বন্ধু ইব্ৰাহীম , মোগল , নাচিৰুদ্দিন শ্বাহ আৰু হেপ্পি নিউ ইয়েৰ

2027

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)

[দৃশ্য ১]
৯২- ৯৩ চন ,  স্কুলত আমি ।  ঘৰৰ পৰা ৪০০ মিটাৰ দুৰত স্কুল । ৰেডিঅ’ৰ চিত্ৰগীত শেষ হয় আৰু লগে লগে  স্কুললৈ খোজ । প্ৰথম বেঞ্চত বহাৰ ইচ্ছা আগতেও নাছিল আৰু এতিয়াও নাই । দৰ্জাৰ কাষত বহিবলৈ পালেই যথেষ্ট ; কাৰণ লেজাৰৰ ‘ বেল ‘ পৰাৰ লগে লগেই  ঘুগনিৰ দোকানৰ ডেক্সখনত বহিব পাৰিলেই হ’ল । একলগে পঢ়া , খেলা আৰু খোৱাই স্কুলৰ দিনবোৰক সদায় চিৰসেউজ কৰি ৰাখে । লগৰ এজন আছিল ইব্ৰাহীম । গাওঁৰ পৰা আহে । গাওঁখন হেনো  নদীৰ পাৰত আছিল । বন্ধুজন আমাৰ বাকী বোৰতকৈ অলপ বেলেগ আছিল । এতিয়াৰ কথা হয়টো বেলেগ , কিন্তু আমাৰ দিনত সমাজ অধ্যয়ন বা ইংৰাজীৰ ক্লাচত প্ৰতিজনকে পঢ়িব দিয়া হৈছিল ।   ‘অসম ‘ শব্দটো উচ্চাৰণ কৰিছিল ‘ অহম ‘ বুলি । সকলোৱে হাঁহিছিল । এইয়া আছিল ক্লাচ ফাইভৰ কথা । আমি ভাবিছিলো পঢ়াত অলপ কেঁচা আছিল কাৰণে হয়টো উচ্চাৰণ ভুল হৈছিল । ক্লাছ চেভেন নে এইট পালো । এতিয়া কিন্তু আগৰ দৰে পঢ়িব নিদিয়ে । ইব্ৰাহীম আমাৰ ক্লাচত নাই । পৰীক্ষা বেয়া হোৱা কাৰণে স্কুল সলনি কৰিছিল । সমাজ অধ্যয়নৰ পাঠত পঢ়িলো ন- অসমীয়া মুছলমান । এবছৰ আগতেই এৰা এৰি হোৱা ইব্ৰাহীম আছিল ন- অসমীয়া মুছলমান __ তেতিয়াৰ এজন স্কুলীয়া ছাত্ৰৰ
অনুভৱ । আজি ২৪ – ২৫ বছৰ পিছত ইব্ৰাহীমক মনত পৰিলেই , চকুত ভাহি আহে সেই সমাজবিদ্যাৰ কিতাপখন । কোন (পণ্ডিত! )ব্যক্তিয়ে কিতাপখন পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিছিল । ন – অসমীয়া মুছলমান যদি ইব্ৰাহীম তেন্তে পুৰণি অসমীয়া মুছলমান কোন ?  পুৰণি অসমীয়া মুছলমান যদি আমি সদায় ক্ৰিকেট খেলি ডাঙৰ হোৱা বন্ধু বান্ধৱ খিনি হয় তেন্তে পুৰণি অসমীয়া হিন্দু কোন ?  পুৰণি অসমীয়া হিন্দু যদি আছে তেন্তে ন- অসমীয়া হিন্দু কোন ?   বিভ্ৰান্তি বিলাক এতিয়া হৈছে আৰু প্ৰশ্নৰ উত্তৰ বিলাক গৌণ হৈ গৈ আছে ।
       [দৃশ্য ২ ]
চুলি কাটিবলৈ দেউতাৰ লগত যাওঁ । চাইকেলৰ আগৰ সৰু চিটতো ভ্ৰমণ বিলাষী যাত্ৰা । ধুতী পিন্ধা বয়সীয়াল মানুহজন দেউতাৰ পচন্দৰ নাপিত । ভঙা ভঙা অসমীয়া কয় __ ভাইটিটো ৱাইটি যেন শুনিছিলো । চহৰৰ মাজমজিয়াত তেওঁৰ চেলুনখন । চকীখনত পিৰা এখন দিয়াৰ পিছতহে আইনাত মুখখন দেখা পাওঁ । চেলুনৰ দেক্সখনৰ ৰেডিঅ’টোত  বাজি থাকে টমা টমা ল’গে’  ;  বহু বছৰ একেই পৰিবেশতে চুলি কাটিলো । চিনাকী পৰিবেশ । কিন্তু চিনাকী পৰিবেশটোত সদায় অচিনাকী আছিল এখন ফটো । টুপি পৰিহিত জোঙা গোফেৰে সৈতে এজন যুবক । কিয় জানো কাকো সোধাই নহ’ল __কাৰ ফটো ,কি নাম মানুহজনৰ ।  সেইবিলাক আছিল ৯২-৯৩ চনৰ কথা ।  প্ৰায় ১০ বছৰ পিছত অজয় দেৱগণৰ চিনেমা লিজেন্দ অৱ ভগৎ সিং চাই ভাবিলো __ সেই চেলুনত দেখা ফটোখনেই আছিল  ভগত সিংৰ  ।
              [দৃশ্য ৩ ]  
৯২ ‘ বিশ্বকাপ ক্ৰিকেট । তিনিজন খেলুৱৈ মাৰ্টিন ক্ৰ’ , ইমৰাণ খান আৰু দিপক পেটেল । পুৱা ৰাতি ৩- ৪ টাৰ পৰা খেল আৰম্ভ হয় । ইমৰাণ খান হিট যিহেতু পাকিস্তান চেম্পিয়ন , মাৰ্টিন ক্ৰ’ নিউজিলেণ্ডৰ নায়ক আৰু এজন খেলুৱৈক পাহৰিব পৰা নাই ; দিপক পেটেল । খেলৰ আৰম্ভণী কৰিছিল স্পিন বলিংৰে ; তাতে আকৌ দেখাত আমাৰ ভাৰতীয় মানুহৰ দৰেই । পেটেল শব্দটো প্ৰথম শুনিছিলো । চৰ্দাৰ পেটেল কোন জনাৰ উপায় নাই , শিশু মন শিশু দিৱষেই জানিছিলো ।
  [দৃশ্য ৪ ]
সেইযে প্ৰথম শ্ৰেণীত পঢ়িছিলো ‘ মই হ’ম আবুল কালাম আজাদ ‘  __ আজাদৰ  তাতেই আৰম্ভনী , তাতেই শেষ । সমাজবিদ্যাৰ কিতাপখনত নেতাজীৰ জীৱন শেষ হয় ৫ টা শাৰীত । নেতাজী নাম পোৱা মাত্ৰকেই , নেতাজী মৃত্যু হয় বিমান দুৰ্ঘটনাত । তিনিটা শব্দত শেষ তিনিজন ব্যক্তিৰ জীৱন কাহিনী ‘ লাল -ৱাল – পাল ‘ । মোগল আৰু ইষ্ট ইণ্ডিয়া কোম্পানীত শেষ হয় প্ৰাক স্বাধীনতা কালৰ বুৰঞ্জী । বাবৰ আহিল , যুদ্ধ জয় কৰিল আৰু দিল্লীত বহিল । কিমানজন সৈনিক লৈ বাবৰে ভাৰতত সোমাইছিল উল্লেখ নাই । ৰাজপুত বীৰ চৌহান , মাৰাঠা বীৰ যোদ্ধা শিবাজী আৰু মুছলমান আক্ৰমণকাৰী বাৱৰ । বাৱৰক যদি ধৰ্মৰে চিনাকী দিয়া হয় তেন্তে শিৱাজীক কিয় হিন্দুৰে চিনাকী দিয়া নহ’ল ?  যিখন কিতাপত ন- অসমীয়া মুছলমানৰ সংজ্ঞা দিয়া হ’ল , সেই একেখন কিতাপত কিয় দিয়া নহ’ল স্বদেশী অসমীয়া মুছলমানৰ সংজ্ঞা  ?
[দৃশ্য ৫ ]
কোনোবা মুছলমান সম্প্ৰদায়ৰ মানুহৰ  এটা মাত্ৰ সাম্প্ৰদায়িক ভাষ্যতে চ’চিয়েল মিডিয়া  তীক্ততাপূৰ্ণ মন্তব্যৰে ভৰি পৰে । এজন মুছলমান মানুহৰ মন্তব্যক কেন্দ্ৰ কৰি গোটেই সম্প্ৰদায়টোকে কাঠঘৰাত থিয় কৰোৱা হয় । অন্যহাতে এজন হিন্দু মানুহৰ সাম্প্ৰদায়িক মন্তব্যক কেন্দ্ৰ কৰি গোটেই দেশক অসহিষ্ণু আখ্যা দিয়া হয় । কথাই কথাই সংবিধানৰ অধিকাৰৰ প্ৰসংগ অনা হয় ।
এইকেইদিন মিডিয়াত বহুল চৰ্চিত নাচিৰুদ্দিন শ্বাহৰ মন্তব্যই মানুহৰ মন মগজুত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কোন এই নাচিৰুদ্দিন শ্বাহ ? মুম্বাইৰ মায়াজগতৰ এজন প্ৰতিষ্ঠিত অভিনেতা ; যাক ইলাইট ক্লাচ বুলি কোৱা হয় । এই ইলাইট ক্লাচত জাতি , ধৰ্মৰ জাত – পাতৰ কোনো অস্তিত্ব
নাই । তেনেস্থলত তেওঁ কৰা মন্তব্যৰ লগত সাধাৰণ শ্ৰেণীৰ মুছলমান ধৰ্মৰ মানুহৰ মুঠেও অভিজ্ঞতা নাই । কিন্তু কি উদ্দেশ্যত নাচিৰ চাহাবে এই মন্তব্য কৰিলে আমি জনা উচিত । তেওঁৰ মন্তব্যটোক চ’চিয়েল মিডিয়াত সমালোচিত হ’ব আৰু তাতোকৈ বেছি নাচিৰ চাহাবক কেন্দ্ৰ কৰি একাংশই তেওঁক পাকিস্তানত যাবলৈ নিৰ্দেশ দিব ইত্যাদি ইত্যাদি । তেনেস্থলত তেওঁ কাৰ লাভ কৰিব ?  একাংশ মানুহৰ মাজত ধৰ্ম কেন্দ্ৰীক বিভেদ আৰু অবিশ্বাসৰ ভাব সৃষ্টি হ’ব ।  ইয়াৰ আগতে আমিৰ খানেও এনেকুৱা মন্তৱ্য কৰিছিল । কিন্তু কথা হ’ল অজস্ৰ গুণমুগ্ধ থকা এই চেলিব্ৰিটিসকলে কিয় এবাৰো নকয় যে  তেওঁৰ ডিএনএ আৰু আন হিন্দু মানুহৰ ডিএনএ একেডালেই ।
[দৃশ্য ৬ ]
” দাদা হেপী নিউ ইয়েৰ ” পেপাৰ দিয়া ল’ৰা জনে পুৱাই ক’লে ।
” অ’ চেম টু ইউ ” মইয়ো ক’লো ।
নতুন বছৰৰ প্ৰাসংগিক চিন্তাবোৰ বিখ্যাত ব্যক্তি সকলে প্ৰথম পৃষ্ঠাত লিখিছে । মাত্ৰ কেইমাহমান আগত একেখিনি কথাই লিখিছিল দুৰ্গা পুজাৰ বিশেষ সংখ্যাটোত । দুদিন আগত বৰদিনৰ শুভেচ্ছা দিওঁতে নেতা সকলে একেখিনি কথাই কৈছিল । মাত্ৰ দুই সপ্তাহ পিছত আহি থকা উৰুকাৰ ওলগ জনাই নিবন্ধ আৰু কবিতা লিখি আজিৰ কথাখিনি আকৌ এবাৰ পুণৰাবৃত্তি কৰিব । এইয়াই লীলা
 প্ৰকৃতিৰ । চন্দ্ৰটোৱে যিদৰে সুৰ্য্যক তোষামোদ কৰি নিজৰ অস্তিত্ব ৰাখে , একেদৰে দিনবোৰেও কেলেণ্ডাৰখনক তোষামোদ কৰি নিজকে জাহিৰ কৰি থাকে ।
” দাদা , চাহ ” __ ভনী জনীয়ে ষ্টিলৰ গিলাচটো হাতত দি যায় ।
“হেপী নিউ ইয়াৰ ” __ তাইক ক’লো ।
” চাহত চেনী দিয়া নাই , আজিৰ পৰা চেনী খোৱা বন্ধ ___নিউ ইয়েৰ ৰিজ’লুচন , চেম টু ইউ “……..