বলিউদত পাকিস্তানী টকা

1687

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

  •  কমেডি ডেক্স: ৰাজনীতি অসম (www.rajnitiaxom.com)

স্বাধীনতাৰ সময়ত হোৱা ভাৰতবৰ্ষৰ বিভাজন গোটেই বিশ্বৰে এটা বিৰল ঘটনা। লাখ লাখ মানুহে নিজৰ ঘৰ-সম্পতি এৰিব লগা হৈছিল, লাখ লাখ মানুহে নিজৰ প্ৰাণ দিব লগা হৈছিল। কেবল ধৰ্মৰ আধাৰত হোৱা এই বিভাজন জৰুৰী আছিল নে? এইবিষয়ে বিভিন্নজনে বিভিন্ন মন্তব্য কৰা দেখা যায়।
ভাৰত পাকিস্তানৰ বিভাজন নহ’লে সকলোতকৈ লাভবান হ’লহেতেন ভাৰতৰ ক্ৰীড়াক্ষেত্রখন । হকী অলিম্পিকত ভাৰতে বহুবাৰ  সোনৰ পদক পোৱাৰ সম্ভাবনা আছিল। অষ্ট্ৰেলিয়াতকৈও শক্তিশালী হ’লহেতেন ভাৰতৰ ক্ৰিকেট দল। জাভেদ মিয়াদাদ, কপিল দেৱ, ৱাচিম আক্ৰম, তেণ্ডুলকাৰ এটা দলৰহৈ খেলিলে ভাৰতে কমেও ৫-৬ বাৰ বিশ্বকাপ আনিলেহেতেন। চোহেইব মালিক আৰু চানিয়া মিৰ্জাৰ বিয়াকলৈ ইমান হৈ চৈ নহ’লহেতেন। অসমৰ পৰা কলিকতালৈ দূৰত্ব কমিলহেতেঁন ।
ইমানবোৰ সুফলৰ মাজতো কিন্তু এটা প্ৰকৃতিৰ মানুহে ভাৰত-পাকিস্তানৰ বিভাজন নহ’লে লোকচানৰ সন্মুখীন হ’লহেতেন। তেওঁলোক হ’ল ভাৰতৰ চলচিত্র নিৰ্মাতাসকল। ভাৰতত এখনৰ পিছত আনখন চুপাৰহিট চিনেমা নিৰ্মাণ হৈছে পাকিস্তানৰ ওপৰত। দেশ বিভাজৰ ওপৰত নিৰ্মাণ হোৱা গান্ধী, হে ৰাম , ১৯৪৭ আৰ্থ আদি ৰাইজৰ  দ্বাৰা সমাদৃত ছবি। তাৰ পিছত আহিল ভাৰত পাকিস্তানৰ মাজত হোৱা যুদ্ধৰ ছবি । ১৯৬৫ চনৰ যুদ্ধৰ কাহিনীৰে বৰ্ডাৰে ৰচনা কৰিলে নতুন ইতিহাস ।
লাহে লাহে চলচিত্র নিৰ্মাতা সকলে পাকিস্তানৰ ওপৰত চিনেমা বনাবলৈ নতুন নতুন কাহিনীৰ সন্ধান কৰিবলৈ ধৰিলে। তেওঁলোকে বুজি পালে যে পাকিস্তানৰ ওপৰত, ভাল কাহিনীলৈ চিনেমা বনালে বেংক একাউন্ট গৰম হৈ থকাৰ সম্ভাবনা আছে । চানী দেউলক নিজৰ সন্তানৰ সৈতে পাকিস্তান পঠোৱা হ’ল নিজৰ পত্নীক ভাৰতলৈ আনিবলৈ। চানীয়ে দমকল উঘালি পাকিস্তানৰ জনতাক পিটিলে, ৰাইজে খুব আনন্দ পালে, চিনেমা চুপাৰহিট। ভাৰতৰ চোৰাংচোৱা ৰ’ আৰু  আই.এছ.আই এজেন্টৰ মাজত প্ৰেম আৰু এক্সন দেখুৱাই প্ৰযোজকে পালে ৮০০ কৌটি টকা। ‘এক থা টাইগাৰ ‘ আৰু ‘ টাইগাৰ জিণ্ডা হে’ দুয়োখনে চুপাৰ দুপাৰ হিট । এইবাৰ পাকিস্তানী সৰু ছোৱালী এজনী ভাৰতত হেৰাই থাকিল। চালমানে তাইক থবলৈ  গ’ল। মাকে হেৰোৱা সন্তানক পাই আনন্দিত হ’ল আৰু প্ৰযোজকে ৩৩৩ কৌটি টকা পাই। তাৰ পিছত আহিল আলিয়া ভট। দেউতাকে পাকিস্তানী আৰ্মি অ’ফিছাৰ এজনৰ তাত বিয়া দিলে , একমাত্র উদ্দেশ্য ভাৰতৰ চোৰাংচোৱা হিচাপে কাম কৰা। আলিয়া ভটে ভাৰতীয় সেনাক বহুতো গুৰুত্বপূৰ্ণ তথ্য দিলে,চিনেমাৰ প্ৰযোজককো দিলে বহু টকা। । ২০৭ কৌটি কালেকচন কৰিলে ৰাজীয়ে ।
ইয়াৰ ওপৰিও আন বহুতো ছবি যেনে নিৰজা, বেবী, উৰি, পৰমানু, বীৰ-জাৰা আদিত পাকিস্তানৰ কাহিনী জড়িত হৈ আছে। মুঠৰ ওপৰত কব পাৰি যে ভাৰত পাকিস্তানৰ বিভাজনে বলিউদক লাভাম্বিত কৰিছে; কৌটি, কৌটি টকা উপাৰ্জন কৰিছে।
এদিন যদি পাকিস্তানে এই লাভাংশৰ ভাগ বিচাৰে তেন্তে আচৰিত হ’বলগীয়া একো নাই।