৰ আলোচনাত ভাগ লোৱা নাই আঙুৰলতাই। তেনে এজন মহিলাক ঘপককৈ মহিলা মৰ্চাৰ সভানেত্রীৰ দৰে বাব দিয়া অনুচিত আছিল। আশাকৰো ৰজাঘৰীয়াই কথাটো গুৰুত্বসহকাৰে ল’ব।