চেপ্তেম্বৰত কংগ্ৰেছে পাব নতুন সভাপতি

596

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ পিছত পুনৰ চৰ্চালৈ আহিছে কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ প্ৰসংগ। ২০১৯ৰ সাধাৰণ নিৰ্বাচনত মোদীৰ হাতত শোচনীয় পৰাজয় বৰণ কৰি ৰাহুল গান্ধীয়ে সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল। তেতিয়াৰ পৰা প্ৰায় ৩ বছৰ কাল গুৰিয়ালহীন নাওঁৰ দৰে টুলুং-ভুটুং কৰি আছিল কংগ্ৰেছ দলটো। নামত ছোনীয়া গান্ধীক সাময়িক ভাবে সভাপতিৰ দায়িত্ব দিয়া হৈছিল। কিন্তু আনুষ্ঠানিক ভাবে দলৰ কোনো পদবীত নাথাকিলেও দলৰ হৈ সকলো  গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ আছে ৰাহুলে। আনকি পঞ্জাবৰ মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী পৰ্য্যন্ত ঘোষণা কৰিছে তেওঁ। এতিয়া কপিল চিব্বালে ইয়াকে লৈ প্ৰশ্ন উত্থাপন কৰিছে। গুলাম নবী আজাদ, আনন্দ শৰ্মা,শশী থৰুৰকে লৈ বহুতো জ্যেষ্ঠ কংগ্ৰেছী নাৰাজ। অবশেষত ছোনীয়া গান্ধীয়ে ঘোষণা কৰিছে যে আগষ্ট-চেপ্তেম্বৰত হ’ব কংগ্ৰেছৰ সভ‍াপতি নিৰ্বাচন। কি কাৰণত ৰাহুল গান্ধী পদত্যাগ কৰাৰ ৩.৫ বছৰ পিছতহে নিৰ্বাচন অনুষ্ঠিত হ’ব? ইয়াৰ কাৰণ হ’ল ৰাহুল গান্ধীৰ ওপৰত পৰাজয়ৰ গ্লানি জাপি বিচৰা নাই মাতৃয়ে। সেয়ে নামত সভাপতি হিচাপে নিজে থাকি পুত্রক দলটো চলাই যাব দিছে। সফল হ’লে ক্ৰেডিট পাব ৰাহুলে ‍আৰু বিফল হ’লে দায়িত্ব মূৰ পাতি ল’ব মাতৃয়ে। বহুতৰ মতে ৰাহুল গান্ধী চেপ্তেম্বৰ মাহত পুনৰ দলৰ সভাপতি নিৰ্বাচিত হ’ব। কিন্তু আমি পোৱা খৱৰ অনুসৰি ৰাহুলক ছোনীয়া গান্ধীয়ে তেতিয়ালৈ সভাপতি পদ নিদিয়ে যেতিয়ালৈকে বিজেপি চৰকাৰৰ বিৰূদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ সৃষ্টি নহয়। বৰ্তমান সময়ত সকলো অ’পিনিয়ন প’লৰ মতে ২০২৪ত পুনৰ বিজেপি চৰকাৰ আহিব। সেয়েহে পুত্রক পুনৰ কঠিন পৰিস্থিতিলৈ ঠেলি নিদিয়ে ছোনীয়া গান্ধীয়ে। ৰাহুল গান্ধীৰ হাতত মাত্র এটা সুযোগ আছে। এইবাৰো তেওঁ বিফল হ’লে দলৰ তৃণমূলৰ পৰা গান্ধী পৰিয়ালৰ বিৰূদ্ধে বিদ্ৰোহ আৰম্ভ হ’ব। সেয়েহে ২০২২ তকৈ ২০২৪ত ৰাহুলক সভাপতিৰ পদ দিয়াত আগ্ৰহী শ্ৰীমতী ছোনীয়া গান্ধী। ইতিমধ্যে আৰম্ভ হৈছে মনমোহন সিংৰ নিচিনা ব্যক্তি বিচৰাৰ প্ৰক্ৰিয়া যিয়ে গান্ধী পৰিয়ালৰ প্ৰতি সদায় সমৰ্পিত হৈ থাকে। হয়তো মল্লিকাৰ্জুন খাৰ্গে বা অধীৰ ৰঞ্জন চৌধুৰীৰ দৰে ব্যক্তিক দুই বছৰৰ বাবে সভাপতিৰ দায়িত্ব দিয়া হ’ব।