মন্ত্ৰীসভাত গাংগুলী

8538

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

  •  কমেডি ডেক্স: ৰাজনীতি অসম (www.rajnitiaxom.com)

বৰ্তমান গোটেই দেশ ক্ৰিকেট বিশ্বকাপৰ জ্বৰত আক্ৰান্ত। বিশ্বকাপত ভাৰতীয় দলৰ উন্নত প্ৰদৰ্শনে সমৰ্থক সকলৰ মনত আশাৰ সঞ্চাৰ কৰিছে। ভাৰতীয় দলে তৃতীয় বাৰৰ বাবে ভাৰতলৈ আজুৰি আনিব পাৰে ক্ৰিকেটৰ বিশ্বকাপ। যদি সচাকৈয়ে এইটো হয় তেন্তে এই ক্ৰিকেটাৰ সকল হৈ পৰিব ভাৰতবাসীৰ নয়নৰ মনি। ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানে ১৯৯২ চনৰ বিশ্বকাপ জয়ক লৈ ইমানেই আনন্দিত হৈছিল যে অধিনায়ক ইমৰান খানক দেশৰ প্ৰধানমন্ত্রী পদৰ বাবে নিৰ্বাচিত কৰিলে। ভাৰতত কাহানিও এজন ক্ৰিকেটাৰ প্ৰধানমন্ত্রী হ’ব পাৰিব নেকি? যদি প্ৰধানমন্ত্রী জন ক্ৰিকেটাৰ হয় তেন্তে আন আন মন্ত্রীসকলো ক্ৰিকেটাৰ হ’ব নেকি? এই বিষয়ে আমি ৰাইজক প্ৰশ্ন কৰিছিলো। যদি কেবল ক্ৰিকেটাৰসকলকলৈ ভাৰতৰ মন্ত্রীসভাখন গঠিত হয় তেন্তে কোনে পাব কি বিভাগ আৰু কিয়? এই বিষয়ে ৰাইজৰ পৰা পোৱা ফিদবেকৰ ভিত্তিত আমাৰ এক প্ৰতিবেদনঃ
সৌৰভ গাংগুলীঃ প্ৰধানমন্ত্রী
ভাৰতীয় দলক যদি কোনো এজন ক্ৰিকেটাৰে সকলোতকৈ বেছি পৰাক্ৰমেৰে নেতৃত্ব দিছিল সেইজন হ’ল সৌৰভ গাংগুলী। ভাৰতীয় দলৰ বিজয়ত নিজৰ চোলা খুলি লৰ্ডছৰ বেলকনিত নিজৰ দেশপ্ৰেমৰ পৰিচয় দিছিল। ইয়াৰ উপৰিও তেওৰ নেতৃত্বত খেলা বহু প্ৰতিভামান ক্ৰিকেটাৰক মনোবল যোগাই আগবঢ়াই নিছিল তেওঁ। সেয়েহে প্ৰধানমন্ত্রী পদত ৰাইজৰ পচন্দ সৌৰভ গাংগুলী।
হৰভজন সিংঃ গৃহমন্ত্রী
গৃহমন্ত্রী পদৰ বাবে প্ৰয়োজন এজন খঙাল ব্যক্তি যিয়ে দেশৰ আন্তৰিক সুৰক্ষাৰ বাবে বিপদজনক শক্তিবোৰক কঠোৰ হাতেৰে দমন কৰিব পাৰে। কোনে পাহৰিব পাৰে হৰভজন সিংএ আই.পি.এলৰ সময়ত শ্ৰীশান্তৰ গালত বহুওৱা পূৰ্ণহতীয়া চৰটো। হৰভজন পঞ্জাব পুলিচৰ ডি.এছ.পি পদটো কাৰ্য্যনিৰ্বাহ কৰি আছে। হৰভজনেই হব ভাৰতৰ গৃহমন্ত্রী।
শচীন তেণ্ডুলকাৰঃ বিত্ত মন্ত্রী
ভাৰতৰ অন্যতম চহকী ক্ৰিকেটাৰজন হল শচীন ৰমেশ তেণ্ডুলকাৰ। বিয়োগম সম্পত্তিৰ মালিক তেণ্ডুলকাৰে ইতিমধ্যে নিজৰ সা-সম্পত্তিৰ বাজেট সুন্দৰভাবে মেনেজ কৰি আছে।দেশৰ বাজেটত কোনো আচনিৰ বাবে ধনৰ অভাব হ’লে তেণ্ডুলকাৰে প্ৰয়োজনত নিজৰ একাউণ্টৰ পৰা টকা খৰছ কৰিব পাৰিব।
বীৰেন্দ্ৰ সেহৱাগঃ প্ৰতিৰক্ষা মন্ত্রী
ভাৰতৰ প্ৰধান শত্ৰু  হ’ল পাকিস্তান। সেহৱাগে পাকিস্তানৰ মাটিত পাকিস্তানক বিধ্বস্ত কৰি থৈ আহিছিল। কোনে পাহৰিব মুলতানৰ সেই তৃশতক? পাকিস্তানৰ বলাৰ দেখিলেই সেহৱাগৰ বেটে গৰ্জন কৰিছিল। প্ৰতিৰক্ষা মন্ত্রী সেহৱাগ হ’লে পাকিস্তানৰ নিস্তাৰ নাই।
ৰেলমন্ত্রীঃ মহেন্দ্ৰ সিং ধোনী
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰবেশ কৰাৰ আগত ৰেলৰ টিকট পৰিক্ষক হিচাপে ২০০‍১ ৰ পৰা ২০০৪ লৈ চাকৰি কৰিছিল ধোনীয়ে। স্বাভাবিকতে ৰেলৰ সকলো সুবিধা অসুবিধাৰ কথা জানে ধোনীয়ে। ৰেলমন্ত্রী হ’লে এই অভিজ্ঞতাই ধোনীক সহায় কৰিব।
বিদেশ মন্ত্রীঃৰাহুল দ্ৰাভিড়
বিদেশ মন্ত্রীৰ বাবে দৰকাৰ এজন জনা শুনা, ইংৰজী কব পৰা ধৈৰ্য্যশীল ব্যক্তি। ৰাহুল দ্ৰাভিড়ৰ বাহিৰে এই কামৰ বাবে যোগ্য খেলুৱৈ কোন হ’ব? মিষ্টাৰ দিপেণ্ডেবল ৰাহুলে কঠিন সময়তো নিজৰ মগজু ঠাণ্ডা ৰাখি কাম কৰিব বুলি আশা কৰিব পৰা যায়।
মানব সম্পদ বিকাশ মন্ত্রীঃ বিৰাট কোহলী
এই মন্ত্রনলায়ত এনে এজন মেধা সম্পন্ন যুৱ খেলুৱৈ দৰকাৰ যিয়ে ভাৰতত মানব সম্পদ গঢ়াত সহায় কৰিব। ভাৰতীয় দলৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলীক এই পদৰ বাবে নিৰ্বাচন কৰিলে ৰাইজে। সকলোৰে মাতৃ-ভগ্নীক যঠেষ্ট সন্মান প্ৰদৰ্শন কৰা বিৰাটে নিজৰ কথা কৰ্মৰ জৰিয়তে পৰিবৰ্তন আনিব পাৰিব বুলি আশা কৰা হৈছে।
স্বাস্হ্য মন্ত্রীঃ হাৰ্ডিক পাণ্ডিয়া
হাৰ্ডিক পাণ্ডিয়া হ’ল ভাৰতীয় দলৰ সকলোতকৈ ফিট ক্ৰিকেটাৰ। বিশেষকৈ তেওৰ শৰীৰৰ ৬ পেক দেখা লোকসকলৰ বাবে ভাৰতৰ স্বাস্হ্য  মন্ত্রী বাচনি কৰাত বিশেষ অসুবিধা নহ’ল।
তলত আন আন বিভাগৰ মন্ত্রীসকলৰ তালিকাখন প্ৰকাশ কৰা হ’ল:
উদ্যোগ মন্ত্রীঃ ৰোহিত শৰ্মা
পৰিবহণ মন্ত্রীঃ কপিল দেৱ
শক্তি মন্ত্রীঃ শিখৰ ধাৱান
বাণিজ্য মন্ত্রীঃ অনিল কুম্বলে
শিশু বিকাশ মন্ত্রীঃ যযুবেন্দ্ৰ চাহাল
বস্ত্র মন্ত্রীঃ মোহম্মদ আজহাৰুদ্দিন
সংখ্যালঘু উন্নয়ন মন্ত্রীঃ জাহিৰ খান
শ্ৰম মন্ত্রীঃ উমেশ যাদব
আইন মন্ত্রীঃ সুনীল গাভাস্কাৰ
বিমান পৰিবহণঃ যুৱৰাজ সিং
জনজাতি কল্যাণঃ বুমৰাহ
যোগাযোগঃ দিনেশ কাৰ্তিক
তথ্য আৰু সম্প্ৰচাৰঃ নৱজৌত সিং সিদ্ধু
সাংস্কৃতিক পৰিক্ৰমাঃ অজয় জাদেজা