২০৪০ চনত বাতৰি কাকতৰ হেডলাইন

1530

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


আজিৰ পৰা ২০ বছৰ পিছৰ কথা কোনেও নাজানে। অবশ্যে জনাৰ হেপাহ সকলোৰে নথকা নহয়। সেইবাবেই হয়তো আমি বহুতে জ্যোতিষীৰ ওচৰলৈ যাওঁ। ৰাজনীতি বিদ সকলৰ মাজত ভবিষ্যত জনাৰ হেপাহ খুব বেছি। বেছিভাগৰে থাকে একোজন গুৰুজী। আজিৰ পৰা ২০ বছৰ পিছত ভাৰতবৰ্ষৰ ৰাজনীতি কেনেকুৱা হ’ব পাৰে? এই বিষয়ে আমাৰ কিছু কল্পনা। ২০৪০ চনৰ বাতৰিৰ হেডলাইন এনেকুৱা হ’ব পাৰেঃ
ভাৰতৰ প্ৰধানমন্ত্রী অমিত শ্বাহে অহাকালি কৰিব চীন ভ্ৰমণ। ক’ৰোনাৰ বিছ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে হ’বলগীয়া আলোচনাত দিব হিন্দীত ভাষন।
বিহাৰৰ মুখ্যমন্ত্রী ৰূপে আজি শপত গ্ৰহণ কৰে প্ৰশান্ত কিশোৰে। শপত বাক্য পাঠ কৰায় ৰাজ্যপাল সৰ্বানন্দ সোণোৱালে।
অসমৰ বিশিষ্ট লেখক তথা প্ৰাক্তন মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰকাশ কৰে তেখেতৰ ২৫ তম গ্ৰন্থ। ২৫ বছৰ আগতে লেখক হিচাপে পাতনি মেলা শৰ্মাৰ নৱতম গ্ৰন্থখনৰ নাম হ’ল “শাৰদীয় সময়”।
ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগে সকলো পৰীক্ষা-নিৰিক্ষা সমাপ্ত কৰি আনিছে। অহা সাধাৰণ নিৰ্বাচনত আপুনি হোৱাটছাপৰ যোগেদি ভোট দিব পাৰিব।
চাকৰিত পুৰুষক ৩৩% সংৰক্ষণ দিয়াৰ বাবে আৰম্ভ হোৱা অনশনৰ আজি চতুৰ্থ দিন। দাবী পুৰণ নহ’লে আত্মজাহত ভাবুকি।
বলিউডৰ অভিনেত্রী মাল্লিকা শ্বেৰাৱটে ৰাজনীতিৰ পথাৰত ভৰি দিলে। সমাগত লোকসভা নিৰ্বাচন খেলিব কিছানগঞ্জ সমষ্টিৰ পৰা।
সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই আজি অসমৰ  মুখ্যমন্ত্রী লুৰিণ জ্যোতি গগৈক সাক্ষাত কৰে। গগৈয়ে শীঘ্ৰে অসম-বাংলা সীমান্ত ছিল কৰি বিদেশী সমস্যা সমাধানৰ আশ্বাস দিয়ে।
কেট্ৰিনা কাইফৰ কন্যাই বলিউডত আত্মপ্ৰকাশ কৰিব। বলিউডৰ চুপাৰষ্টাৰ ছালমান খানৰ বিপৰিতে কৰিব তেওঁ নায়িকাৰ ভূমিকা।
বিৰোধী দলনেত্রী প্ৰিয়ংকা ৱাদ্ৰাই আগন্তুক নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয় হ’ব বুলি ভবিষ্যত বাণী কৰে। বৰুণ গান্ধীৰ যোগদানে দলক শক্তিশালী কৰিলে বুলি গান্ধীৰ তাৎপৰ্য্যপূৰ্ণ বক্তব্য।
অসমৰ ১১ খন চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকক সম্বৰ্ধনা জনায় শিক্ষামন্ত্রী আমিনুল ইছলামে। অসমত বৰ্তমান চৰকাৰী স্কুলত পঢ়ি থকা ১৩ জন শিক্ষাৰ্থীৰ বাবে দিনে ৰাতি কষ্ট কৰি থকা শিক্ষক কেইজনৰ অবদানৰ কথা মন্ত্রীজনে স্বীকাৰ কৰে।