ধুবুৰীত অপ্ৰতিৰোধ্য বদৰুদ্দিন আজমল..

5059

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


সংখ্যালঘূ ভোটাৰৰ আধিপত্য থকা ধুবুৰী লোকসভা সমষ্টি এসময়ত কংগ্ৰেছৰ দুৰ্গ আছিল। ১৯৭১ চনৰ পৰা ২০০৪ চনলৈ একেৰাহে ৯ বাৰ ইয়াৰ পৰা বিজয়ী হৈছিল কংগ্ৰেছ দল। বদৰুদ্দিন আজমলে এআইইউডিএফ গঠন কৰাৰ পিছত ধুবুৰী লোকসভা সমষ্টিৰ সমীকৰণ সলনি হয়। যোৱা দুটা নিৰ্বাচন ক্ৰমে ২০০৯ আৰু ২০১৪ চনত ইয়াৰ পৰা বিপুল ভোটৰ ব্যবধানত বিজয়ী হয় আজমল।
২০০৯ চনত আজমলে কংগ্ৰেছৰ আনোৱাৰ হুছেইনক ২ লাখ ভোটৰ ব্যবধানত পৰাজিত কৰিছিল। ২০১৪ত ৱাজেদ আলি চৌধুৰীৰ বিৰুদ্ধে এই ব্যবধান বাঢ়ি ২.৫ লাখ হয়। অবশ্যে যোৱা বিধান সভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বিধান সভা বিলাকৰ ভোটৰ হিচাপ কৰিলে দেখা যায় যে এআইইউডিএফ আৰু কংগ্ৰেছ ৰ মাজত ভোটৰ ব্যবধান বহুখিনি কমিছে।
ধুবুৰী লোকসভাৰ অন্তৰ্গত বিধানসভা সমষ্টিবোৰত কংগ্ৰেছ আৰু এআইইউডিএফে পোৱা ভোটৰ পৰিমান তলত উল্লেখ কৰা হ’ল।
আজমল নিজে দক্ষিণ শালমাৰা বিধান সভা সমষ্টিৰ পৰা পৰাজিত হৈছিল। সৰ্বত্ৰে চৰ্চা হৈছিল ২০১৯ত আজমলক ধুবুৰী লোকসভা সমষ্টিত পৰাজিত কৰিব পৰা যাব নেকি? বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰ সকল যদি বিজেপিৰ বিৰুদ্ধে একত্রিত হৈ কংগ্ৰেছক ভোট দিয়াৰ সিদ্ধান্ত লয়, তেতিয়া বিপদত পৰিব নেকি আজমল?
ৰাজনীতি অসমে জুলাই মাহত এটা অ’পিনিয়ন প’ল কৰিছিল য’ত আমি অসমৰ শ্ৰেষ্ঠ সাংসদ জনৰ বিষয়ে ৰাইজৰ মতামত জনাৰ প্ৰয়াস কৰিছিলো। এই অ’পিনিয়ন প’লত বদৰুদ্দিন আজমলে ৰাইজৰ ব্যাপক সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ৩১.৭০% ভোটেৰে দুই নম্বৰ স্হান অধিকাৰ কৰিছিল। তাৰ উপৰিও ধুবুৰীৰ জনসাধাৰণে আজমলৰ সমৰ্থনত আমাৰ ফেচবুক পেজত বিভিন্ন মন্তব্য কৰিছিল। এইটোৱে প্ৰমাণ কৰে যে আজমলৰ ভেটি এতিয়াও অটুট আছে। ধুবুৰীৰ বহু মানুহৰ লগত কথা পাতি আমি গম পাইছো যে বদৰুদ্দিন আজমল আজিও তাত আগৰ সমানে জনপ্ৰিয়। আজমলে দিল্লীত ভাল কাম কৰা বুলি ধুবুৰীৰ জনসাধাৰনে বিশ্বাস কৰে । কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফৰ মিত্রতা হওকে বা নহওকে,   লোকসভা নিৰ্বাচনৰ প্ৰায় ৬ মাহ আগত এইটো কব পাৰি যে ধুবুৰীত অপ্ৰতিৰোধ্য বদৰুদ্দিন আজমল।