নতুন বছৰ, ৰাজনীতি আৰু অলপ ধেমালি

1943

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস আৰু ইয়াত উল্লেখিত সকলো চৰিত্র কাল্পনিক)

  • তাৰক দাস

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


(১)
বিমন্ত বিশ্ব শৰ্মাঃ ছাৰ…ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো। আপোনাকে প্ৰথম ফোন কৰিলো।
কৰুণ গগৈঃ অন্তৰ খন ভৰি গ’ল । একেবাৰে পুৰণি কথা বিলাক মনত পৰি গ’ল হে? হেমন্ত; তোমাক নতুন বছৰত কি উপহাৰ দিম?
বিমন্ত বিশ্ব শৰ্মাঃ একো নালাগে ছাৰ…পাৰে যদি মোৰ নামটো শুদ্ধকৈ কব।  আজি ইমান বছৰ পিছতো হেমন্ত বুলিয়েই মাতি আছে। সেইকাৰণে মই প্ৰত্যেক বছৰৰ ১ তাৰিখে ফোন কৰো…কিজানি এইবাৰ ?
কৰুণ গগৈঃ মিছা কলে কি হ’ব? ময়ো জানি শুনিয়েই ভুল কৰো..১ তাৰিখে তোমাৰ ফোনটো নাহিলে কিবা ভাল নালাগে হে..
    (২)
সোণোৱালঃ Happy new year 19
শ্বাহঃ Happy new year 21
সোণোৱালঃ আগতীয়াকৈ দিলে নেকি ২১ৰ বাবে?
শ্বাহঃ নহয় হে! মোক উত্তৰ পূৰ্বাঞ্চলৰ পৰা ২১ খন আসন লাগে, ১৯ খন নহয়।
(৩)
গোহাঁইঃ হেপ্পি নিউ ইয়াৰ ভাইজান…নতুন বছৰত কুকুৰৰ পৰা সাবধানে থাকিব।
আজমলঃ হেপ্পি নিউ ইয়াৰ। আপুনিও নতুন বছৰত ৰাতি ৰাতি সোনকালে ঘৰলৈ যাব। কুকুৰে কামুৰিলে ওলোটাকৈ আপোনাক ইনজেকছন দিব লাগিব।
(৪)
৩ ৰাজ্যত বিজেপি পৰাজিত হোৱাৰ পিছত দুজন বিজেপি মুখ্যমন্ত্রীৰ আনন্দ।
মুখ্যমন্ত্রী ১ঃ মনটো কিমান যে ভাল লাগিছে..৩ জন কমিলে, আমাৰ মিটিং বিলাকত ইমান হেচা থেলা হয়।
মুখ্যমন্ত্রী ২ঃ অন্য নহলেও আমাৰ মুখ্যমন্ত্রীৰ ফটো চেচনত বহাৰ বাবে চকী তিনিখন খালি হ’ল। ইমান সময় ঠিয় দি থাকি বিৰক্তি লাগেহে।
(৫)
পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত বাতৰি কাকতৰ দুই সম্পাদকৰ মাজত কথোপকথন:
সহকাৰী সম্পাদকঃ যোৱাকালি লেখিছিলো কংগ্ৰেছৰ হাঁতত ধৰাশায়ী বিজেপি।  আজি কি হেডলাইন দিম?
মুখ্য সম্পাদকঃ আজি উল্টা কৰি দিয়া।
(৬)
পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত দুই কংগ্ৰেছ নেতাৰ মাজত বাৰ্তালাপ:
প্ৰথমঃ পঞ্চায়ত নিৰ্বাচন আৰু কেইমাহমান পিছত হোৱা হলে ভাল আছিল।
দ্বিতীয়ঃ কিয়?
প্ৰথমঃ ৩ ৰাজ্যৰ বিজয় ভালকৈ চেলিব্ৰেট কৰিব নোৱাৰিলো।
(৭)
কংগ্ৰেছী ১ঃ ই.ভি.এম বিলাকত সচাকৈ গণ্ডগোল আছে নেকি?
কংগ্ৰেছী ২ঃ আমিতো এইবাৰ জিকিলো ৩ ৰাজ্যত।
কংগ্ৰেছী ১ঃ সেই কাৰণেতো কৈছো।
(৮)
সোণোৱালঃ কিয় জানো আমাৰ ৰাষ্ট্ৰীয় সভাপতিয়ে মোৰ ফোনটো কাটি দিলে?
শৰ্মাঃ কি নো কৈছিল?
সোণোৱালঃ মইতো ভাল খবৰ এটা দিবলৈ হে ফোন কৰিছিলো। মিজোৰামত নেডা জিকাৰ বাবে শুভেচ্ছা দিলো, আৰু সেইফালৰ পৰা ফোনটো কাটি দিলে।