বাপুকণৰ টাইম মেচিনত ২০১৯ৰ ফলাফল

1715
(এই লেখনিৰ উদ্দেশ্য হাস্যৰস আৰু ইয়াত উল্লেখিত সকলো চৰিত্র কাল্পনিক)
কমেডি ডেস্ক, ৰাজনীতি অসম

বৰ্তমান নিৰ্বাচনী বতাহে গোটেই দেশখনকে আবৰি ধৰিছে। ৰাস্তা- ঘাট সকলোতে কেবল ৰাজনীতিৰ কথা। বাদ পৰি যোৱা নাই চাহৰ দোকান, বাছ, ৰেল বা অফিচ-কাচাৰী। সকলোতে কোনে জিকিব, অমুকে কেইখন আসন পাব তাৰ হিচাপ নিকাচ। কোনোৱে যদি কয় নমো পুনৰ প্ৰধান মন্ত্রী হ’ব, আন কোনোৱে কয় ডেকা লৰাজনে চাঞ্চ পাই যাব পাৰে। আন কাৰোবাৰ মতে আকৌ কলিকতাৰ বাইদেউ বা অন্দ্ৰপ্ৰদেশৰ জেঠাও প্ৰধানমন্ত্রী হৈ যাব পাৰে। মোৰ কিন্তু এইবোৰ টেনচন নাই। ৰাজনীতি অসমৰ আগৰ খণ্ডটোতে কৈছিলো যে মোৰ বন্ধু বাপুকণে এটা টাইম মেচিন পাইছে। সি ভবিষ্যতে কি ঘটনা হ’ব সকলো তাত চাই কৈ দিব পাৰে। সি ২০১৯ ত প্ৰধানমন্ত্রী কোন হ’ব সেইটো জনাৰ উপৰিও জানে যে কেবিনেটত কোন কোন মন্ত্রী থাকিব। তাৰ উপৰিও নিৰ্বাচনৰ ফলাফলৰ সকলো তথ্য সি আগতিয়াকে জানি লৈছে। মই মনৰ খুদুৱনি মাৰিব নোৱাৰি তাক ২০১৯ নিৰ্বাচনী ফলাফলৰ বিষয়ে সকলো কথা সুধি পেলালো। অতি গোপন  এইখিনি  তথ্য কেবল ৰাজনীতি অসমৰ পাঠকৰ বাবে। আপোনালোকলৈ অনুৰোধ যাতে এইখিনিৰ বিষয়ে বাহিৰত চৰ্চা নকৰে নহলে আকৌ সকলোৱে ই.ভি.এম কে শাপিব। মোৰ বাপুকনলৈ আছিল এই দহটা প্ৰশ্নঃ
১) অসমত গেৰুৱা দলে কিমান আসন পাব?
উত্তৰঃ ৮ খন
২)অসমৰ পৰা বেছি ভোটত কোন জিকিব ?
উত্তৰঃ কুইন বাইদেউ
৩) ২০১৯ত কোন প্ৰধানমন্ত্রী হ’ব?
উত্তৰঃ নমো
৪) নমোৰ দলে অকলে সংখ্যাগৰিষ্ঠতা পাবনে?
উত্তৰঃ নেপায়
৫) দাদাক কি বিভাগ দিব?
উত্তৰঃ নেপায়
৬) কেবিনেটত নতুন মুখ কোন থাকিব?
উত্তৰঃ মম্বিত পাত্র, বুধাংশু ত্রিবেদী, মুনম মাহাজন ইত্যাদি..
৭) বিত্ত মন্ত্রী কোন হ’ব?
উত্তৰঃ কমিত শ্বাহ
৮) অসমত হাতীয়ে কিমান পাব?
উত্তৰঃ শুন্য
৯) অসমত হাতে কিমান পাব?
উত্তৰঃ তিনি
১০) আগ্ৰামাৰ দলে কেইখন পাব ?
উত্তৰঃ শুন্য ।
বাপুকণৰ টাইম মেচিনটো ভালনে বেয়া সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব আৰু মাত্র ডেৰ মাহ।