ৰাজনীতি আৰু টয়লেট

1905
  • নৰেন বৰ্মন

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


টযলেট : আগতে মানে আজিৰ পৰা ২৫ -৩০ বছৰ আগত মানুহে লেট্ৰিন বনাইছিল মুল ঘৰৰ পৰা বহু আতঁৰত । লাহে লাহে লেট্ৰিনে স্থান সলাই মুল ঘৰৰ ভিতৰত প্ৰবেশ কৰিলে । একেবাৰে পাকঘৰৰ কাষত _ এটাষ্ট বাথৰুম – লেট্ৰিণ ।  পৰিৱৰ্তন সিমানতেই শেষ নহ’ল । এইবাৰ লেট্ৰিণৰ পৰিৱৰ্তন ঘটিল ভিতৰৰ পৰা । চাৱাৰ আহিল আৰু লগতে আহিল ইংলীছ ষ্টাইল পায়খানা । কিছুমানত আকৌ ইণ্ডিয়ান পায়খানা আৰু ইংলীছ পায়খানা দুয়োতাৰে সুব্যৱস্থা থাকে । পৰিৱৰ্তন ক’ত হোৱা নাই । টাইলচ লাগিব , টাইলচো আকৌ ডিজিটেল হ’ব লাগিব । নিউ ইণ্ডিয়া ডিজিটেল ইণ্ডিয়াৰ প্ৰভাব সকলোতে পৰিল । আমাৰ অসমত যেতিয়া ইংলীছ পায়খানাৰ প্ৰচলন নাছিল তেতিয়া মাদ্ৰাজ মানে আজিৰ চেন্নাইলৈ কেন্চাৰ ৰোগৰ চিকিৎসা কৰিব যাওঁতে ৰোগীৰ আত্মীয় বা স্বয়ং ৰোগীয়ে বহু ক্ষেত্ৰত ইংলীছ পায়খানাত বহিব এৰি থিয় দিয়া ৰেকৰ্ডো নথকা নহয় ।
ড্ৰেচিং টেবুল :  কইনাৰ লগত অহা ড্ৰেচিং টেবুলখন আমাৰ সকলোৰে চিনাকী । গাওঁৰ যৌথ পৰিয়াল এটাত  ড্ৰেচিং টেবুল এখন থাকিবই । আজিৰ দিনত অবস্বে দুটা ৰুমত  গুৱাহাটীত ভাড়া কৰি থকাসকলৰ এই টেবুলখন থাকিবই বুলি ভবাটো মস্কিল । আজিৰ পৰা ২০-২৫ বছৰ আগৰ ড্ৰেচিং টেবুল এখন __ এম্বোডাৰী কৰা এখন ৰঙীন কাপোৰ থাকিব আৰু  কাপোৰখনত সেন্দুৰৰ দাগ থাকিব । গৰমৰ দিনত টেবুলখনত থাকিব   টিংৰ টেমা  এটাত নাৰিকল তেল , এটা স্নো- পাউদাৰ আৰু এটা ফেয়াৰ এণ্ড লাভলি  । গৰমৰ দিনবোৰত ঘামচিত দিয়া নাইচিল পাউদাৰটোৰ কিন্তু স্থান প্ৰায় সলনি হৈ থাকে । ডাঙৰ পৰিয়ালটোৰ প্ৰতিজন সদস্যৰ পিঠিৰ ফৰফৰনি গুছাবলৈ নাইচিল ঘুৰি থাকে ।  ফেয়াৰ এণ্ড লাভলিৰ ওপৰত বেছি অধিকাৰ কিন্তু ঘৰৰ ছোৱালী কেইজনীৰহে । যদিহে বৰদেউতাৰ ডাঙৰ বাইদেউজনীয়ে  খুড়াকৰ সৰু ল’ৰাটোক অলপ অগ্ৰাধিকাৰ দিয়া বাবেহে হয়টো বাকী ডাঙৰ ল’ৰাকেইটাতকৈ সি অলপ বেছি ক্ৰীম সানিব পাৰে । ঠাণ্ডাৰ দিনকেইটাত  টেবুলখনৰ বস্তুবিলাকৰ অলপ সালসলনি হয় । টিংৰ টেমাত থকা নাৰিকলৰ তেলটোৰ ঠাই লয়  কেঅ’কাৰ্পিন তেলৰ  বটলটোৱে  , স্নো- পাউদাৰৰ ঠাই লয় নিভিয়া নীলা ৰংৰ ক্ৰীমৰ টেমাটোৱে । তিনিটা বস্তু কিন্তু গোটেই বছৰটোৱেই ড্ৰেচিং টেবুলৰ ড্ৰয়াৰটোত সজতনে ৰখা হয় । এটা আইতা – বৰমাহতঁৰ চুলিত দিয়া ব্লেকৰোজৰ বটলটো আৰু তাৰ লগতে এডাল দাঁত ব্ৰাচ কৰা ব্ৰাচ এডাল । ব্ৰাচডালৰ জাৱৰখিনি কলা হৈ গৈছে আৰু তাত জাৱৰ আৰু দীঘল চুলিয়ে সদায় আলিংগন কৰি থাকে । তৃতীয় বিধ বস্তু কিন্তু সহজে ব্যৱহাৰ নহয় । বাইদেউহঁতে কলেজলৈ যাওঁতে ব্যৱহাৰ কৰে আৰু ল’ৰাখিনিয়ে বিয়াত যাওঁতে __ চেন্টৰ সৰু বটল মানে পাৰ্ফিউম ।
এতিয়া এখন ঘৰতে তিনি চাৰিখন ড্ৰেচিং টেবুল । প্ৰতিখন ড্ৰেচিংৰ বস্তুবিলাকৰ ব্ৰেণ্ড বেলেগ বেলেগ । চুলিত ঘহাটো ভৰিত ঘহিব নোৱাৰি , ভৰিত ঘহাটো আকৌ গালত দিব নোৱাৰি । প্ৰতিজন বোৱাৰিৰ চুলিৰ ৰং বেলেগ বেলেগ মানে বটলো বেলেগ বেলেগ ।  আগতে ক্ৰীম অকল গালতেই দিয়া হৈছিল , এতিয়া চুলিটো ক্ৰীম । ড্ৰেচিং টেবুলত যিমানখিনি বটল আৰু টেমা , তাৰ আধা সংখ্যক বটল বাথৰুমটো । ড্ৰেচিংত আইনা , বাথৰুমত আইনা ; ক’ত নাই আইনা , তথাপি আইনাত থিয় হৈ নিজক চিনি নেপাওঁ ।
ৰাজনীতি : স্কুলত থকা দিনবোৰত মা – দেউতাহঁতে ভোট দিয়া মানেই আমি বুজিছিলো দিছপুৰত নতুন চৰকাৰ গঠন হ’ব ।  ‘ দিছপুৰ ‘ মানে সমাজবিদ্যাৰ কিতাপত ৰাজ্য আৰু ৰাজধানীৰ লিষ্টখন মুখষ্ঠ কৰি পোৱা এটা শব্দ । দিছপুৰ আৰু গুৱাহাটীৰ কিবা বিশেষ পাৰ্থক্য আছিল বুলিও জনা নাছিলো  । গুৱাহাটী মানেই শৰাইঘাটৰ দলং আৰু বাছৰ খিৰিকিৰে দেখা চিলাৰাইৰ মুৰ্তীটো । কিবাকৈ যদি চিলাৰায়ৰ মুৰ্তীটো চকুত নপৰে তেনেহলে গুৱাহাটী যোৱাই অৰ্থহীন হৈ গৈছিল । তেতিয়া আমি টিহুত থাকো । ফটো  ষ্টুডিঅত এমোকা দাড়িৰে সৈতে বিশাল মিটিংত ভাষণ দিয়া ব্লেক এণ্ড হোৱাইট ফটোখনতেই দৰ্শন  হৈছিল প্ৰথমজন নেতাৰ । প্ৰফুল্ল কুমাৰ মহন্ত __ আন্দোলনৰ পৰা মুখ্যমন্ত্ৰীলৈ । এবাৰ প্ৰফুল্ল কুমাৰ মহন্ত আৰু পিছৰবাৰ হিতেশ্বৰ শইকীয়াতেই সীমিত আছিল দিছপুৰৰ ৰাজনীতি । মিডিয়া বুলি ক’লে দিদি ওৱানতেই সীমাবদ্ধ । ফেচবুক, ৱাটচআপ কল্পনাই ঢুকি নোপোৱা শব্দ । দিল্লীৰ ৰাজনীতিৰ লগত প্ৰত্যক্ষ সম্পৰ্ক নাই ভোটাৰৰ । গ্লেমাৰবিহীন লোকসভা নিৰ্বাচন । কিন্তু সকলো সলনি কৰি বাঁহ এডালত লগোৱা এন্টেনাৰ সলনি কেব’ল টিভি আহিল , কেব’লৰ পিছত ডিছ টিভি আহিল , এতিয়া আকৌ নতুন সংযোজন হ’ল জিঅ’ ফাইবাৰ । আগতে প্ৰফুল্ল মহন্ত , হিতেশ্বৰ শইকীয়া , তৰুণ গগৈৰ ওপৰতেই ন্যস্ত আছিল সমষ্ট দায়িত্ব । সমালোচনা আৰু সম্বৰ্ধনাৰ স্বীকাৰ এইসকলেই আছিল । এতিয়া বাৰটা মাহত তেৰটা নিৰ্বাচন হয় । পঞ্চায়ত , বিধানসভা ,  বিটিএডি ,  লোকসভা , টাউন কমিটিৰ নিৰ্বাচনবোৰক সাঙুৰি ল’লে অ’পিনিয়েন প’ল আৰু এক্সিট  প’লে । ৰাইজেই নেতাৰ সুৰত সুৰ মিলালে । নিজৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো অকল এজন মুখ্যমন্ত্ৰী বা বিধায়কৰ দায়িত্ব নহয় । ৰাস্তাটোৰ  উন্নতিৰ কাৰণে প্ৰধানমন্ত্ৰীজন  ভাল হ’ব লাগিব । প্ৰধানমন্ত্ৰী ভাল হ’লেই নহ’ব গাওঁৰ পঞ্চায়তৰ সভাপতিজনো সুবিধাজনক হ’ব লাগিব , অন্যথা আচঁনিৰ ধন ঘুৰি যাব পাৰে ।  অৰ্থাৎ মুখ্যমন্ত্ৰী নিৰ্বাচন যিমান গুৰুত্বপুৰ্ণ বিষয় , সিমানেই গুৰুত্বপুৰ্ণ বিষয় প্ৰধানমন্ত্ৰী , পঞ্চায়তৰ সভাপতি বা মেম্বাৰ নিৰ্বাচন । প্ৰভাবশালী মন্ত্ৰী এজনে পঞ্চায়ত নিৰ্বাচনৰ সময়ত কোৱাৰ দৰে ট্ৰেইন এখনৰ ইঞ্জিন যদি নৰেন্দ্ৰ মোদী তেন্তে ডবাবিলাক পঞ্চায়ত আৰু ট্ৰেইনখনৰ শেষত ডবাটো হৈছে ৰাজ্য চৰকাৰ যিটোৰ পৰা চিগনেল দিয়া হয়  । চৰকাৰৰ উদ্দেশ্য মানব সম্পদ নিৰ্মাণ কৰা নে ভোটৰ সম্পদ নিৰ্মাণ কৰা বুজিবলৈ টান ।