নতুন আইনঃ ধন দিয়ক চাকৰি লওক

1260

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


দুৰ্নীতিৰ বিৰুদ্ধে শুন্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ দিনত সংঘটিত হৈছে এটাৰ পিছত আন এটা নিযুক্তি কেলেংকাৰী। পি.এন.আৰ.দি, জনসংযোগ আদিৰ পিছত এইবাৰ পুলিছৰ চাকৰিতো দুৰ্নীতি। আমাৰ হাতত পৰা তথ্য অনুসৰি মুখ্যমন্ত্রী-বিত্তমন্ত্রীক অন্ধকাৰত ৰাখি এটা বিশেষ চক্ৰই চলাই গৈছে দিছপুৰত দুৰ্নীতি। তেওঁলোকৰ চকুত ধুলি দি সংঘটিত কৰা এনে কাৰ্য্যক মুঠেও সহজভাবে লোৱা নাই দুইজন নেতাই। চাকৰিৰ নামত হোৱা এনে দুৰ্নীতি ৰোধ কৰাৰ নিমিত্তে দুয়োজন নেতা মিলিত হয় ৰাজধানীৰ ৱেলকাম লজত। এই আলোচনাতেই চৰকাৰী চাকৰিত দুৰ্নীতি ৰোধ কৰাৰ বাবে এটা উপায় উদ্ভাবন কৰা হ’য়। বিত্তমন্ত্রীয়ে আমাক জনোৱা মতে ভাৰতবৰ্ষৰ ভিতৰত অসমেই হ’ব প্ৰথমখন এনে ৰাজ্য যত চৰকাৰী চাকৰিত দুৰ্নীতি ৰোধ কৰাৰ বাবে এনে অভিনব পন্থা গ্ৰহণ কৰা হ’ব। অহা বিধানসভা অধিবেশনত তেওঁ  সদনত ইয়াক কাৰ্য্যকৰী কৰাৰ বাবে এখন বিল আনিব বুলিও সদৰি কৰে। সোণ-শৰ্মাৰ মতে চৰকাৰী চাকৰি দিয়াৰ ফলত  একাউন্টত টকা সোমাইছে দত্ত-ডেকাৰ দৰে লোকৰ। তাৰ পৰিবৰ্তে যদি এই টকাখিনি ৰাজভৰালত সোমাব পৰা যায় তেতিয়া চৰকাৰৰ ৰাজহ বৃদ্ধি পাব। কৰোনাৰ সময়ত আৰ্থিক সংকটত ভুগি থকা চৰকাৰখনত ই দিব কিছু পৰিমানে সকাহ। বিত্তমন্ত্রীয়ে বিলখনৰ বিষয়ে বিতংকৈ ক’বলৈ অস্বীকাৰ কৰে যদিও ৰাজনীতি অসমৰ হাতত আহি পৰিছে এই বিধেয়কখনৰ বিষয়ে কিছু তথ্য। আমি পোৱা খবৰ অনুসৰি এতিয়াৰে পৰা চৰকাৰী চাকৰিৰ বাবে দালালৰ দুৱাৰে দুৱাৰে ঘূৰি থাকিব নালাগে। চৰকাৰে নিজেই এইফেৰা কাম কৰিব। এই বিধেয়কখনৰ কিছু তথ্য আমি আগবঢ়ালো
১) এতিয়াৰে পৰা চৰকাৰী চাকৰিৰ বাবে নহয় কোনো লিখিত বা মৌখিক পৰীক্ষা।
২) চৰকাৰী চাকৰিৰ বাবে চৰকাৰক দিব লাগিব ধন। এই ধন ৰাজকোষত জমা হ’ব আৰু ৰাইজৰ উন্নয়নমূলক কামত ব্যবহাৰ হ’ব।
৩) সকলো চাকৰিৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিব ধনৰ পৰিমান। এ.চি.এছ ৩০ লাখ, এছ.আই ১৫ লাখ, শিক্ষক ১০ লাখ, পিয়ন ৫  লাখ ইত্যাদি।
৪) চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পোৱাৰ ১৫ দিনৰ ভিতৰত অ’নলাইন যোগে জমা কৰিব লাগিব এই ধন। চৰকাৰে ইয়াৰ বাবে মুকলি কৰিব নতুন ৱেবচাইট যাৰ নাম হ’ব www.givemoneytakejob.com
৫) অনুসুচিত জাতি-জনজাতিৰ ক্ষেত্রত ১৫% ৰেহাইৰ সুবিধা আছে।
৬) এই প্ৰক্ৰিয়া হ’ব 1st come 1st serve basis  ত। তাৰ মানে যিয়ে আগতে টকা দিয়ে তাৰে চাকৰি। উদাহৰণ স্বৰুপে যদি ১০০০ চাকৰি থাকে তেন্তে প্ৰথম ১০০০ জন যিয়ে পৰ্টেলত ধন জমা দিয়ে তেওঁলোকেই চাকৰি পাব।
৭) ৰেলৱেৰ নিচিনা ইয়াতো থাকিব আৰ.এ.চিৰ ব্যবস্হা। টকা দিয়াৰ পিছত এপইন্টমেন্টৰ ২৪ ঘন্টা আগলৈ কেনচেল কৰিব পাৰিব নিযুক্তি প্ৰক্ৰিয়া। তেতিয়া আৰ.এ.চিৰ লোকসকলে সুবিধা পাব।
 ৮) এই ব্যবস্হা যদি সফল হ’য় তেন্তে ট্ৰান্সফাৰৰ ক্ষেত্রতো এই নিয়ম প্ৰযোজ্য কৰা হ’ব।
আমিও আশা কৰিছো যাতে এই নিয়ম অতি সোনকালে প্ৰযোজ্য হয় । তেতিয়া অন্ততঃ সকলো নিবনুৱাই সমানে সুযোগ পাব। টকা যিহেতু লাগিবই তেন্তে চৰকাৰে চিধাচিধিকৈ লওক।