লিমকা বুক অৱ ৰেকর্ডছত কাৰ্গিল যুদ্ধৰ মেজৰ

1962
  • নিলোৎপল গগৈ

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


 

কার্গিল যুদ্ধই ২০১৯ চনৰ জুলাই মাহটোত দুটা দশক সম্পুৰ্ণ কৰিলে । ১৯৯৯ চন। কিছু পাকিস্তানী সৈনিক আৰু সততে গাঁতত সোমাই থকা কেইটামান সন্ত্ৰাসবাদীয়ে পাকিস্তান সৈন্যৰ বেশভূষা পৰিধান কৰি ভাৰতক আক্রমণ কৰিবলৈ চেষ্টা কৰিছে। সেইদিনা ১৫ জুলাই। ভাৰতীয় সেনাৰ ডোগ্রা ৰেজিমেণ্টৰ ত্ৰিশজনমান জোৱান আৰু এজন কম বয়সীয়া অফিচাৰে আমাৰ অগ্ৰিম, সৰু পোষ্ট এটা ৰক্ষা কৰি আছে। পাকিস্তানৰ পোষ্ট এটাৰ পৰা মাত্ৰ আশী মিটাৰ দূৰত্বত। দুয়োটা পোষ্টৰ মাজত লাইন-অৱ-কন্ট্ৰোল। এই সৰু একত্ৰিশজন সৈন্য ইতিমধ্যেই পাকিস্তানীবিলাকৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে। ডেকা অফিচাৰজনৰ কান্ধত ৰকেট লঞ্চাৰ। এটা বাংকাৰৰ পৰা আন এটা বাংকাৰলৈ  জপিয়াই জপিয়াই তেওঁ পাকিস্তানৰ সৈন্য লুকাই থকা বাংকাৰ বিলাকৰ ওপৰত আক্রমন কৰি আছে। অসম্ভৱ লোকচান হৈছে পাকিস্তানৰ। এটা ৰকেটে যদি শত্রুৰ বাংকাৰ ধুলিস্যাৎ কৰিছে, আন এটাই আকৌ শত্ৰু সৈন্যক পৰাস্ত কৰিছে। এইবাৰ শত্রু সৈন্যৰ সকলো ধ্যান   ডেকা অফিচাৰজনৰ ওপৰত কেন্দ্ৰিভূত হ’ল। সিহঁতেও মৰ্টাৰ নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিলে। লক্ষ্য  বীৰ যোদ্ধাজন। প্রথমটো মূৰৰ ওপৰেৰে গৈ পিছফালে পৰিল, কিন্তু দ্বিতীয়টো মর্টাৰ সোঁফালে মাত্র ডেৰ মিটাৰত আহি ফুটিল । সাধাৰণতে মর্টাৰৰ গোলা এটাই আঠ মিটাৰ ব্যাসাৰ্ধৰ সকলো নষ্ট কৰি পেলায় আৰু সেইয়াই হ’ল! তেওঁ উফৰি পৰিল। লগৰ কেইজনমান জোৱানে ততাতৈয়াকৈ তেওঁক মিলিটেৰী হস্পিটেললৈ লৈ গ’ল। তাত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে!
কিন্তু তেওঁ যে আছিল মেজৰ ডি. পি. সিং। ডেবেন্দ্র পাল সিং। ডিপিয়ে আজিলৈকে ক’তো হৰা নাই! তেন্তে ইমান সোনকালে মৃত্যু? অসম্ভৱ!! মর্গলৈ নিওঁতে শৰীৰত অকনমান সাৰ-সুৰ দেখা পাই ভাৰতীয় সেনাই তেওঁক উধমপুৰ মিলিটেৰী হস্পিটেললৈ স্থানান্তৰিত কৰে। উধমপুৰত তৃতীয় দিনা যেতিয়া ডিপিৰ জ্ঞান আহে, তেতিয়া তেওঁৰ অৱস্থা তথৈবচ। সোঁ ভৰিত মাংস নাই, মাত্র কিছু ছালৰ লগত হাড়ডাল লাগি আছে! ছিনিয়ৰ চিকিৎসক কর্নেল অশোক কুমাৰ (পিছলৈ মেজৰ জেনেৰেল ৰিটায়ার্ড)ৰ ওপৰত সকলো দায়িত্ব । ডিপিৰ অৱস্থা চাই তেওঁ আটাইতকৈ ভীষণ খবৰটো দিব লগা হ’ল , ‘ সোঁ ভৰিটো কাটি পেলাব লাগিব ‘ ।  কমাণ্ড হস্পিটেললৈ যেতিয়া তেওঁক অনা হ’ল তেওঁৰ ওজন আছিল মাত্র ২৮ কিলোগ্রাম ।  ইতিমধ্যেই তেওঁ সোঁ ভৰিৰ লগতে  আৰু কিছু দেহৰ অংগ হেৰুৱাইছে! সোঁ কাণখনে শ্রৱণ শক্তি হেৰুৱাইছে, যকৃতত দুখ পাইছে, ককালৰ বান্ধ ঢিলা হৈ গৈছে, কামিহাড় ভাগিছে, অন্ত্রত দুখ পাইছে, বাওঁ ভৰিৰ উৰু আৰু আঁঠুত আঘাত…. আৰু কত যে কি!
কমাণ্ড হস্পিটেলৰ চিকিৎসক-কর্মচাৰীৰ অকুন্ঠ চেষ্টা, বন্ধু-বান্ধব, পৰিয়ালৰ লোকৰ প্রার্থনা, ভগৱানৰ আর্শীবাদ আৰু নিজৰ অপৰিসীম ইচ্ছা শক্তিৰ ফলত ডিপি লাহে লাহে ভাল হৈ আহিল। এটা ভৰিত ঠিয় দিব পৰা হ’ল। কৃত্রিম সোঁ ভৰিখনেৰে  অলপ জোৰ দিব পৰা হ’ল। লাহে লাহে খোজ কাঢ়িব শিকিলে; যেন আকৌ আৰম্ভ হ’ল জীৱন! পুনৰ ডিপি শিশু হৈ পৰিল। দুটা ভৰিৰে ইমান বছৰে কৰি থকা সকলো কাম আকৌ নতুনকৈ এটা ভৰিৰে কৰিবলৈ শিকিলে ! হস্পিটেলৰ পৰা যেতিয়া বাহিৰলৈ ওলাই আহিল, তেওঁক শাৰীৰিক অক্ষমতাৰ বাবে ডোগ্রা ৰেজিমেন্টৰ পৰা অর্ডিনেন্স কর্পছলৈ বদলি কৰা হ’ল। কিন্তু ধুমুহাক ধৰি ৰাখিব কোনে? এইয়া যে জীৱন জিয়াৰ সময়! ভৰি এটা নোহোৱাকৈ জীয়াই থাকিব যে পাৰি পৃথিৱীক দেখুওৱাৰ সময়। বহু ভাবি-চিন্তি তেওঁ বুজি পালে আটাইতকৈ ভাল উপায়টো হ’ল – খেল। ই তেওঁৰ স্বাস্থ্য আৰু মন দুয়োটাকে সুষ্ঠ কৰি ৰাখিব পাৰিব। কিন্তু এটা ভৰিৰ মানুহটোৱে কি খেলিব? আৰম্ভ কৰিলে গোল্ফৰ পৰা। কিন্তু গোল্ফে তেওঁক সেই সুখ দিব নোৱাৰিলে। কৃত্রিম ভৰিখনৰ সৈতে লাহে লাহে দৌৰিবলৈ আৰম্ভ কৰিলে। যিটো ভৰিৰ সৈতে খোজ কাঢ়িবলৈ সাধাৰণ মানুহৰ অসুবিধা হ’লহেতেঁন, ডিপিয়ে সেইটো ভৰিৰে দৌৰিব ধৰিলে। লক্ষ্য মাৰাথন দৌৰাৰ। অন্তত: হাফ মাৰাথন। অৱশেষত বুজাব নোৱাৰা সাধনা আৰু অনুশীলনৰ ফলত তেওঁ সফল হ’ল। লিমকা বুক অৱ ৰেকর্ডছত তেওঁৰ নাম অন্তর্ভূক্ত হ’ল ভাৰতৰ প্রথম ব্লেড ৰানাৰ হিচাপে। কিন্তু তেওঁ থমকি নৰ’ল। সমগ্র বিশ্বৰ প্রায় বিলাক হাফ মাৰাথনতে তেওঁ অংশ ললে।   কাৰ্গিলৰ যুদ্ধ হিৰো ডিপি সিং জীৱন্ত কিংবদন্তি  । অসমৰ কেপ্তেইন জিন্তু গগৈ শ্বহীদ হ’ল কিন্তু হাজাৰজন অসমীয়া যুবকক দি গ’ল দেশপ্ৰেমৰ প্ৰেৰণা । প্ৰতিজন শ্বহীদ জোৱান , আঘাত প্ৰাপ্ত জোৱান আৰু কাৰ্গিল যুদ্ধত অংশ লোৱা প্ৰতিজন জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ দেশবাসী কৃতজ্ঞ ।