ধাৰা ৩৭০ . চি এ এ ৰ পিছত কৃষি বিল

1375
  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


লোকসভা আৰু ৰাজ্যসভাত তিনিখন কৃষি বিল গৃহিত হয় । ৰাজ্যসভাত অপ্ৰতিকৰ পৰিবেশ সৃষ্টি হৈছিল যদিও চৰকাৰে বিলখন পাছ কৰিবলৈ সক্ষম হয় । বিজেপিৰ আটাইতকৈ পুৰণি মিত্ৰ অকালি দলে এই বিধেয়কখন বিৰোধ কৰি এন ডি এ ত্যাগ কৰিছে । পঞ্জাৱ , হাৰিয়ানা , উত্তৰ প্ৰদেশত বিৰোধ তীব্ৰ হৈছে । কংগ্ৰেছৰ ইস্তাহাৰ(২০১৯ লোকসভা নিৰ্বাচন) ত কৃষি সামগ্ৰিক বিভিন্ন ৰঙা ফিটাৰ আওতাৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল । এক কথাক ১৯৯১ চনত পি ভি নৰসিংহ ৰাও এ অৰ্থনীতি উদাৰিকৰণ নীতিক অনুসৰণ কৰি কংগ্ৰেছ দলে কৃষি ক্ষেত্ৰক উদাৰিকৰণ নীতিৰ আওতাত অনাৰ কথা কৈছিল । নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হ’ল আৰু বৰ্তমানৰ বিজেপি চৰকাৰে কৃষি খণ্ডক নতুন গতি দিয়াৰ বাবে নতুন আইন প্ৰনয়ণ কৰিলে । যিখন আইনৰ বহু কেইটা নিয়ম কংগ্ৰেছৰ ইস্তাহাৰত উল্লেখ থকা । কিন্তু কংগ্ৰেছে বিৰোধ কৰিলে । ৰাজনৈতিক দলৰ এই চৰিত্ৰ নতুন নহয় । কাৰণ অসমত যেতিয়া তৰুণ গগৈ চৰকাৰ আছিল তেতিয়া বৃহৎ নদীবান্ধৰ প্ৰকল্পক বিজেপিয়ে বিৰোধ কৰিছিল । কিন্তু ২০১৬ ত যেতিয়া বিজেপিয়ে অসমত চৰকাৰ কৰিলে তেতিয়া একে বিজেপিয়ে নদীবান্ধক সমৰ্থন কৰিছিল । জিএছটিৰ জন্ম হৈছিল কংগ্ৰেছৰ ঔৰসত । কেন্দ্ৰত কংগ্ৰেছ থাকোতে কংগ্ৰেছৰ জি এছ টিক বিজেপিয়ে বিৰোধ কৰিছিল । এতিয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ জি এছ টি নীতিক ৰাহুল গান্ধীয়ে বিৰোধ কৰিছে । এই বিলাক ৰং পৰিৱৰ্তন জনতাৰ দুৰ্বোধ্য হৈ থকা নাই । ৰাইজৰ প্ৰতিক্ৰিয়া কি ? কংগ্ৰেছী ৰাইজে সমালোচনা কৰিব আৰু বিজেপি ৰাইজে সমৰ্থন কৰিব । এতিয়া বিজেপিৰ সংখ্যা বেছি সেয়ে সমৰ্থন পক্ষত বতাহ বলাতো স্বাভাবিক । কিন্তু মুল কথা হ’ল কৃষকে কি ভাবে ? ইয়াৰ আগতে আমি জানিব লাগিব কৃষক কোন ? আমাৰ সমাজত দুখীয়া খিলঞ্জীয়া মানুহখিনিৰ অধিকাংশ কৃষি কৰ্মত জড়িত হৈ থাকে । আনহাতে কৃষিক বানিজ্য হিচাপেলৈ কৃষি কৰ্ম কৰাৰ অধিকাংশ হ’ল পৰ্ব বংগীয় মূলৰ মানুহখিনি । খেতি কৰাতকৈ এটিএম মেচিনৰ গাৰ্ড হ’বলৈ হে আগ্ৰহী আজিৰ যুব প্ৰজন্ম । এনেকুৱা হোৱাৰ প্ৰধান কাৰণ হৈছে বৃটিছৰ দ্বাৰা বনাই যোৱা কৃষি নীতি ।গাওঁৰ মানুহখিনিক অৰ্থনৈতিক ভাবে দুৰ্বল কৰি ৰাখি ভাৰতত শাসন চলোৱা বৃটিছৰ নিয়মক হুবহু নকল কৰিলে স্বাধীন ভাৰতৰ বিভিন্ন ৰাজনৈতিক দল সমুহে ।
মুখ্য উদ্দেশ্য আছিল এটা দুৰ্বল শ্ৰেণীৰ ভোটাৰৰ সমষ্টি গঠন । বহু কৃষকে মহাৰষ্ট্ৰ , পঞ্জাৱৰ আত্মহত্যা কৰা খৱৰে নেতাসকলৰ দেহৰ চামৰাত প্ৰভাব পেলাব পৰা নাছিল । এতিয়া অন্তত: কৃষকে নিজৰ খাদ্য -শস্য মধ্যভোগী নোহোৱাকৈ বিক্ৰি কৰিব পাৰিব । তেল কোম্পানীৰ লগত চুক্তি চাক্ষৰ কৰি যিদৰে খুব কম খৰছত তেল ডিপোৰ মালিক হৈ গৌৰৱ কৰিব পাৰি , সেই একেদৰে কৃষকে ব্ৰিটানিয়া, পতঞ্জলী , আশীৰ্বাদ আতা , নুডলচ কোম্পানীৰ লগত চুক্তি কৰি নিজৰ কৃষি ভুমিত সেই কোম্পানীৰ বাবে কেঁচা মাল উৎপাদনত প্ৰত্যক্ষ লেনদেন কৰিব পাৰিব । এনে ধৰণৰ খেতিৰ পৰিবেশে নিবনুৱা যুবকক খেতিৰ প্ৰতি আগ্ৰহী কৰি তুলিব । কাৰণ ব্ৰিটেনিয়া বা পাৰলি আদি কোম্পানীৰ লগত প্ৰত্যক্ষ লেনদেন কৰিলে লাভো অধিক হ’ব আৰু নিজৰ চিনাকী খেতিয়ক বুলি দিয়াতকৈ উদ্যোগী বুলি চিনাকী দিব পাৰিব ।
সংসদত কৃষি বিল পাছ হৈ ৰাষ্ট্ৰপতিৰ চঁহী হৈ আইনত পৰিণত হ’ল । প্ৰধানমন্ত্ৰীয়ে এই বিল খন কৃষকৰ ভালৰ কাৰণে বুলি কৈছে আৰু সৰ্বসাধাৰণ ৰাইজে বিশ্বাস কৰিছে । এইখিনিতে উল্লেখ্য যে পঞ্জাৱৰ আকালি দলে আইনখনক বিৰোধ কৰি এনডিএ ত্যাগ কৰিছে । আকালিৰ সাংসদ বা মহাৰষ্ট্ৰৰ শৰদ পাৱা্ৰৰ জীয়ৰী সুপ্ৰিয়া চুলে আদি নেতাসকলে নিজকে কৃষক বুলি পৰিচয় দিয়ে । এনেকুৱা সাংসদ ৰুপী কৃষকৰ বিৰোধীতা আৰু কেবৰ সময়ত ষাঁঠী বছৰীয়া ছাত্ৰ ৰুপী কেব বিৰোধীৰ বিৰোধীতা ভাৰতৰ জনগণে বুজি পায় । আজিৰ সময়ত জনতাই অপেক্ষা কৰিব আইনখনৰ প্ৰনয়ণৰ দিশটোত । কৃষকৰ ক্ষয় ক্ষতিৰ বিচাৰ হ’ব ২০২৪ চনত ।