কমিউনিষ্ট সকল ভাৰতৰ মাটি আৰু মানুহৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন

886
  • ড:ক্ষিতিশ চন্দ্ৰ মিশ্ৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


এখন দেশৰ ঐতিহ্য, পৰম্পৰা, মূল্যবোধ , আচাৰ আচৰণক ভালদৰে উপলব্ধি কৰিব নোৱাৰিলে সেই দেশখনত কোনো সাংস্কৃতিক আন্দোলন গঢ়ি তুলিব নোৱাৰি । সেয়ে সাংস্কৃতিক কৰ্ম্মী সকলে সভ্যতা সংস্কৃতিৰ প্ৰতিটো উপাদান সম্যকভাৱে বুজি লৈ  তাৰ ইতিবাচক উপাদানখিনি গ্ৰহণ কৰি নেতিবাচকখিনি বৰ্জন কৰি দেশৰ পৰা আঁতৰাব লাগিব । কিন্তু সেই কামটো ভাৰতত গণনাট্য আন্দোলন কৰা বুলি দাবী কৰি অহা কোনো এটা কমিউনিষ্ট পাৰ্টিয়ে আজিলৈকে কৰা নাই  বৰং  ভাৰতৰ কমিউনিষ্ট সকলে ভাৰতীয় সভ্যতা সংস্কৃতি, পৰম্পৰা, মূল্যবোধৰ সকলোখিনিকেই অন্ধবিশ্বাস, কুসংস্কাৰ, অ-বিজ্ঞানসূলভ বুলি প্ৰচন্ড অৱজ্ঞা আৰু ঘৃণাৰে দেশে বিদেশে প্ৰচাৰ কৰি আহিছে। ভাৰতৰ কমিউনিষ্ট সকলে ভাৱে আধুনিক সভ্যতাৰ বিকাশত ভাৰতীয় মানুহৰ, ভাৰতীয় সংস্কৃতিৰ কোনো ভূমিকা বা অৱদানেই নাই । তেওঁলোকৰ মনত পাশ্চাত্যৰ সকলোখিনিয়েই শ্ৰেষ্ঠ কিন্তু প্ৰাচ্যৰ সকলোখিনিয়েই হীন !
           ঔপনিবেশিক সাম্ৰাজ্যবাদী শক্তিয়ে ইংৰাজী শিক্ষা দীক্ষাৰে শিক্ষিত এচাম ভাৰতীয় মানুহৰ মন মগজুত ঔপনিবেশিক যুগৰ সূচনাতে সুমুৱাই দিয়া এই হীনমন্যতাৰ মনোবৃত্তিৰ পৰা নিজকে প্ৰগতিশীল, বিজ্ঞান মনস্ক বুলি দাবী কৰা ভাৰতৰ কমিউনিষ্ট সকলো মুক্ত নহয়। বৰং বৃটিছ সাম্ৰাজ্যবাদে ভাৰতৰ সভ্যতা-সংস্কৃতি, ইতিহাস সম্পৰ্কে সৃষ্টি কৰি থৈ যোৱা বিকৃত ইতিহাস,  উদ্দেশ্যপ্ৰণোদিত অশুদ্ধ ৰাজনৈতিক বাগধাৰাকে অভ্ৰান্ত পৰম সত্য বুলি ইংৰাজী শিক্ষা দীক্ষাৰে শিক্ষিত লৰ্ড মেকলেৰ এই মানসিক সন্তান সকলে আজিও গভীৰভাৱে বিশ্বাস কৰি আহিছে । ভাৰতৰ কমিউনিষ্ট সকল আৰু এখোপ চৰাহে । তেওঁলোকে ভাৰতীয় সভ্যতা সংস্কৃতিৰ লগতে হিন্দু ধৰ্ম্মৰ প্ৰতিটো কথাকে নস্যাৎ কৰি আহিছে ।
              আচলতে ভাৰতৰ কমিউনিষ্ট সকলৰ সভ্যতা সংস্কৃতি আৰু ধৰ্ম্ম সম্পৰ্কীয় মৌলিক ধাৰণাটোৱেই বৰ গোলমলীয়া আৰু বৰ যান্ত্ৰিক । তেওঁলোকে হিন্দু বা সনাতন ধৰ্ম্মক পশ্চিমৰ আব্ৰাহামিক ধৰ্ম্ম কেইটাৰ লগত একাকাৰ কৰে আৰু ভাৰতত একমাত্ৰ হিন্দু ধৰ্ম্মকেই সকলো আক্ৰমণৰ মূল লক্ষ্য কৰি লয়। পিছে
কমিউনিষ্ট সকলে একমাত্ৰ শ্ৰেণী সংগ্ৰামকেই ইতিহাসৰ মূল চালিকা শক্তি বুলি নিজেই আব্ৰাহামিক ধৰ্ম্ম সমূহৰ বাণীৰ দৰে গভীৰভাৱে বিশ্বাস কৰে ।  কথা হ’ল–  মানুহ, মানুহৰ সমাজ আৰু প্ৰাকৃতিক জগতৰ গতিশীল বিৱৰ্তনত মানুহে এতিয়াও অনুভৱ কৰিব নোৱাৰা আন বহু কাৰক আছে । কিন্তু আব্ৰাহামিক ধৰ্ম্মৰ অতি গোড়া ধৰ্ম্মান্ধ সকল দৰেই কমিউনিষ্ট সকলেও কাৰ্ল মাৰ্ক্সৰ শ্ৰেনী-সংগ্ৰামৰ তত্বকে কালোতীৰ্ণ পৰম সত্য,অলংঘনীয়,অভ্ৰান্ত সত্য বুলি এটি আকোঁৰগোজ ,বদ্ধমূল ধাৰণা লৈ বহি আছে ।
           সেয়ে আজিৰ ভাৰতত তথাকথিত কোনো কমিউনিষ্টেই মাৰ্ক্সীয় মতান্ধতাৰ পৰা মুক্ত নহয় । ভাৰতত এজন ধৰ্ম্মান্ধ মৌলৱী আৰু কট্টৰ কমিউনিষ্টৰ মাজত বিশেষ কোনো পাৰ্থক্যই বিচাৰি পোৱা নাযায় । কমিউনিষ্ট সকলে সামাজিক বিৱৰ্তনৰ আনবোৰ গুৰুত্বপূৰ্ণ কাৰকক অনুভৱেই কৰিব নোৱাৰে । তেওঁলোকে সামাজিক সংঘৰ্ষৰ তত্বকে চূড়ান্ত আৰু পৰম সত্য বুলি বিশ্বাস কৰাৰ ফলত  সামাজিক সমন্বয়, সামাজিক চুক্তিৰ দৰেও যে কিছুমান কথা বুদ্ধিমান প্ৰাণীৰ সমাজত থাকিব পাৰে তাক ভাবিবই নোৱাৰে । তাৰোপৰি প্ৰতিটো কথাকেই কেৱল নেতিবাচক দৃষ্টিৰে অৱলোকন কৰাৰ ফলত কমিউনিষ্ট সকলৰ দৃষ্টিভংগীত‌ কোনো গঠনমূলক ইতিবাচক চিন্তা বা সংস্কাৰ নাথাকে । এই বাবেই তেওঁলোক দিনকে দিনে নিত্য পৰিৱৰ্তনশীল বিশ্বৰ বুকুত আজি সম্পূৰ্ণ অপ্ৰাসংগিক হৈ পৰিছে । দিনক দিনে তেওঁলোকৰ গণ- বিচ্ছিন্নতাও বৃদ্ধি পাইছে ।
               আমাৰ ভাৰতৰ কমিউনিষ্ট সকল আকৌ  জন্মসূত্ৰেই এই দেশৰ বায়ু, মাটি , পানী আৰু মানুহৰ পৰা বিচ্ছিন্ন । কমিউনিজিমক অন্ধভাৱে সমৰ্থন কৰা ভাৰতৰ তথাকথিত কমিউনিষ্ট সকলেও কিন্তু ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ জন্মৰ আঁৰত থকা কথাখিনিৰো ঐতিহাসিক পটভূমিৰ বিষয়ে একোৱেই নাজানে ।  কমিউনিষ্ট নেতৃত্বই জানিলেও কিন্তু সেই কথা সাধাৰণ কৰ্ম্মী-কেডাৰৰ পৰা সযতনে লুকুৱাই ৰাখিছে । কিহ’ৰ দ্বাৰা প্ৰেড়িত হৈ দেশৰ মাটিত ভাৰতৰ কমিউনিষ্ট পাৰ্টিক গঠন নকৰি বিদেশৰ মাটিত  গঠন কৰিবলগীয়া হৈছিল ??
              এই প্ৰশ্নৰ উত্তৰতে লুকাই আছে কিয় দিনকে দিনে  কমিউনিষ্ট সকল গণ বিচ্ছিন্ন হৈ পৰিছে । সেই কথা বুজিবলৈ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ জন্মৰ ঐতিহাসিক পটভূমি, সেই সময়ৰ ৰাজনীতি ইত্যাদি বুজি পাব লাগিব । ভাৰতীয় সভ্যতা সংস্কৃতিৰ সৈতে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ মানসিক বিচ্ছেদ বিচ্ছিনতাক বুজিবলৈ হ’লে আমি ভাৰতৰ ইতিহাসত সংঘটিত স্বাধীনতা সংগ্ৰাম আৰু খিলাফট‌ আন্দোলনৰ সেই সময়ৰ ৰাজনীতিকো বুজি পাব লাগিব ।
                ১৯২২ চনৰ শেষৰ ফালে কেৰালাত খিলাফটি ধৰ্ম্মযৌদ্ধা সকলৰ নৃশংসতা আৰু নিৰ্ম্মমতাই যেতিয়া সকলো সীমা চেৰাই গৈছিল তেতিয়া বৃটিছ চৰকাৰে সামৰিক অভিযানেৰে কেৰালাৰ সেই খিলাফটি ৰাজত্বৰ অৱসান ঘটাইছিল ।  মূলতঃ “হিন্দু কাফেৰ” নিধনকে লক্ষ্য কৰি লোৱা আৰু মহাত্মা গান্ধীয়েও অকুন্ঠ সমৰ্থন জনোৱা এই খিলাফট আন্দোলনৰ নিৰ্ম্মম হত্যা লুন্ঠন আৰু হিংসাৰ ঘৃণনীয় উন্মুক্ত ৰূপ দেখি উপায় নোহোৱাত স্বয়ং গান্ধীয়ও অসহযোগ আন্দোলনো স্থগিত ৰাখিবলৈ বাধ্য হৈছিল।
               ইয়াতে অসন্তুষ্ট হৈ ভাৰতৰ এই খিলাফটি সকলে ঘোষণা কৰিছিল, হিন্দুস্তান মুচলমান সকলৰ বাবে  “দাৰ-উল-হাৰ্ব” হৈ পৰিছে । সেয়ে ভাৰতক “দাৰ-উল-ইচলাম”ত পৰিণত কৰাৰ সংকল্প লৈ প্ৰায় দহ হাজাৰ খিলাফটিয়ে হিজৰত বা জিহাদ কৰাৰ উদ্দেশ্যে  ভাৰতৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ঢাপলি মেলিছিল । বিশ্বৰ সমগ্ৰ মুচলমান সম্প্ৰদায়ৰ পৰা ৰাজনৈতিক আৰু সামৰিক সমৰ্থন আদায় কৰাৰ  বাবেই তেওঁলোকে এই যাত্ৰা কৰিছিল ।
                প্ৰথমে এই হিজৰতকাৰী সকল গৈছিল আফগানিস্তানলৈ।  উদ্দেশ্য আছিল, আফগান সামৰিক শক্তিৰ সহায়ত ভাৰত আক্ৰমণ কৰা আৰু বৃটিছক ওফোৰাই  ভাৰতৰ বুকুত পুনৰ ইচলামিক শাসন প্ৰতিষ্ঠা কৰা । কিন্তু আফগান শাসক আমানুল্লাৰ পৰা একো সহায়- সহযোগ নোপোৱাত বৃহত্তৰ ইচলামিক ফেডাৰেচন গঢ়াৰ লক্ষ্যত এওঁলোকৰ আন এটা দল ইয়াৰ পিছতেই তুৰস্ক পাইছিলগৈ। কিন্তু তুৰস্কৰ নতুন “চেকুলাৰিষ্ট” নেতা কামাল পাচাইও তেওঁলোকক বিমুখ কৰি ঘুৰাই পঠিয়ালে ।
               ব্যৰ্থ হলেও খিলাফটি সকল কিন্তু মুঠেও হতাশ নহ’ল । ১৯১৭ চনত সংঘটিত হৈ যোৱা ৰুচ বিপ্লৱৰ অভূতপূৰ্ব্ব সাফল্যৰ কথা শুনি তেওঁলোকে এইবাৰ তুৰস্কৰ পৰা চোভিয়েট ৰুচিয়া অভিমুখে যাত্ৰা কৰে । উদ্দেশ্য, ভাৰতত জিহাদী কাৰ্য্যকলাপ সংঘটিত কৰাৰ বাবে গেৰিলা যুদ্ধৰ কিছু কলা-কৌশল শিকি লৈ তাক ভাৰতত প্ৰয়োগ কৰা । ৰুচ কমিউনিষ্ট সকলেও কথাটো ভালেই পালে । কিয়ণো ৰুচ কমিউনিষ্ট সকলৰ তেতিয়া প্ৰধান লক্ষ্য আছিল সমগ্ৰ বিশ্বতে সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে যেনে তেনে কমিউনিষ্ট শাসন প্ৰতিষ্ঠা কৰা । লাগিলে সি জিহাদৰ জৰিয়তেই কৰা নহওক কিয় !! গতিকে ভাৰতৰ পৰা যোৱা হিংসাশ্ৰয়ী জেহাদী মনোবৃত্তিৰ খিলাফটি সকলক আগ্ৰহী ছাত্ৰ হিচাপে পাই ৰুচ কমিউনিষ্ট সকলে সশস্ত্ৰ বিদ্ৰোহী তৈয়াৰ কৰাৰ আশাত লেনিনৰ হিংসাশ্ৰয়ী কমিউনিজিমৰ তত্ব আৰু প্ৰয়োগ  পঢ়ুওৱাত লাগিল । এনেদৰেই ভাৰতৰ হিজৰতকাৰী সকলৰ গভীৰ জিহাদী মানসিকতাৰ ওপৰত কমিউনিজিমৰ উপৰুৱা প্ৰলেপ এটা পৰিল।
                ঠিক এই সন্ধিক্ষণতে কাকতালীয়ভাৱে মেক্সিকান কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাপক সদস্য
নৰেন্দ্ৰ নাথ ভট্টাচাৰ্য্য ওৰফে মানৱেন্দ্ৰ নাথ ৰায়ৰ মঞ্চত আবিৰ্ভাৱ ঘটিল । ভাৰতৰ মাটি-পানী -বায়ুৰ সৈতে নূন্যতম সম্পৰ্ক নথকা ৰুচ কমিউনিষ্ট সকলৰ এজন মুখপাত্ৰৰ ৰূপত  মানৱেন্দ্ৰও অৱধাৰিতভাবে কমিউনিষ্ট গঢ়াৰ এই প্ৰক্ৰিয়াত জড়িত হৈ পৰিল।
                 ইফালে ১৯২০ চনত কমিউনিষ্ট থাৰ্ড ইন্টাৰনেচনেলৰ চেকেন্ড ওৱাৰ্ল্ড কংগ্ৰেছত ভাৰতৰ বাবেও এটা কমিউনিষ্ট পাৰ্টি গঠন কৰা অতি জৰুৰী বুলি সিদ্ধান্ত হৈ গৈছে। সেয়ে ১৯২০ চনৰ ১৭ অক্টোবৰত চোভিয়েট কমিউনিষ্টৰ ঔৰষত আৰু খিলাফট আন্দোলনৰ গৰ্ভত  ভাৰতৰ পৰা ২৪৭৬ কিলো মিটাৰ আঁতৰৰ বিদেশী ভূখন্ড, তাচখন্ডত জন্ম ল’লে ৰুচিয়াৰ দালাল সংগঠন– “কমিউনিষ্ট পাৰ্টি অৱ ইন্ডিয়া”। প্ৰতিষ্ঠাপক সদস্য আছিল ১০ জন। মানৱেন্দ্ৰ ৰায়, তেওঁৰ পত্নী এভেলিন ৰায় টেলেন্ট, অৱনী মুখোপাধ্যায়, তেওঁৰ পত্নী ৰোজা ফিটিংগফ, মহম্মদ চফিকি চিদ্দিকি, মহম্মদ আলী, হজৰত মোহানি, ৰফিক আহমেদ, চুলতান আহমেদ খান তাৰিন আৰু এম-পি-টি আচাৰ্য্য । ৰায় আৰু মুখোপাধ্যায় পৰিয়ালৰ বাহিৰে কমিটিৰ বেছি সংখ্যকেই আছিল খিলাফটি মুহাজিৰ। ভাৰতৰ পৰা জেহাদ কৰিবলৈ যোৱা মহম্মদ চফিক চিদ্দিকি হ’ল কমিউনিষ্ট পাৰ্টি অৱ ইন্ডিয়াৰ প্ৰথম সাধাৰণ সম্পাদক।
               তাচখন্ডত কমিউনিষ্ট পাৰ্টি প্ৰতিষ্ঠা হোৱাৰ লগে লগেই তাত সামৰিক প্ৰশিক্ষণ আৰম্ভ হয়। ১৯২০ চনৰ পৰা ১৯২১চনৰ মে মাহলৈ এই শিবিৰ চলিছিল । ৰফিক আহমেদ আৰু চৌকত ওচমানিৰ দৰে অনেকেই ইয়াত প্ৰশিক্ষণ লৈছিল। পিছলৈ মুজাফ্ফৰ আহমেদৰ দৰে প্ৰায় ২১ জন মুজাহিৰে ইয়াতে প্ৰশিক্ষণ লৈছিল । মহম্মদ চফিক চিদ্দিকিৰ পৰা চুলতান আহমেদ খান তাৰিনলৈ কাৰোৱেই মাৰ্ক্সৰ দৰ্শন বা সাহিত্যৰ ওপৰত বিশেষ অধ্যয়ণ নাছিল । সেই মুজাহিৰ সকলৰ মাজত কোনেও পিছত কমিউনিষ্ট সকলৰ বহু ঘোষিত “শ্ৰেণী সংগ্ৰাম”ৰ কাৰ্য্যকলাপতো যুক্ত হোৱা
নাছিল ।
   ভাৰতৰ কমিউনিষ্ট সকলো  এই ভাৰতৰ মাটি আৰু মানুহৰ পৰা মানসিকভাৱে সম্পূৰ্ণ বিচ্ছিন্ন ।  বিদেশৰ মাটিত এচাম জিহাদী মানসিকতাৰ লোকে ৰুচ কমিউনিষ্ট সকলৰ পৰা দীক্ষা লৈ ভাৰতত প্ৰকৃততে খলিফাতন্ত্ৰৰ পুনঃ প্ৰতিষ্ঠা কৰিবলৈহে কমিউনিজিমৰ ৰঙা চোলাটো পিন্ধি লৈছিল । এই দেশৰ দুখীয়া জনসাধাৰণ বা  কৃষক শ্ৰমিক মেহনতী মানুহৰ স্বাৰ্থত নহয় । কমিউনিষ্ট নামধাৰী সকলৰ এই পৰম্পৰা আজিও অব্যাহত । এয়া আজি দিনৰ পোহৰৰ দৰেই সত্য।