প্ৰিয়ংকা চোপ্ৰাক লৈ সস্তীয়া ৰাজনীতি

1603

■ তাৰক দাস


‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


অসমত প্ৰলয়ংকাৰী বানপানী। ক্ষতিগ্ৰস্হ প্ৰায় সকলোকেইখন জিলাৰ মানুহ। অসমৰ এখন অখ্যাত গাওঁত মানুহ ককবকাই থকাৰ মুহুৰ্ততে আবিৰ্ভাব হ’ল এখন হেলিকপ্তাৰ। হেলিকপ্তাৰৰ পৰা নামি আহিল অসম পৰ্য্যটনৰ ব্ৰেণ্ড এম্বাচাদৰ প্ৰিয়ংকা চোপ্ৰা। প্ৰিয়ংকাই বানৰ কবলত পৰা মানুহবিলাকক সুৰক্ষিত স্হানলৈ লৈ গ’ল আৰু লগতে বিতৰন কৰিলে খাদ্য সামগ্ৰী। তাৰ পিছত প্ৰিয়ংকা ৰাওনা হ’ল অন্য এখন গাওঁলৈ।
অসমৰ বহু মানুহে বানপানী আহিলেই এনে এটা দৃশ্যৰ কল্পনা কৰে বুলি মনে ধৰে। চ’চিয়েল মিডিয়াত বহুতে অসমৰ বিপদৰ সময়ত প্ৰিয়ংকা চোপ্ৰাৰ অনুপস্হিকলৈ প্ৰশ্ন কৰা দেখা যায়। কিন্ত্ত প্ৰশ্ন হ’য় এই কথাটো কিমান সমিচীন? অসম পৰ্য্যটনক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ নিমিত্তে অসম চৰকাৰক দৰকাৰ হৈছিল এজন আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ শিল্পীৰ। কোৱা বাহুল্য যে বলিউদত নিজৰ অভিনয়ৰে এটা সুকীয়া স্হান দখল কৰিবলৈ সক্ষম হৈছিল প্ৰিয়ংকা চোপ্ৰাই। ফ্লিমফেয়াৰকে আদি কৰি বহুকেইটা পুৰস্কাৰ লাভ কৰিবলৈও সক্ষম হ’য় অভিনেত্রী গৰাকীয়ে। এতিয়া হলিউদটো নিজৰ অভিনয়ৰ যাদু দেখুৱাইছে প্ৰিয়ংকা চোপ্ৰাই। প্ৰিয়ংকা চোপ্ৰাক দৰকাৰ আছিল অসম চৰকাৰৰ। প্ৰিয়ংকা চোপ্ৰাই বিচাৰি অহা নাছিল অসম পৰ্য্যটনৰ ব্ৰেণ্ড এম্বাচাদৰৰ পদ। অসম চৰকাৰ আৰু প্ৰিয়ংকাৰ মাজত বানিজ্যিক চুক্তি হৈছে যত প্ৰিয়ংকাই বিজ্ঞাপনত অংশগ্ৰহণ কৰাৰ বাবে এটা নিৰ্দিষ্ট পাৰিশ্ৰমিক ল’ব।
প্ৰিয়ংকা অসমৰ জীয়ৰী বা বোৱাৰী নহয়। অসমবাসীৰ দুখত এজন অসমীয়াৰ অন্তৰ যেনেকৈ কান্দি উঠে আমি তেনে আশা প্ৰিয়ংকাৰ পৰা কৰিব নোৱাৰো। তাৰোপৰি বলিউদ-হলিউদত অত্যন্ত ব্যস্ত থকা প্ৰিয়ংকাৰ পৰা আমি অসমৰ বানপানীৰ বাবে সময় উলিওৱাৰ কথা চিন্তা নকৰাই ভাল। তাৰ বিপৰীতে অসমীয়া তাৰকা সকল, অৰাজনৈতিক নেতাসকল আৰু অসমীয়াৰ ভোট পোৱা সকল অসমৰ বানপানীকলৈ কিমান চিন্তিত তাক পৰ্য্যালোচনা কৰা উচিত। বলিউদত নিজৰ স্তিতি মজবুত কৰা পাপন বা আদিল হুছেইনে অসমৰ বানপানীৰ বাবে কি কৰিছে? তেওঁলোকটো অসমীয়া। ইচ্ছা কৰিলে বলিউদৰ অন্ন শিল্পীসকলৰ লগত কথা পাতি অসমৰ বাবে কিবা এটা কৰিব পাৰে এওলোকে।
কিন্তু আমি সকলে আশাপালি আছো প্ৰিয়ংকা চোপ্ৰাৰ বাবে। হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে টুইট কৰি জনাইছে যে প্ৰিয়ংকাৰ লগত চুক্তি সমাপ্ত হৈছে। প্ৰিয়ংকা চোপ্ৰা এতিয়া আৰু অসম পৰ্য্যটনৰ ব্ৰেণ্ড এম্বাচাদৰ নহয়। যদি প্ৰিয়ংকা ব্ৰেণ্ড এম্বাচাদৰ হৈও থাকিলহেতেন তথাপিও তেওঁ অসমৰ বানপানীৰ বাবে কিবা কৰিব লাগিবই বুলি আমি দাবী কৰিব নোৱাৰো। আমি প্ৰশ্ন কৰা উচিত যে মোদী বা ৰাহুল বানপানীৰ সময়ত অসমলৈ কিয় অহা নাই? অসমৰ বানপানী সমস্যা আন্তৰিকতাৰে সমাধান কৰিবলৈ বিজেপি আৰু কংগ্ৰেছে কি পদক্ষেপ লৈছে? তাকে নাকৰি যদি আমি বানপানীৰ সময়ত প্ৰিয়ংকাৰ নাম লৈ থাকো তেন্তে সমস্যাৰ সমাধান নোলাব।