বলিউদ স্টাইলত অসমৰ পঞ্চায়ত নিৰ্বাচন

1833

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস আৰু ইয়াত উল্লেখিত সকলো চৰিত্র কাল্পনিক)

  • চবিন বসুমতাৰী

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


মাহজোৰা ব্যস্ততা, ৰাজনৈতিক দলবিলাকৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ , টি ভি ষ্টুডিঅ’ত তৰ্ক-বিতৰ্ক আদিৰ মাজেদি অন্ত পৰিল পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচনৰ সময়ত অসমৰ গাওঁ বিলাকত হেলিকপ্টাৰ উৰিল, নেতাবিলাকৰ মুখত আমোদজনক কথা শুনিবলৈ পোৱা গ’ল, মিত্র শত্ৰু হ’ল  তথা শত্ৰু মিত্ৰ হ’ল। মুঠতে এই নিৰ্বাচনত আছিল এখন বলিউদৰ চিনেমাত থকা সকলো উপাদান। সেয়েহে আমি এই বিষয়ে কথা পাতিবলৈ ৰাইজৰ ওচৰ চাপিলো আৰু বহুজনে আমাক নিৰ্বাচনৰ সময়ত হোৱা বিভিন্ন পৰিঘটনা বিলাক বলিউদৰ ষ্টাইলত বৰ্ণনা কৰিলে…
১) হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ইছুত অগপক ভালকৈ ধুলে। হিন্দু বাংলাদেশী ইছুত সৰব হৈ থকা অগপক ৫১-৭১ ক লৈ ওলোটাকৈ থকা সৰাকা কৰিলে শৰ্মাই। ৰাইজে এইটোক ৰাজকুমাৰৰ বিখ্যাত ডাইল’গ এটাৰ লগত তুলনা কৰিলে। সেইটো হ’ল ..চিচে কে ঘৰো মে ৰেহনে ৱালে দুচৰো পৰ পাত্থৰ নেহি ফেকা কৰতে।”
২) অগপ বিধায়ক পবীন্দ্ৰ ডেকাই আবেগত উটি ভাহি মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি ৰঞ্জিত দাসৰ বিৰুদ্ধে বহু কটুক্তি কৰে। ডেকাৰ নিজ সমষ্টিতে অগপৰ প্ৰদৰ্শন শোচনীয়। ভিতৰুৱা খবৰ অনুসৰি মিত্ৰতা হ’লেও বিজেপিয়ে এইবাৰ পাটাচাৰকুছি অগপক এৰি নিদিয়ে। ৰাইজৰ মনত পৰিছে ‘শ্বোলে’ চিনেমাৰ সেই বিখ্যাত ডাইলগটোলৈ ..’অব তেৰা ক্যা হোগা কালিয়া ?’…
৩) সংখ্যালঘু সমষ্টিবিলাকত কংগ্ৰেছৰ উত্থানক খুব সুন্দৰ ভাবে উপস্হাপন কৰিছে ‘খুদা গৱাহ’ চিনেমাখনৰ এই গানটোৱে “মে তুঝে কবুল ..তু মুঝে কবুল..ইচ বাত কা গৱাহ খুদা…খুদা গৱাহ”
৪) চাৰিওটা মুখ্য দলৰ সভাপতিৰ নিজ নিজ সমষ্টিত প্ৰদৰ্শন খুব বেয়া। “হমেটো আপনোনে লুটা…গেয়ৰো মে কহা দম থা”…
৫) বিজেপি-কংগ্ৰেছৰ ইমান প্ৰচেষ্টাৰ পিছতো বঙাইগাঁৱত ফণীভূষণ চৌধুৰীক পৰাজিত কৰিব নোৱাৰিলে। থিক শিবাজী চিনেমাত ৰজনীকান্তে কোৱাৰ নিচিনা “চুৱৰ টো ঝুন্দ মে আতা হে…শ্বেৰ আকেলা হি কাফী হে।”
৬) প্ৰফুল্ল কুমাৰ মহন্তৰ মতে গুপ্ত হত্যা কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত হৈছিল। স্বাভাবিকতে আজ্ঞাকাৰী মহন্তৰ বাবে ৰাইজৰ মুখত এইটো গান “নন্না মুন্না ৰাহী হু…দেচ কা চিপাহী হু…”
৭) পবীন্দ্ৰ ডেকা, সত্যব্ৰত কলিতা, নৰেন সোনোৱাল আদিয়ে হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰাৰ পিছত শৰ্মাই তেওঁলোকক ২০১৬ চনৰ কথা মনত পেলাই দিলে। কেনেদৰে ২০১৬ বিধানসভা নিৰ্বাচনৰ সময়ত শৰ্মাই তেওঁলোকৰ বাবে নিৰ্বাচনী সভা বিলাকত প্ৰচাৰ কৰিছিল। এইবাৰ নেপথ্যত বাজি উঠিল এটা অসমীয়া গান…’জীবনৰে প্ৰতি পল যাৰ বাবে বিলাই দিলি সিহতৰো আজি তোৰ বাবে ভাবিবৰ আহৰি নাই”..
৮) শেষত অগপ-বিজেপিৰ মিত্রতাক ‘হিয়া দিয়া নিয়া’ চিনেমাৰ এই গানটোৰে বৰ্ণনা কৰিছে এজন সদাশয় ব্যক্তিয়ে ..”নহ’লে পৰিচয় হিয়াৰে চিনাকি যানো কোনো হ’ব পাৰে…”