ঘগ্ৰাপাৰ ৰেল ষ্টেচনত গান্ধী

1972
  • কালিচৰণ লহকৰ

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


মোহন দাস কৰমচান্দ গান্ধী ___মহা মানব মহাত্মা গান্ধীৰ জীৱনৰ শেষ অসম ভ্ৰমণ ‍১৯৪৬ চনত । ইয়াৰ আগতেও গান্ধীজী অসমলৈ তিনিবাৰ আহিছে ।

 তেতিয়া দ্বিতীয় বিশ্ব যুদ্ধ শেষ হৈছিল মাত্ৰ ।  বিশ্ব  যুদ্ধৰ আৰম্ভনীত বৃটিছে স্বাধীনতাৰ চৰ্তত  ভাৰতীয়সকলক বৃটিছৰ পক্ষত যুদ্ধত অংশগ্ৰহণ কৰিবলৈ সৈমান কৰে ।  ছাত্ৰ – ছাত্ৰী আৰু ডেকা যুবকসকলক প্ৰশিক্ষণ দিয়াৰ বাবে বাহাৰঘাট এম ভি স্কুলত এটা প্ৰশিক্ষণ শিবিৰ স্থাপন কৰা হৈছিল । পিছলৈ যুদ্ধৰ সময়ছোৱাত প্ৰশিক্ষণ শিবিৰটোক যুদ্ধৰ সৈনিকৰ শিবিৰ হিচাপেও ব্যৱহাৰ কৰা হৈছিল । প্ৰশিক্ষণ শিবিৰটোৰ কাৰণে এখন পৰিচালনা সমিটি গঠন কৰা হৈছিল । সভাপতি আছিল ধৰ্মকান্ত শৰ্মা আৰু সম্পাদক আছিল ধাৰেশ্বৰ শৰ্মা । কমিটিৰ আন সদস্যসকল আছিল কেশব চন্দ্ৰ ডেকা , যাদব দাস , হৰেন্দ্ৰ কলিতা , কেশব চন্দ্ৰ লহকৰ , কুচুম লহকৰ , নৰেন চৌধুৰী , উমা শৰ্মা আৰু লগতে বহুজন । এইখিনি মানুহৰ কথা মনত পৰিছে যদিও আৰু বহু ব্যক্তি জড়িত আছিল । মই , হেমকান্ত ডাউকা , শিবনাথ শৰ্মা , সুৰেণ লহকৰ , গৰ্গৰাম কলিতা ,কুশল কলিতা ,ব্ৰজপতি শৰ্মা , উত্তম কলিতা , ভদ্ৰ ভুঞাঁ , গোপাল লহকৰ , দুৰ্লভ কলিতা আছিলো কমিটিৰ সদস্যসকলৰ সহযোগী ।
তেতিয়া আমি হাইস্কুলৰ ছাত্ৰ । ১৯৪৬ চন । মহা মানব মহাত্মা গান্ধী অসমলৈ আহিব ।  গান্ধীজীৰ অসম ভ্ৰমনৰ কাৰ্য্যসুচী বাতৰি কাকতত প্ৰকাশ পাইছে । আমাৰ কামৰূপ জিলাৰ পশ্চিম বড়িগোগ কাৰ্য্যালয়ত পেপাৰ পঢ়িব পোৱা যায় । বাতৰি কাকতবোৰ পঢ়ি শুনাব লাগে । স্বাধীনতা যুঁজৰ শেষ সময়ছোৱা । ভাৰত বিভাজন , জিন্না , নেহেৰু , গোপীনাথ বৰদলৈ , এটলি , বৃটিছ সংসদ ,  মাউন্টবেটেন আদি শব্দবোৰেৰে বাতৰি মাতি শুনাও । প্ৰতিদিনৰ খবৰবোৰে নতুন আশা দিছিল আৰু মনৰ গোপন কোণত বিচ্ছেদৰ কলীয়া ডাৱৰখিনিকো অনুভৱ কৰিছিল । আবুল কালাম আজাদৰ বাতৰি মাতি শুনালে সকলোৰে অনুভব হৈছিল  ভাৰত বিভাজন হয়টো নহ’ব । কিন্তু পিছৰ দিনাখনেই যেতিয়া জিন্নাৰ বাতৰি পঢ়ো , তেতিয়া সকলোৰে মনবোৰ সেমেকি উঠিছিল । ১৯৪৬ ত কেবিনেট মিছন । বিভাজনতকৈও অধিক সংশয় হৈছিল অসমক পুব পাকিস্তানৰ লগত চামিলকৰণ । গোটেই কাকতখন পঢ়োতে কেতিয়াবা ৩ – ৪ ঘন্টা সময়ো লাগিছিল । এটা বাতৰি পঢ়ি শেষ কৰাৰ পিছত চোতালত আলোচনা হৈছিল । আলোচনাত কথাৰ কটি আমি প্ৰত্যক্ষ কৰি ৰৈ গৈছিলো । ক্লাচ ৯ ৰ ছাত্ৰ এজনে মাথো শুনি গৈছিলো । মাজতে দুই এজন  খুড়াই অলপ ধমকিৰ সুৰত কোৱা কথাবোৰ আজিও মনত আছে __” দে , তই মাতি থাক , তোৰ আৰু কি হ’ল ? ” …..
মাহটো মনত নাই । খৰালিৰ দিন ।  মহাত্মা গুৱাহাটীলৈ আহিব । কষ্টুৰ্বা গান্ধী আশ্ৰমখন তেওঁ নিজেই শুভাৰম্ভ কৰিব । কষ্টুৰ্বা গান্ধী স্মাৰক ট্ৰাষ্ট আৰু গ্ৰাম সেৱীকা বিদ্যালয়ৰ শুভাৰম্ভ ।
৪০ মাইলৰ বাট হ’লেও গুৱাহাটী যোৱা ইমান সহজ নাছিল । বাচেৰে পাণ্ডত নামিব লাগিব আৰু তাৰ পৰা ফেৰীৰে ব্ৰহ্মপুত্ৰ পাৰহৈ গুৱাহাটীত প্ৰবেশ । তেতিয়া শৰাইঘাট দলং হোৱা নাছিল । যথাদিনত মহাত্মা গুৱাহাটী আহি পালে ।  বাতৰি কাকত আৰু আমাৰ কংগ্ৰেছৰ নেতাসকলৰ মুখত শুনা খৱৰবোৰে আমাক গান্ধীজীৰ অসম ভ্ৰমনৰ কিছু জীয়া ছবি অনুভৱ কৰিবলৈ সুবিধা দিছিল ।  জ্বৰত পৰিছো । দুদিনমান বাতৰি কাকত পঢ়িব যোৱা নাই । বিশেষ একো খৱৰ পোৱা নাই । গান্ধীজীক চোৱাৰ হেপাহ ইতিমধ্যে দমন কৰিছিলো । ইয়াৰ মাজতে এদিন দুপৰীয়া  ভলেয়েন্টিয়া সতীৰ্থ কেইজনমান আমাৰ ঘৰলৈ আহিল ।  সতীৰ্থ  কৈলাশ শইকীয়াই ক’লে , ” ঐ,  গান্ধীজী গুৱাহাটীৰ ওভতাৰ সময়ত কেইটামান ৰেল ষ্টেচনত গাড়ী  ৰখাব আৰু মানুহে গাড়ীত সাক্ষাৎ কৰিব পাৰিব । “
মই ক’লো , ” হয় নেকি , বৰ ভাল হ’ব । পিছে ৰেল ক’ত ৰখাব ? “
___” আমি ঘগ্ৰাপাৰলৈ যাম । ঘগ্ৰাপাৰ ষ্টেচনত গাড়ী থামিব । “
কথা মতেই কাম । গান্ধীজী ওভতি যোৱাৰ দিনটো কাকতত আগতেই দিয়া আছিল । ৰাতিপুৱা মই , নগেন কলিতা , ধীৰেণ শইকীয়া , কৈলাশ চন্দ্ৰ শইকীয়া , পৃথুৰাম শইকীয়াই খোজ ল ‘লো । লক্ষস্থান ঘগ্ৰাপাৰ ৰেল ষ্টেচন । অলপ বোকা চাউল , দুই আখি মনোহৰ কল মোনাত বান্ধি খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিলো । চৌমুখা , মৌমাইতোলা , বৰখলা , চতমা , ননে ( এতিয়াৰ প্ৰস্তাবিত নলবাৰী মেডিকেল কলেজ অঞ্চল ) হৈ ঘগ্ৰাপাৰ পাওঁ । প্ৰায় ১৫ মাইল দুৰত্ব  ৪ ঘন্টাত  অতিক্ৰম কৰি  ঘগ্ৰাপাৰ ষ্টেচনত প্ৰবেশ কৰিলো ।  অপেক্ষা আছিল ভগৱান দৰ্শনৰ । কিছু সময় অপেক্ষা কৰাৰ পিছত লাহে লাহে কজলা ট্ৰেইন এখন ষ্টেচনত সোমাই আহিছে । চাৰিওফালে চিঞঁৰ , দৌৰা দৌৰি । আমাৰ ডেকা তেজত , ডেকা শক্তিৰ উন্মেষ হ’ল । সকলোকে পিছ কৰি ডবাৰ কাষলৈ গৈছো । ট্ৰেইন আমাৰ কাৰণে তেনেই অচিনাকী । কোনটো ডবাত গান্ধীজী আছে নেজানো । প্লেটফৰ্মত বহু মানুহ গোট খাইছে । ট্ৰেইনখনি থামি গ’ল । এটা নিৰ্দিষ্ট ডবাৰ সকলো খিৰিকী খুলি দিছে ।  গান্ধীজী ক’ত ?  বাকীবিলাকতকৈ আমি চাপৰ হোৱাহেতুকে সুবিধা হৈছিল । ডাঙৰবিলাকৰ কান্ধৰ তলেৰে গৈ খিৰিকিৰ কাষ পালো ।  আঠুলৈ ধুতি পিন্ধা মানুহ এজন থিয় হৈছে নিজৰ আসনৰ পৰা । নমস্কাৰ জানাইছে । ওখ মানুহজনে অলপ সন্মুখৰ পিনে হালি লৈ সকলোকেৰে ফালে হাত জোকাৰি জোকাৰি নমস্কাৰ দিছে ।  সেইজনেই আছিল মোহন দাস কৰমচান্দ গান্ধী , মহা মানব মহাত্মা গান্ধী । ট্ৰেইনৰ ভিতৰে বাহিৰে সকলোৱে শ্লোগান দিলে ‘ গান্ধীজীৰ জয় , ‘বন্দে মাতৰম ‘ ,  ‘ ভাৰত মাতা কি জয় ‘ । তেওঁৰ চাৱনি আমাৰ  মুৰৰ ওপৰেৰে গৈছিল বহু সময়ত , তথাপি ভগবানে আমাক দেখিছিল বুলি বিশ্বাস কৰো আৰু ভগৱানক ১ ফুট আতৰৰ  পৰা দেখা অভিজ্ঞতা আজিও সজীৱ আৰু মাত্ৰ দুইদিন আগৰ যেন অনুভব হয় ।
                                                           (লেখক :মুক্তিযুজাৰু প্ৰাক্তন প্ৰধান শিক্ষক কালিচৰণ লহকৰ )